আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ জানুৱাৰী ১
“পৃথিৱীত শান্তি স্থাপন হোৱাটো বহুতে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই বাক্যৰ পূৰ্ণতা হোৱাটো আমি কেতিয়াবা দেখিবলৈ পাম বুলি আপুনি ভাবেনে? [গীত ৪৬:৯ পদটো পঢ়ক। তাৰ পিছত উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সংখ্যাৰ প্ৰহৰীবৰুজ আলোচনীখনত আলোচনা কৰা হৈছে যে কেনেকৈ সেই বাক্যশাৰী পূৰ্ণ হʼব আৰু যুদ্ধবিহীন এখন জগত সম্ভৱ বুলি কৰা ঈশ্বৰৰ প্ৰতিজ্ঞাক আমি কিয় নিশ্চিতভাৱে ভাৰসা কৰিব পাৰোঁ।”
সচেতন! জানুৱাৰী ২২
“হিব্ৰু ভাষাত ঈশ্বৰৰ ব্যক্তিগত নামটো দেখাত এনেকুৱা। [বেটুপাটখন দেখুৱাউক।] কিছুমান ব্যক্তিয়ে দৃঢ়ভাৱে বিশ্বাস কৰে যে ঈশ্বৰৰ নাম কেতিয়াও উচ্চস্বৰে লোৱা উচিত নহয়। আনসকলে ইয়াক স্পষ্টকৈ ব্যৱহাৰ কৰে। এই সংখ্যাৰ সচেতন! আলোচনীখনত এই মতানৈক্যতাৰ বিষয়ে আলোচনা কৰিছে। তদুপৰি ইয়াত এইটোও বৰ্ণনা কৰা হৈছে যে আমি কেনেকৈ ঈশ্বৰৰ নামটোৰ বিষয়ে জানিব পাৰিলোঁ।” গীত ৮৩:১৮ পদটো পঢ়ক।
প্ৰহৰীবুৰুজ জানুৱাৰী ১
জীৱ-জন্তুৰ বিপৰীতে মানুহক আধ্যাত্মিকতাৰ আৱশ্যক। আপুনি জানেনে যে আমাৰ সময়ত মহান সৃষ্টিকৰ্ত্তাই এই আৱশ্যকতাক পূৰণ কৰিবলৈ কেনে প্ৰেমময় প্ৰবন্ধ কৰিলে? [যিচয়া ৫৪:১৩ পদটো পঢ়ক। উত্তৰৰ বাবে ক্ষন্তেক ৰওক। এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনে বৰ্ণনা কৰিছে যে আমি কেনেকৈ সেই প্ৰবন্ধ বিচাৰি পাম আৰু তাৰ পৰা বৰ্তমান আৰু চিৰকালৰ বাবে লাভৱান হʼব পাৰিম।
সচেতন! ফেব্ৰুৱাৰী ৮
“বহুতে আজি ব্যস্তভাৱে জীৱন-নিৰ্বাহ কৰাৰ বাবে আৰামৰ আৱশ্যক। আপুনি হয়তো প্ৰায় ৩,০০০ বছৰৰ পূৰ্বেই লিখা এই বাক্যৰ সৈতে সন্মত হʼব। [উপদেশক ৪:৬ পদটো পঢ়ক আৰু উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত কিছুমান লাভদায়ক সংবাদ দিয়া হৈছে যে কেনেকৈ নিদ্ৰা ক্ষতিসাধন হোৱা সমস্যাটোক সমাধান কৰিব পাৰি।”