যিহোৱাৰ সেৱাত লক্ষ্যসমূহ ৰাখক
১ চিৰকাললৈ যিহোৱাৰ প্ৰশংসা কৰিব পোৱাটো কিযে এক বিশেষাধিকাৰ হʼব! সেই বিশেষাধিকাৰ পাবলৈ হʼলে বৰ্তমানে আমাৰ ওচৰত থকা আধ্যাত্মিক লক্ষ্যবোৰত উপনীত হʼবলৈ অধিক চেষ্টা কৰা আৱশ্যক। ইয়ে আমাৰ শক্তিক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিবলৈ সহায় কৰিব। (১ কৰিন্থীয়া ৯:২৬) আপুনি কেনে ধৰণৰ লক্ষ্য ৰাখাটো ব্যৱহাৰিক হʼব?
২ বাইবেল অধ্যয়ন কৰা: মণ্ডলীৰ প্ৰত্যেকখন সভাৰ বাবে আপুনি প্ৰস্তুত হৈ আহেনে? যদি প্ৰস্তুত হৈ আহে তেনেহʼলে সেই বিষয়বোৰত আপুনি অনুসন্ধান আৰু ধ্যান কৰিবলৈ সময় অতিবাহিত কৰেনে? উদাহৰণস্বৰূপে, যেতিয়া সপ্তাহিক প্ৰহৰীবুৰুজ আৰু পুস্তক অধ্যয়নৰ বাবে তৈয়াৰ কৰে তেতিয়া আপুনি উত্তৰবোৰৰ তলত কেৱল আচঁ পাৰেনে বা আপুনি উদ্ধৃত শাস্ত্ৰ পদবোৰ খুলি আৰু তাত দাঙি ধৰা যুক্তিসঙ্গত বৰ্ণনাসমূহৰ ওপৰত ধ্যান কৰেনে? প্ৰত্যেক সপ্তাহে ঈশ্বৰ-শাসিত স্কুলত নিযুক্তি দিয়া বাইবেল পাঠৰ কিছুমান বিষয়ৰ ওপৰত অনুসন্ধান কৰাটোক আপোনাৰ লক্ষ্য বনাব পাৰিবনে? তেনে আধ্যাত্মিক বিষয়বোৰক দকৈ জানিবলৈ হʼলে অধিক সময় দিয়া আৰু চেষ্টা কৰাৰ প্ৰয়োজন, যিয়ে আপোনালৈ অধিক আশীৰ্ব্বাদ কঢ়িয়াই আনিব।—হিতোপদেশ ২:৪, ৫.
৩ মণ্ডলীৰ সভাবোৰ: আনটো হৈছে মণ্ডলীৰ পাঁচোখন সভাত নিয়মীয়াকৈ উপস্থিত হʼবলৈ লক্ষ্য বনোৱা। সঙ্গী উপাসকসকলৰ সৈতে সঙ্গতি, আৰম্ভণিৰ গীত আৰু প্ৰাৰ্থনাত ভাগ লৈ মণ্ডলীক উৎসাহ আৰু একত্ৰিতৰ বান্ধোন শক্তিশালী কৰিবলৈ আপুনি আগতীয়াকৈ উপস্থিত হʼব পাৰে। ইয়াৰ উপৰিও প্ৰত্যেকখন সভাত ব্যৱহাৰিক উত্তৰ দিবলৈ উন্নতি কৰাত চেষ্টা কৰিব পাৰে। নতুবা আপুনি অনুচ্ছেদত থকা শাস্ত্ৰ পদবোৰ কেনেকৈ বিষয়টোৰ সৈতে জড়িত আছে বা দৈনন্দিন জীৱনৰ বাবে ব্যৱহাৰিক তাক দাঙি ধৰিব পাৰে।—ইব্ৰী ১০:২৪, ২৫.
৪ প্ৰচাৰ কাৰ্য্য: আমি লক্ষ্য ৰাখাৰ দ্বাৰা আমাৰ প্ৰচাৰ কাৰ্য্যক অধিককৈ উন্নত কৰিব পাৰোঁ। প্ৰত্যেক মাহে প্ৰচাৰ কাৰ্য্যত কিমান ঘন্টা অতিবাহিত কৰিব তাৰ বাবে আপুনি কোনো লক্ষ্য ৰাখিছেনে? কিছুমানে তেনে লক্ষ্য ৰাখাটো ব্যৱহাৰিক বুলি অনুভৱ কৰিছে। নতুবা আপুনি প্ৰচাৰ কাৰ্য্য কৰা পদ্ধতি যেনে, ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত বাইবেলৰ ব্যৱহাৰ, অৰ্থপূৰ্ণ পুনৰ সাক্ষাৎ, বাইবেল অধ্যয়ন আৰম্ভ আৰু প্ৰভাৱকাৰী অধ্যয়ন পৰিচালনা কৰাত উন্নতি কৰাৰ লক্ষ্য ৰাখিব পাৰিবনে?
৫ পিতৃ-মাতৃসকল, আপোনালোকে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ সেৱা কৰাত লক্ষ্য ৰাখিবলৈ সহায় কৰিছেনে? অগ্ৰগামী সেৱক বা বেথেল পৰিয়ালৰ সদস্য হোৱাৰ দ্বাৰা যে যিহোৱাৰ সেৱাক অধিককৈ মূল্যাঙ্কন কৰিব পাৰি তাক দৃষ্টি কৰাত তেওঁলোকক সহায় কৰক।—উপদেশক ১২:১.