পৰিচৰ্য্যা সভাৰ তালিকা
ফেব্ৰুৱাৰী ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪
১০ মি: স্থানীয় ঘোষণসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। সকলোকে চোভিয়েট গণৰাজ্যত বাস কৰা যিহোৱাৰ সাক্ষীসকল অত্যন্ত অত্যাচাৰতো বিশ্বাসী হৈ থাকিল নামৰ ভিডিঅখন চাই ফেব্ৰুৱাৰী ২৪ তাৰিখে সেৱা সভাত পৰিচালিত হʼবলগীয়া ভাগটোৰ বাবে সাজু হৈ আহিবলৈ উৎসাহিত কৰক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ ফেব্ৰুৱাৰী ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া প্ৰথমটো উপস্থাপন ব্যৱহাৰ কৰক) আৰু ফেব্ৰুৱাৰী ২২ সচেতন! আলোচনীখন বিতৰণ কৰিব পাৰি। প্ৰত্যেকটো উপস্থাপনত যদিও এখন আলোচনীৰ বাবে প্ৰদৰ্শন কৰা হয় তথাপিও একেলগে দুয়োখন আলোচনী গৃহস্থক দিয়ক।
৩৫ মি: “প্ৰচাৰ কৰি সম্পূৰ্ণকৈ সাক্ষী দিয়া।”a এই ভাগটো সেৱা অধ্যক্ষই পৰিচালনা কৰে। মাৰ্চ আৰু এপ্ৰিল মাহত সকলোকে সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ উৎসাহিত কৰক। যিসকলে যোৱা বছৰৰ স্মৰণীয় পৰ্বৰ সময়ছোৱাত অগ্ৰগামী কৰিছিল তেওঁলোকক মন্তব্য দিবলৈ আমন্ত্ৰণ কৰক। তেওঁলোকক এইদৰে সোধক, তেওঁলোকে কেনেকৈ অগ্ৰগামী সেৱা কৰিবলৈ ব্যৱস্থা কৰিছিল? তাৰ বাবে তেওঁলোকক কেনে প্ৰচেষ্টা আৰু সাল-সলনি কৰিবলগীয়া হৈছিল? তাৰ ফলস্বৰূপে তেওঁলোকে কেনে আশীৰ্ব্বাদৰ অভিজ্ঞতা হʼল? ৪ পৃষ্ঠাৰ বক্সত দিয়া তালিকাৰ আৰ্হিখনক আলোচনা কৰক। ঘোষণা কৰক যে যিসকলে সহযোগী অগ্ৰগামী সেৱা কৰিব বিচাৰে তেওঁলোকৰ বাবে সভা শেষ হোৱাৰ পিছত আৱেদন পত্ৰ উপলব্ধ কৰা হʼব।
গীত ৩০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফেব্ৰুৱাৰী ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৪৮
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। মাৰ্চ মাহত বিতৰণ কৰিবলগীয়া আলোচনীসমূহৰ বিষয়ে আলোচনা কৰক। জ্ঞান কিতাপখন বিতৰণৰ সম্পৰ্কে জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনত দিয়া এটা বা দুটা পৰামৰ্শক উল্লেখ কৰক। গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ লক্ষ্য ৰাখিবলৈ গুৰুত্ব দি উল্লেখ কৰক।
১০ মি: “চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম।” এই ভাগটো এটা ভাষণৰূপে পৰিচালনা কৰক। হʼবলগীয়া চাৰ্কিট সন্মিলনৰ তাৰিখটোৰ বিষয়ে ঘোষণা কৰক। সকলোকে তাত উপস্থিত হৈ মনোযোগেৰে কাৰ্য্যক্ৰমবোৰক শুনিবলৈ আগ্ৰহ কৰক। বাপ্তিষ্মা নোলোৱা প্ৰকাশকসকলক বাপ্তিষ্মা লʼবলৈ উপযুক্ত হোৱাৰ বিষয়ে বিবেচনা কৰিবলৈ উৎসাহিত কৰক। বাইবেল বিদ্যাৰ্থীসকলক তাত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰাত বিশেষ প্ৰচেষ্টা কৰক।
২৫ মি: “আপুনি কিহক প্ৰথম স্থান দিয়ে?”b আগতীয়াকৈ এজন বা দুজন প্ৰকাশকক তেওঁলোকৰ পৰিস্থিতিত সাল-সলনি কৰি পৰিচৰ্য্যা কাৰ্য্যত অধিককৈ অংশ লোৱাৰ সম্পৰ্কে মন্তব্য দিবলৈ ব্যৱস্থা কৰক।
গীত ৫৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ফেব্ৰুৱাৰী ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৭৪
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলো প্ৰকাশকক ফেব্ৰুৱাৰী মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ ফেব্ৰুৱাৰী ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ বাবে দিয়া তৃতীয়টো উপস্থাপন ব্যৱহাৰ কৰক) আৰু মাৰ্চ ৮ সচেতন! আলোচনীখন বিতৰণ কৰিব পাৰি। প্ৰত্যেকটো উপস্থাপনত যদিও এখন আলোচনীৰ বাবে প্ৰদৰ্শন কৰা হয় তথাপিও একেলগে দুয়োখন আলোচনী গৃহস্থক দিয়ক।
১০ মি: “উপযুক্ত সময়ত সহায় কৰা।” এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। যিহোৱাই যে তেওঁৰ লোকসকলৰ প্ৰতি প্ৰেমময়ৰূপে বিবেচনা কৰে তাক প্ৰতিফলিত কৰি নিষ্ক্ৰিয় হৈ পৰা প্ৰকাশকসকলক সহায় কৰিবলৈ কৰা বিশেষ প্ৰচেষ্টাক আলোকপাত কৰক।
২৫ মি: “ভিডিঅখনে আপোনাক অন্তৰ্দৃষ্টি প্ৰদান কৰি অনুপ্ৰেৰিত কৰিব!” শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ উল্লেখ কৰা প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰি চোভিয়েট গণৰাজ্যত বাস কৰা যিহোৱাৰ সাক্ষীসকল অত্যন্ত অত্যাচাৰতো বিশ্বাসী হৈ থাকিল নামৰ ভিডিঅখনৰ সম্পৰ্কে আলোচনা কৰক। শেষৰ প্ৰশ্নটোত দিবলগীয়া কেইবাটাও মন্তব্যৰ সমছোৱাত নিযুক্তি সময়ৰ প্ৰতি লক্ষ্য ৰাখক। ২০০২ চনৰ বাৰ্ষিক পুস্তক, ১৯২ পৃষ্ঠাত দিয়া বক্সটো পঢ়ি সমাপ্ত কৰক।
গীত ৫৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মাৰ্চ ৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১৪
১০ মি: স্থানীয় ঘোষণাসমূহ। “চাৰ্কিট সন্মিলনৰ নতুন কাৰ্য্যক্ৰম” বিষয়ে আলোচনা। হʼবলগীয়া চাৰ্কিট সন্মিলনৰ তাৰিখৰ বিষয়ে ঘোষণা কৰক আৰু সকলোৱে তাত উপস্থিত হৈ মনোযোগেৰে সম্পূৰ্ণ কাৰ্য্যক্ৰমক শুনিবলৈ উৎসাহিত কৰক। আগ্ৰহী ব্যক্তি আৰু বাইবেল বিদ্যাৰ্থীসকলক সন্মিলনত আমন্ত্ৰণ কৰিবলৈ প্ৰকাশকসকলক আগ্ৰহ কৰক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
২০ মি: “যেনেকৈ ধ্বংস কাষ চাপি আহিছে আপুনি সুবোধ আৰু সচেতন হওক।”c যেতিয়া ৩-৪ অনুচ্ছেদটো আলোচনা কৰা হয় তেতিয়া সকলো প্ৰকাশকক তেওঁলোকে বৰ্তমানে ৰাখা আধ্যাত্মিক লক্ষ্যসমূহৰ বিষয়ে কʼবলৈ আমন্ত্ৰণ কৰক। ঈশ্বৰক উপাসনা নামৰ কিতাপখনৰ ১৭৬ পৃষ্ঠাত দিয়া মন্তব্যসমূহ সন্মিলিত কৰক।
গীত ১২৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।