যেনেকৈ ধ্বংস কাষ চাপি আহিছে আপুনি সুবোধ আৰু সচেতন হওক
১ ঈশ্বৰৰ বাক্যই সঘনাই বৰ্ণনা কৰিছে যে যিহোৱাৰ দিন “যেনেকৈ চোৰ আহে” তেনেকৈ অৰ্থাৎ অপ্ৰত্যাশিত, অতি শীঘ্ৰে আৰু নিঃশব্দে আহিব। (১ থিচ. ৫:২; মথি ২৪:৪৩; ২ পিত. ৩:১০; প্ৰকা. ৩:৩; ১৬:১৫) এই সন্দৰ্ভে যীচুৱে এইদৰে কৈছিল, “এতেকে তোমালোকো যুগুত হৈ থাকা কিয়নো যি সময়ত তোমালোকে নাভাবা, সেই সময়তে মানুহৰ পুত্ৰ আহিব।” (মথি ২৪:৪৪) ধ্বংস যেনেকৈ কাষ চাপি আহিছে আমি কেনেকৈ আধ্যাত্মিকভাৱে সচেতন হৈ থাকিব পাৰোঁ? সচেতন হৈ থকাত সক্ষম হোৱাৰ এটা চাবি ঈস্বৰৰ উৎপ্ৰেৰিত বাক্যত পোৱা যায়, যʼত এইদৰে কৈছে: “সুবোধ আৰু সচেতন হোৱা।”—১ পিত. ৪:৭.
২ সুবোধ মনৰ লোক হোৱাৰ অৰ্থ হৈছে যিহোৱাৰ দৃষ্টিভঙ্গীৰে বিষয়বোৰক বিবেচনা কৰা। (ইফি. ৫:১৭) ইয়ে আমাক এই ৰীতি-ব্যৱস্থাত “পৰদেশী আৰু প্ৰবাসী” হৈ থাকিবলৈ সহায় কৰে। (১ পিত. ২:১১) তদুপৰি ইয়ে আমাক সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰক জানিবলৈ, সেইবোৰক প্ৰথম স্থান দিবলৈ আৰু উত্তম নিৰ্ণয় লোৱাত সহায় কৰে।—ফিলি. ১:১০.
৩ আধ্যাত্মিক কাৰ্য্য কৰাৰ লক্ষ্যসমূহ ৰাখক: আধ্যাত্মিক কাৰ্য্য কৰাৰ বাবে লক্ষ্যসমূহ ৰাখা আৰু সেইবোৰত উপনীত হোৱাই আমাক সুবোধ মনৰ লোক হʼবলৈ সহায় কৰে। বৰ্তমানে আপুনি আধ্যাত্মিক লক্ষ্যসমূহ ৰাখিছেনে? আপুনি প্ৰত্যেক দিনে বাইবেল পাঠ, মণ্ডলীৰ সভাবোৰত উপস্থিতি, প্ৰত্যেকখন প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী পঢ়েনে বা অধিককৈ প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ চেষ্টা কৰেনে? যদি আপুনি এইবোৰ কৰিবলৈ লক্ষ্য ৰাখিছে তেনেহʼলে সেইটো উত্তম কথা। সেই লক্ষ্যসমূহত উপনীত হʼবলৈ একেৰাহে কৰা চেষ্টাত যিহোৱাৰ আশীৰ্ব্বাদ বিচাৰক আৰু আপুনি তাৰ পৰিণাম দেখি অৱশ্যেই আচৰিত হʼব।
৪ এবাৰ এজন প্ৰাচীনে এহাল ডেকা বৈবাহিক দম্পতিক তেওঁলোকৰ আধ্যাত্মিক লক্ষ্যবোৰৰ বিষয়ে সুধিছিল। এই প্ৰশ্নই তেওঁলোকক নিজৰ জীৱন-প্ৰণালীক সহজসাধ্য কৰি অনাৱশ্যকীয় ঋণবোৰক পৰিশোধ কৰি অগ্ৰগামীৰূপে সেৱা কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ উপলব্ধি কৰালে। তেওঁলোকে অগ্ৰগামীৰূপে সেৱা কৰিবলৈ লক্ষ্য ৰাখিলে। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি সকলো ঋণ পৰিশোধ আৰু অধিক সময় আৰু শক্তি ব্যয় হোৱা অনাৱশ্যকীয় কাৰ্য্যবোৰত ভাগ লোৱাটো বন্ধ কৰিলে। ঠিক এবছৰৰ পিছত তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হʼল। তাৰ কেনে ফলাফল লাভ কৰিলে? এই সম্পৰ্কে ভাইজনে এইদৰে কৈছিল: “যদি লক্ষ্য নৰখাহʼলে আমি আজি কেতিয়াও ইয়াত উপনীত হʼব নোৱাৰিলোঁহেঁতেন! এতিয়া আমি অতি আনন্দিত হৈছোঁ। কিয়নো আমাৰ জীৱনটো স্থিৰ আৰু উন্নত। বাস্তৱতে জীৱনটো হৈছে অৰ্থশীল আৰু উদ্দেশ্যপূৰ্ণ।”
৫ এতেকে যিহোৱাৰ দিনলৈ অপেক্ষা কৰি সুবোধ মনৰ লোক হৈ আধ্যাত্মিকৰূপে সাজু থাকি আমি ঈশ্বৰৰ ইচ্ছা অনুসাৰে কাৰ্য্য কৰিবলৈ মনোযোগ দিওঁহঁক।—তীত ২:১১-১৩.