ভিডিঅখনে আপোনাক অন্তৰ্দৃষ্টি প্ৰদান কৰি অনুপ্ৰেৰিত কৰিব!
১৯৫১ চনৰ এপ্ৰিল মাহত পূৰ্বৰ চোভিয়েট গণৰাজ্যত বাস কৰা হাজাৰ হাজাৰ যিহোৱাৰ সাক্ষীসকলৰ সমস্ত পৰিয়ালক ৰেল গাড়ীৰ মালডবাবোৰত ভৰাই চাইবেৰীয়ালৈ দেশান্তৰিত কৰা হৈছিল। চোভিয়েট চৰকাৰে তেওঁলোকক কিয় সমূলিকৈ ধ্বংস কৰিবলৈ সিদ্ধান্ত লৈছিল? আমাৰ ভাই-ভনীসকলে বহু বছৰজুৰি একেৰাহে চলা নিৰ্য্যাতনাৰ স্বত্ত্বেও কেনেকৈ ৰক্ষা পালে? এই প্ৰশ্নসমূহৰ উত্তৰ আপুনি চোভিয়েট গণৰাজ্যত বাস কৰা যিহোৱাৰ সাক্ষীসকল অত্যন্ত অত্যাচাৰতো বিশ্বাসী হৈ থাকিল নামৰ ভিডিঅ চলচিত্ৰখন চোৱাৰ দ্বাৰা লাভ কৰিব। অনুগ্ৰহ কৰি ইয়াক চাওক আৰু যেনেকুৱাই পৰিস্থিতি নহওক কিয়, যিহোৱাৰ প্ৰতি বিশ্বস্ততা বজাই ৰাখিবলৈ তাৰ পৰা পোৱা অন্তৰ্দৃষ্টি প্ৰদান কৰা বাৰ্ত্তাৰ দ্বাৰা অনুপ্ৰেৰিত হওক।
আপুনি এই প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰিবনে? (১) সৰ্ব্বপ্ৰথমে ৰুচ গণৰাজ্যত যিহোৱাৰ সাক্ষীসকলে কেতিয়া চৰকাৰী স্বীকৃতি লাভ কৰে? (২) দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বেই আৰু পিছত চোভিয়েট গণৰাজ্যলৈ কেনেকৈ বহু সংখ্যাত সাক্ষীসকলৰ পৰিয়াল আহিল? (৩) তেওঁলোকৰ বিশ্বাসে পোনপটীয়াকৈ কেনেকৈ লেনীনৰ দৰ্শনশাস্ত্ৰৰ বিৰোধিতা কৰিছিল? (৪) অপাৰেশ্যচন নৰ্থ (উত্তৰ অভিযান) কি আৰু এই অভিযানৰ দ্বাৰা ষ্টেলীনে কি হোৱাটো আশা কৰিছিল? (৫) সাক্ষীসকলৰ বাবে দেশান্তৰিত হোৱাৰ অৰ্থ কি আছিল আৰু দেশান্তৰিত হোৱাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকক কি কৰিবলৈ আজ্ঞা দিয়া হৈছিল? (৬) চাইবেৰীয়ালৈ যোৱা দীঘলীয়া ৰেল যাত্ৰাৰ পথত আমাৰ ভাই আৰু ভনীসকলে কেনেকৈ পৰস্পৰে উৎসাহিত আৰু বন্দীকাৰকসকলক আচৰিত কৰিছিল? (৭) চাইবেৰীয়াত সাক্ষীসকলে কেনে দুৰ্দশাৰ সম্মুখীন হʼবলগীয়া হৈছিল? (৮) কেনে আধ্যাত্মিক প্ৰবন্ধৰ প্ৰতি যিহোৱাৰ লোকসকলে অধিক মূল্যাঙ্কন কৰিছিল আৰু কিয়? (৯) আমাৰ ভাইসকলে তেওঁলোকৰ আলোচনীৰ বাবে তেওঁলোকৰ জীৱনকো বিপদপন্ন কৰিবলৈ কিয় পিছহুহঁকা নাছিল আৰু অধিকাৰীসকলৰ কঠোৰ ব্যৱস্থাৰ মাজতো তেওঁলোকে কেনেকৈ আলোচনীবোৰ লাভ কৰিছিল? (১০) খাৰুস্বীভে কেনেকৈ একেৰাহে ঈশ্বৰৰ লোকসকলক আক্ৰমণ কৰিলে? (১১) অধিকাৰীসকলে কেনেকৈ সাক্ষীসকলৰ লʼৰা-ছোৱালীৰ বিশ্বাস ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল? (১২) অত্যাচাৰৰ বলি হʼবলগীয়া হোৱাৰ কাৰণৰ বিষয়ে ভাইসকলৰ কেনে স্পষ্টবোধ আছিল? (২০০২ চনৰ বাৰ্ষিক পুস্তক, ২০৩-৪ পৃষ্ঠা) (১৩) আক্ৰমণকাৰীসকলে যিহোৱাৰ সংগঠনক আক্ৰমণ কৰিবলৈ কৰা সকলো চেষ্টাত কেনে বিপৰীত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল? (২০০২ চনৰ বাৰ্ষিক পুস্তক, ২২০-১ পৃষ্ঠা) (১৪) চোভিয়েট গণৰাজ্যত থকা সাক্ষীসকলৰ বাবে হোৱা সপোন কেনে বাস্তৱিকতাত পৰিণত হৈছিল? (১৫) কিহে আমাৰ ভাই-ভনীসকলক যাতনাত সহন কৰিবলৈ সহায় কৰিছিল আৰু ভিডিঅখনৰ সমাপ্তিৰ দৃশ্যই কেনেকৈ যিৰিমিয়া ১:১৯ পদত দিয়া সত্যতাক দাঙি ধৰিছে? (১৬) আপোনাক বিশেষকৈ কোনজনৰ অভিজ্ঞতাই যাতনাৰ স্বত্ত্বেও বিশ্বস্ত বজাই ৰাখিবলৈ অনুপ্ৰেৰিত কৰে, তাৰ বিষয়ে বৰ্ণনা কৰক।