আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ জানু. ১
“যেতিয়া কোনো প্ৰিয়জনৰ মৃত্যু বা গভীৰভাৱে ৰোগগ্ৰস্ত হয় তেতিয়া লোকসকলে প্ৰায়ে শঙ্কাগ্ৰস্ত হৈ এইদৰে প্ৰশ্ন কৰে, ‘কিয় ঈশ্বৰে এইবোৰৰ অনুমতি দিছে?’ সম্ভৱতঃ আপোনাৰ মনতো সেই একেই প্ৰশ্ন উদয় হʼব পাৰে। বাইবেলে প্ৰকাশ কৰিছে যে যিসকলে পীড়িত হৈছে তেওঁলোকৰ প্ৰতি ঈশ্বৰে সহানুভূতি অনুভৱ কৰে। [যিচয়া ৬৩:৯ পদটো পঢ়ক।] এই আলোচনীখনে বৰ্ণনা কৰিছে যে আমি কিয় নিশ্চিত হʼব পাৰোঁ যে ঈশ্বৰে এই সকলোবোৰ দুখ-কষ্টক শেষ কৰিব।”
সচেতন! জানু. ২২
“আমি আগতে কেতিয়াও ইমান নিৰাপত্তাহীন অনুভৱ কৰা নাছিলোঁ। বৰ্তমান বৃদ্ধি হোৱা আত্মপৰিচয় চুৰি কৰা কাৰ্য্যৰ প্ৰতি সকলোৱে চিন্তিত হৈ পৰিছে। আপুনি সেই বিষয়ে কিবা শুনিবলৈ পাইছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বাইবেলে প্ৰতিজ্ঞা কৰিছে যে এদিন এই পৃথিৱীখনৰ পৰা আমি নিৰাপত্তাহীন অনুভৱ কৰা সকলো কাৰণ দূৰ কৰা হʼব। [যিচয়া ১১:৯ পদটো পঢ়ক।] এই আলোচনীখনে বৰ্ণনা কৰিছে যে কেনেকৈ সেইটো সম্পন্ন কৰা হʼব।”
প্ৰহৰীবুৰুজ জানু. ১
“বৰ্তমান সময়ত আমাৰ বেছিভাগৰে নিজা ধৰ্ম্ম আছে, কিন্তু তেওঁলোকে যি শিক্ষাদান কৰে তাক তেওঁলোকে বিশ্বাস কৰে বুলি আপুনি ভাবেনে? [গৃহস্থই উত্তৰ দিয়াৰ পিছত ইব্ৰী ১১:১ পদটো পঢ়ক।] এই আলোচনীখনত [২৫ পৃষ্ঠা খুলক] এই বিষয়ে আলোচনা কৰি কৈছে যে কিহবাত বিশ্বাস কৰাৰ অৰ্থ কি আৰু ই আমাৰ জীৱনত কেনে পৰিৱৰ্তন কৰিব পাৰে।”
সচেতন! ফেব্ৰু. ৮
“এই সংখ্যাৰ সচেতন! আলোচনীখনে আমাৰ সময়ত ঘটিত হোৱা এটা শোকাৱহ বাস্তৱিকতাৰ বিষয়ে দাঙি ধৰিছে। সেইটো হৈছে—শিশু বেশ্যাবৃত্তি। বাইবেলে প্ৰতিজ্ঞা কৰিছে যে শিশুৰ সৈতে কৰা তেনে নিন্দনীয় অপব্যৱহাৰ অতি সোনকালে অন্ত কৰা হʼব। [হিতোপদেশ ২:২১, ২২ পদটো পঢ়ক।] এই আলোচনীখনে বৰ্ণনা কৰিছে যে শিশুক এইদৰে শোষণ কৰাৰ নেপথ্যভূমিত কোন আছে আৰু ইয়াক কেনেকৈ শেষ কৰা হʼব।”