ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০২ পৃষ্ঠা ১
  • শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতে বিবেচনাবোধ হওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতে বিবেচনাবোধ হওক
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০২ পৃষ্ঠা ১

শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতে বিবেচনাবোধ হওক

১ বৰ্তমানৰ সাম্প্ৰদায়িক পৰিবেশ বেয়া হোৱাৰ বাবে বহুতে আন ধৰ্ম্মৰ বিষয়ে কথোপকথন কৰাত অধিক সঙ্কোচবোধ কৰাটো দেখা গৈছে। কিয়নো এইটো হৈছে ‘শেষকাল’ আৰু পাঁচনি পৌলেও এই বিষয়ে বৰ্ণনা কৰি কৈছিল যে লোকসকলে “অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড . . . আপোনমইমত” হʼব। (২ তীম. ৩:⁠১-​৪) গতিকে যিহোৱাৰ লোকসকলে আনক শুভবাৰ্ত্তাৰ বিষয়ে কওঁতে বিশেষকৈ এই সময়ত সাৱধানতা অৱলম্বন কৰা উচিত।

২ বিবেচনাবোধ হোৱাৰ অৰ্থ কি? এখন অভিধানৰ অনুসাৰে বিবেচনাবোধ শব্দৰ অৰ্থ হৈছে: “আনক ক্ষুন্ন, ক্ষুব্ধ বা ৰুষ্ট নকৰাকৈ কাৰ্য্যকৰণ, অথবা তেনেদৰে কাৰ্য্যকৰণ ক্ষমতা।” বাস্তৱতে আমি খ্ৰীষ্টান হোৱাৰ বাবে সকলো সম্প্ৰদায়ৰ লোকবিলাকৰ সৈতে অনাৱশ্যকীয় বাধা উৎপন্ন কৰাৰ পৰা বিৰত থাকি নিশ্চয়ে এক উত্তম সম্পৰ্ক বজাই ৰাখিবলৈ ইচ্ছা কৰিম। সেয়েহে ‘যদি হʼব পাৰে, তেন্তে আমাৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে মিলেৰে থাকিম।’

৩ বিবেচনাবোধেৰে সাক্ষী দিয়া কাৰ্য্যত পাঁচনি পৌলে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। তেওঁ আথীনীত থকা লোকসকলক কি কৈছিল সেই বিষয়ে স্মৰণ কৰক। তেওঁলোকে বহুতো মিছা দেৱ-দেৱীক উপাসনাৰ কৰাৰ বাবে যদিও পৌলে ক্ষুব্ধ অনুভৱ কৰিছিল, তথাপিও তেওঁ তেওঁলোকক তিৰস্কাৰ বা নিন্দা কৰা নাছিল। (পাঁচ. ১৭:⁠১৬) তেওঁ বিবেচনাবোধেৰে উপাসনাৰ প্ৰতি থকা তেওঁলোকৰ ইচ্ছাক এক উত্তম পাতনি হিচাবে লৈ আথীনীত থকা লোকবিলাকৰ সৈতে কথোপকথন কৰিলে।​—⁠পাঁচ. ১৭:⁠২২-​৩১.

৪ আমিও এনে লোকসকলক লগ পাব পাৰোঁ যিসকলে নিজ ধৰ্ম্মৰ প্ৰতি অত্যন্ত আগ্ৰহী। গতিকে পৌলৰ দৰে আমিও তেওঁলোকৰ সৈতে কথা-বতৰা হোৱা আৱশ্যক। ইয়াৰ বাবে আমি কি কৰিব পাৰোঁ? আমি নিশ্চয়ে বিবেচনাবোধ হোৱা উচিত। তদুপৰি, আমি তেওঁলোকৰ সৈতে বিবাদ, তৰ্ক বা কটু সমালোচনা কৰা উচিত নহয়। ইয়াৰ বিপৰীতে আমি তেওঁলোকে মান্তি হোৱা কোনো বিষয় বিচৰা আৱশ্যক আৰু যদি সম্ভৱ হয় তেওঁলোকৰ সৈতে আগ্ৰহী হোৱা কোনো বিষয়ে আলোচনা কৰক। যিসকল ব্যক্তিয়ে আমাৰ বাৰ্ত্তাৰ প্ৰতি মান্তি নহয়, তেওঁলোকে কোৱা প্ৰত্যেকটো বিষয়তে প্ৰতিৰোধ কৰাৰ কোনো আৱশ্যক নাই।

৫ এজন উত্তম শ্ৰোতা হওক: বিবেচনাবোধ হʼবলৈ এজন উত্তম শ্ৰোতা হোৱা আৱশ্যক। আমি সকলো বিষয়তে কথা-বতৰা হʼবলৈ সহজ অনুভৱ কৰিব পাৰোঁ। কিন্তু সাৱধানেৰে গৃহস্থক নিজৰ চিন্তাধাৰা আৰু দৃষ্টিভঙ্গীৰ বিষয়ে কবলৈ উৎসাহিত কৰা প্ৰয়োজন, তেহে আমি তেওঁ কিহৰ বিষয়ে কৈছে তাক বুজিব পাৰিম। ইয়াৰ বাবে আপুনি প্ৰশ্ন সোধা আৱশ্যক, কিন্তু তেনে কৰোঁতে আমি সতৰ্কতা অৱলম্বন কৰা আৱশ্যক যাতে সেই প্ৰশ্নসমূহৰ বাবে গৃহস্থই যেন দোষাৰোপ কৰা বুলি নাভাবে। ইয়াৰ বিপৰীতে আমি তেওঁলোকক কবলৈ উৎসাহিত কৰা আৱশ্যক।

৬ যদি আমাৰ মৌখিক ভঙ্গীমা আৰু বাক্যই তেওঁলোকৰ প্ৰতি আগ্ৰহতাক প্ৰকাশ কৰে, তেন্তে সকলোৰে প্ৰতি দয়ালু আৰু বন্ধুত্বাৰে আচৰণ কৰক। এনে কৰাৰ বাবে সকলোৱে ইয়াক লক্ষ্য কৰিব আৰু আমাৰ বাৰ্ত্তা শুনিবলৈ আগ্ৰহী হʼব। সেই বিষয়ে পৌলে কোৱা এই পৰামৰ্শক মনত ৰাখক: “কাক কেনেকৈ উত্তৰ দিব লাগে, তাক যেন তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোণৰ আস্বাদযুক্ত হওক।”​—⁠কল. ৪:⁠৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক