ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০৪ পৃষ্ঠা ১
  • ঈশ্বৰে সমৰ্থন কৰা এক কাৰ্য্য

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে সমৰ্থন কৰা এক কাৰ্য্য
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০৪ পৃষ্ঠা ১

ঈশ্বৰে সমৰ্থন কৰা এক কাৰ্য্য

১ যিহোৱাৰ সেৱকসকলৰ ভিতৰত কিছুমানে অধিক শিক্ষিত, ধনৱান বা এই জগতত জনা-পৰিচিত ব্যক্তি। সেইবাবে কিছুমানে আমাৰ পৰিচৰ্য্যা কাৰ্য্যৰ প্ৰতি অলপো গুৰুত্ব দি শুনিবলৈ নিবিচাৰে। (যিচ. ৫৩:⁠৩) যিহেতু আমি কৰা বাইবেলৰ শিক্ষাদান কাৰ্য্যই পৃথিৱীত থকা লাখ লাখ লোকলৈ শান্ত্বনা আৰু আশা কঢ়িয়াই আনে। এই সাধাৰণ লোকসকলে কেনেকৈ এনে উল্লেখনীয় সফলতা লাভ কৰিব পাৰিলে? তেওঁলোকৰ কাৰ্য্যত একমাত্ৰ ঈশ্বৰে সমৰ্থন কৰাৰ বাবে এই সকলো সম্ভৱ হʼল। (মথি ২৮:⁠১৯, ২০; পাঁচ. ১:⁠৮) এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ, জগতৰ মূৰ্খতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে।”​—⁠১ কৰি. ১:⁠২৬-​২৯.

২ প্ৰথম শতাব্দীৰ প্ৰকৃত খ্ৰীষ্টানসকলো “অপণ্ডিত সামান্য মানুহ” আছিল। (পাঁচ. ৪:⁠১৩) তথাপিও তেওঁলোকে সাহসেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰা আজ্ঞাক পালন কৰিলে আৰু যিহোৱাই তেওঁলোকৰ তেনে প্ৰচেষ্টাত আশীৰ্ব্বাদ দিলে। সকলো বাধা আৰু বিৰোধিতাৰ স্বত্ত্বেও ‘যিহোৱা ঈশ্বৰৰ বাক্য ব্যাপ্ত হৈ জয়ী হৈছিল।’ ঈশ্বৰে স্বয়ং এই কাৰ্য্যক সমৰ্থন কৰাৰ বাবে একোৱেই বাধা হʼব নোৱাৰিলে। (পাঁচ. ৫:⁠৩৮, ৩৯; ১৯:⁠২০) বৰ্তমান সময়তো শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত একেইদৰে সঁচা প্ৰমাণিত হৈছে। শক্তিশালী শাসকৰ দ্বাৰা অত্যন্ত বিৰোধিতাৰ স্বত্বেও শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত বাধা উৎপন্ন কৰিব পৰা নাই।​—⁠যিচ. ৫৪:⁠১৭.

৩ এই সকলোৰে বাবে ঈশ্বৰক স্তুতি কৰা উচিত: ঈশ্বৰৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্য কৰিবলৈ আমাৰ ওচৰত থকা এই বিশেষাধিকাৰৰ বাবে আমি নিজকে অহঙ্কাৰ কৰা উচিতনে? অৱশেই নহয়। খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যৰ সম্বন্ধে পাঁচনি পৌলে এইদৰে লিখিছিল: “শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহৈ ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে।” (২ কৰি. ৪:⁠৭) ঈশ্বৰৰ শক্তিৰ বাহুল্যতাৰ বাবে পাঁচনি পৌলে তেওঁৰ পৰিচৰ্য্যা কাৰ্য্য কৰিবলৈ সফল হোৱাৰ প্ৰতি গভীৰতাৰে মূল্যাঙ্কন কৰিছিল।​—⁠ইফি. ৬:⁠১৯, ২০; ফিলি. ৪:⁠১৩.

৪ একেইদৰে আমিও উপলব্ধি কৰিব পাৰিছোঁ যে “ঈশ্বৰৰ পৰা উপকাৰ” পোৱাৰ বাবেহে প্ৰচাৰ কাৰ্য্য সম্পন্ন হৈছে। যিহোৱাই আমাক এনে উল্লেখনীয়ভাৱে ব্যৱহাৰ কৰি গোটেই পৃথিৱীৰ জাতিবোৰক জোকাৰি তুলা এক বাৰ্ত্তা, অৰ্থাৎ অনতিপলমে কৰিবলগীয়া তেওঁৰ ন্যায়-বিচাৰৰ বিষয়ে শুনাইছে। (হগ্‌. ২:⁠৭) এই জগতৰ ৰীতি-ব্যৱস্থাৰ যৱনিকা পৰা সময়ছোৱাত আধ্যাত্মিক শস্য দোৱা কাৰ্য্যত “ঈশ্বৰৰ সহকৰ্ম্মী” হিচাবে কাৰ্য্য কৰিবলৈ পোৱাটো আমাৰ বাবে এক উল্লেখনীয় বিশেষাধিকাৰ নহয়নে বাৰু!​—⁠১ কৰি. ৩:⁠৬-৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক