ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০২ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • আগষ্ট ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ছেপ্টেম্বৰ ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০২ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

আগষ্ট ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৭৬

১৩ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শ অনুসাৰে পৃথকে প্ৰথম দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ আগষ্ট ১ প্ৰহৰীবুৰুজ আলোচনীখন বিতৰণ কৰিব পাৰি। প্ৰত্যেকটো উপস্থাপনত “আপোনালোকে কিয় বাৰে বাৰে লোকবিলাকৰ ওচৰলৈ যায়?” বুলি কোৱা লোকসকলৰ কথোপকথনক প্ৰতিৰোধ কৰি পৃথকে প্ৰদৰ্শন কৰক।​—⁠কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি, সৰু কিতাপখনৰ ১২ পৃষ্ঠাত চাওক।

২০ মি: “যিহোৱাৰ সেৱাত লক্ষ্যসমূহ ৰাখক।”a যেতিয়া ৫ অনুচ্ছেদ আলোচনা কৰা হয় তেতিয়া নিয়মিত অগ্ৰগামী আৰু বেথেল সেৱাৰ সম্পৰ্কে আমাৰ পৰিচৰ্য্যা কিতাপখনৰ ১১৪, ১১৬ পৃষ্ঠাত দিয়া উৎসাহিতজনক মন্তব্যবোৰ সন্মিলিত কৰক।

১২ মি: স্থানীয় অভিজ্ঞতাসমূহ। বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন বিতৰণ কৰি পোৱা অনুভৱৰ বিষয়ে মণ্ডলীৰ সকলোকে কবলৈ আমন্ত্ৰণ কৰক। কোনো বাইবেল অধ্যয়ন আৰম্ভ কৰা হʼলনে? যদি হৈছে তেনেহʼলে বৰ্ণনা কৰি এটা বা দুটা অনুভৱ কবলৈ কওক। নবেম্বৰ ২০০১ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৪ পৃষ্ঠাত দিয়া “ট্ৰেক্টখন বিতৰণ কৰিবলৈ থকা সুযোগসমূহ” নামৰ বক্সটোৰ পৰা আলোচনা কৰক।

গীত ১২৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৮২

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৭ মি: আমাৰ সৈতে তেওঁলোকৰ বিশ্বাসৰ বিষয়ে আলোচনা কৰাত কিহে প্ৰতিৰোধৰ সৃষ্টি কৰে? শ্ৰোতাসকলৰ সৈতে আলোচনা আৰু উপস্থাপন প্ৰস্তুত কৰক। সাধাৰণতে আমি প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা লোকসকলে আমাৰ সৈতে তেওঁলোকৰ বিশ্বাসৰ বিষয়ে আলোচনা কৰাত অনিচ্ছা প্ৰকাশ কৰে। ইয়ে আমি তেওঁলোকক ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে কোৱাত বাধা উৎপন্ন কৰে। যদি আমি লোকসকলে দিয়া বাধাৰ কাৰণ জানিব পাৰিছোঁ তেনেহʼলে এনেদৰে তৈয়াৰ কৰা আৱশ্যক যাতে আমি তেওঁলোকৰ নিজ নিজ বিশ্বাসৰ বিষয়ে প্ৰকাশ কৰাত সহায় কৰিব পাৰিম। তলত দিয়া কিছুমান প্ৰকাৰৰ লোকক তেওঁলোকৰ নিজ বিশ্বাসক প্ৰকাশ কৰিবলৈ আমি কেনেকৈ নিজকে প্ৰস্তুত কৰিব পাৰিম তাৰ বিষয়ে আলোচনা কৰক। (১) যিসকলে নিজৰ আৰু অন্য ধৰ্ম্মৰ বিষয়ে আলোচনা কৰাত কোনো আগ্ৰহী নহয়। (২) যিসকলে তেওঁলোকৰ পৰিয়াল আৰু পূৰ্ব-পুৰুষসকলে পালন কৰা ধৰ্ম্মীয় ৰীতি-নীতিত আবেগীকভাৱে জড়িত হৈ আছে। (৩) যিসকলে অলপমাত্ৰাত আধ্যাত্মিক সাহায্য পোৱাৰ বাবে তেওঁলোকৰ বিশ্বাসৰ বিষয়ে আলোচনা কৰাত অস্বস্তিকৰ অনুভৱ কৰে। (৪) যিবিলাক ব্যক্তিয়ে বিৰোধীসকলে দিয়া মন্তব্যৰ দ্বাৰা বিপথে পৰিচালিত হৈ আমাৰ অহিতে পক্ষপাতমূলক বিচাৰধাৰা ৰাখে। স্থানীয় এলেকাসমূহত ব্যৱহাৰিক হোৱা অনুসাৰে সাধাৰণতে সম্মুখীন হোৱা লোকসমূহৰ মনোবৃত্তিৰ ওপৰত মনোযোগ দিয়ক আৰু সেই অনুসাৰে তালিকাবোৰত সাল-সলনি কৰক। তেনে ব্যক্তিসকলক আধ্যাত্মিক বিষয়ৰ সম্পৰ্কে আলোচনা কৰাত কেনেকৈ জড়িত কৰিব পাৰে তাৰ বিষয়ে চমুকৈ এটা উপস্থাপন প্ৰস্তুত কৰক।

১৮ মি: “কোনো আত্মীয় ব্যক্তি বহিষ্কৃত হোৱাত খ্ৰীষ্টান বিশ্বস্ততা বজাই ৰখা।”b (১-​৮ অনুচ্ছেদ) এজন উপযুক্ত প্ৰাচীনে লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰি এই ভাগটোক পৰিচালনা কৰে। স্পষ্টকৈ পঢ়িব পৰা এজন ভাইৰ দ্বাৰা প্ৰত্যেকটো অনুচ্ছেদ উচ্চস্বৰে পঢ়াওক।

গীত ১৩৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৮৯

১০ মি: স্থানীয় ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া (শেষৰ দুটা) পৰামৰ্শ ব্যৱহাৰ কৰি কেনেকৈ আগষ্ট ১ প্ৰহৰীবুৰুজ আলোচনীখন গৃহস্থক আগবঢ়াব পাৰে তাক পৃথকে প্ৰদৰ্শন কৰি দেখুৱাওক। তৃতীয়টো প্ৰস্তাৱনাক এজন মণ্ডলীৰ প্ৰকাশকে আৰু চতুৰ্থটোক এজন নিয়মিত বা সহযোগী অগ্ৰগামীয়ে প্ৰদৰ্শন কৰি দেখুৱাওক। সকলো প্ৰকাশকক তেওঁলোকৰ প্ৰস্তাৱনাত এটাকৈ বাইবেলৰ পদ সন্মিলিত কৰিবলৈ উৎসাহিত কৰক।

১৭ মি: “এজন উত্তম সংযোগকাৰী হওক!”c সমাপ্তিত সকলো প্ৰকাশকক স্কুল নিৰ্দেশনা পুস্তক (ইংৰাজী) নামৰ কিতাপখনৰ ৫-৯ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহক পুনৰ আলোচনা কৰিবলৈ উৎসাহিত কৰক।

১৮ মি: “কোনো আত্মীয় ব্যক্তি বহিষ্কৃত হোৱাত খ্ৰীষ্টান বিশ্বস্ততা বজাই ৰখা।”d (৯-​১৪ অনুচ্ছেদ) এজন উপযুক্ত প্ৰাচীনে লেখটোত দিয়া প্ৰশ্নসমূহ ব্যৱহাৰ কৰি এই ভাগটোক পৰিচালনা কৰে। স্পষ্টকৈ পঢ়িব পৰা এজন ভাইৰ দ্বাৰা প্ৰত্যেকটো অনুচ্ছেদ উচ্চস্বৰে পঢ়াওক।

গীত ১২৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ছেপ্টেম্বৰ ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৮৪

১০ মি: স্থানীয় ঘোষণাসমূহ। আগষ্ট মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সকলো প্ৰকাশকক সোঁৱৰাই দিয়ক। মে ১, ১৯৯৯ চনৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ ২৫ পৃষ্ঠাত দিয়া “নিজৰ লʼৰা-ছোৱালীৰ সৈতে পঢ়ক” নামৰ লেখটোৰ পৰা চমুকৈ আলোচনা কৰক।

২০ মি: প্ৰচাৰ কাৰ্য্যলৈ যোৱাৰ পূৰ্বেই আপুনি প্ৰস্তুতি কৰক। আলোচনা আৰু প্ৰদৰ্শনৰ দ্বাৰা পৰিচালিত কৰক। উত্তমভাৱে তৈয়াৰ কৰি পৰিচৰ্য্যা কাৰ্য্যত সফলতা লাভ কৰিব পাৰি। গতিকে আগতীয়াকৈ: (১) আৱশ্যক হোৱা আলোচনীসমূহ সংগ্ৰহ কৰক। (২) অধিকমাত্ৰাত ঘৰে-ঘৰে যোৱা ৰেকৰ্ড পত্ৰসমূহ আৰু এডাল কলম বা কাঠপেঞ্চিল থকা আৱশ্যক। (৩) যদি আপোনাক পৰিবহনৰ আৱশ্যক হয় তেনেহʼলে উপযুক্ত যাতায়তৰ ব্যৱস্থা কৰক। (৪) আপুনি পৰিকল্পনা কৰা পুনৰ সাক্ষাতৰ বিষয়ে বিবেচনা কৰক। (৫) আপুনি গৃহস্থজনক কিহৰ বিষয়ে কব সেই সম্পৰ্কে তৈয়াৰ কৰক। যদি আপুনি প্ৰচাৰ কাৰ্য্যৰ সভা পৰিচালনা কৰে তেনেহʼলে আপোনাৰ ওচৰত যথেষ্টমাত্ৰাত এলেকাসমূহ থকা আৱশ্যক। ছেপ্তেম্বৰ মাহত প্ৰচাৰ কাৰ্য্যত বিতৰণ কৰিবলগীয়া সৃষ্টি বা সৰ্বশ্ৰেষ্ঠ মানৱ অথবা যুৱক যুৱতীসকলে সোধে কিতাপখনক কেনে দুই বা তিনি প্ৰকাৰে আগবঢ়াব পাৰি তাৰ বিষয়ে শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। শাস্ত্ৰীয় পদ ব্যৱহাৰ কৰি তাৰে এটা প্ৰস্তাৱনাক প্ৰদৰ্শন কৰি দেখুৱাওক।​—⁠আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ জুন ১৯৯৫ চন, ৪ পৃষ্ঠা, জুন ১৯৯৮ চন, ৮ পৃষ্ঠা আৰু মাৰ্চ ১৯৯৪ চন, ৮ পৃষ্ঠাত দিয়া পৰামৰ্শসমূহ চাওক।

১৫ মি: “শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতে বিবেচনাবোধ হওক।”e স্কুল নিৰ্দেশনা পুস্তক (ইংৰাজী) ৭০-২ পৃষ্ঠাৰ ৪-৮ অনুচ্ছেদত দিয়া বিষয়সমূহক আলোচনা কৰক। সম্ভৱতঃ প্ৰচাৰ কাৰ্য্যত উৎপন্ন হʼবলগীয়া কোনো বিশেষ পৰিস্থিতিত কেনেকৈ বিবেচনাবোধেৰে কাৰ্য্য কৰিব পাৰি, এই বিষয়ে শ্ৰোতাসকলে কোৱা মন্তব্যসমূহ সন্মিলিত কৰক।

গীত ৯৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক