নিয়মিতৰূপে সভাত উপস্থিত হোৱাটো এটা আৱশ্যকীয় কৰ্তব্য
১ খ্ৰীষ্টান পৰিয়ালে মণ্ডলীৰ সভাত নিয়মীয়াকৈ উপস্থিত হʼবলৈ অধিক গুৰুত্ব দিয়ে। কিন্তু বৰ্তমান সময়ত দেখা দিয়া জীৱনৰ আৱশ্যকতাসমূহে তেনে কৰাটো প্ৰত্যাহ্বানজনক কৰি তুলিছে। ঘৰুৱা কাম-কাজ, চাকৰি বা স্কুলত কৰিবলৈ দিয়া কামৰ পৰা যিহোৱাৰ উপাসনা কৰিবলৈ আমি সময় উলিয়াওঁনে? তেনে বিষয় আৰু কাৰ্য্যবোৰক যিহোৱাৰ দৃষ্টিভঙ্গীৰে লক্ষ্য কৰিলে তেওঁৰ কাৰ্য্যক অধিক গুৰুত্ব দিয়াত সহায় কৰিব।—১ চমূ. ২৪:৬; ২৬:১১.
২ প্ৰাচীন সময়ত এজন ইস্ৰায়েল ব্যক্তিয়ে বিশ্ৰাম দিনত জ্বলাবলৈ খৰি বুটলি ইচ্ছাকৃতভাৱে সেই দিনৰ প্ৰতি যিহোৱাৰ দৃষ্টিভঙ্গীক আওকাণ কৰিলে। তেওঁ হয়তো ভাবিছিল যে পৰিয়ালৰ আৱশ্যকতা পূৰ্ণ কৰিছে অথবা সেইটো এটা সামান্য বিষয়। কিন্তু যিহোৱাই তেওঁক ন্যায়-বিচাৰ কৰি প্ৰকাশ কৰিলে যে উপাসনাৰ বাবে আছুতিয়াকৈ ৰাখা সেই সময়ছোৱাত তেনে দৈনন্দিন কাৰ্য্য কৰাটো এটা গম্ভীৰ বিষয় আছিল।—গণ. ১৫:৩২-৩৬.
৩ প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা: বহুতে তেওঁলোকৰ চাকৰিক মণ্ডলীৰ সভাত উপস্থিত হোৱাত বাধা নিদিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। কিছুমানে তেওঁলোকৰ অধিকাৰীৰ সৈতে এই বিষয়ে কথোপকথন হৈ, নিজৰ সহকৰ্ম্মীৰ সৈতে পাল সাল-সলনি কৰি, উপযুক্ত চাকৰি বিচাৰি বা নিজৰ জীৱন-প্ৰণালীক সাল-সলনি কৰি তেনে প্ৰত্যাহ্বানৰ সম্মুখীন হʼব পাৰিছে। ইয়াত কোনো সন্দেহ নাই যে সত্য উপাসনাৰ বাবে কৰা তেনে বলিদানে অৱশ্যেই ঈশ্বৰক আনন্দিত কৰে।—ইব্ৰী ১৩:১৬.
৪ স্কুলত কৰিবলৈ দিয়া কাৰ্য্যসমূহেও সভাত উপস্থিত হোৱাত বাধা দিব পাৰে। এই বিষয়ে স্কুলত পঢ়া এজনী ছাত্ৰীয়ে এইদৰে কয়: “মই সভালৈ যোৱাৰ পূৰ্বেই মোক স্কুলত কৰিবলৈ দিয়া কাম কৰোঁ আৰু বাকী থকা খিনি সভাৰ পৰা ঘূৰি আহি কৰোঁ। স্কুলত কৰিবলৈ দিয়া কাৰ্য্য যদি সভাৰ দিনা সম্পূৰ্ণ নহয় তেতিয়া কিছুমান পিতৃ-মাতৃয়ে তেওঁলোকৰ লʼৰা-ছোৱালীৰ শিক্ষকক বৰ্ণনা কৰি কয় যে খ্ৰীষ্টান সভাত উপস্থিত হোৱাটো তেওঁলোকৰ পৰিয়ালৰ এটা আৱশ্যকীয় কৰ্তব্য।
৫ মণ্ডলীৰ সভাত সময়মতে এটা পৰিয়ালৰ সকলোৱে উপস্থিত হʼবলৈ ঘৰুৱা কাৰ্য্যসমূহ সম্পন্ন কৰিবলৈ উত্তম আঁচনি আৰু পৰিয়ালৰ সকলো সদস্যৰ সহযোগিতাৰ আৱশ্যক। (হিতো. ২০:১৮) আনকি পৰিয়ালত থকা কম বয়সীয়াসকলকো সাজ-পোচাক পৰিধান কৰি সাজু হৈ এটা নিৰ্দ্ধাৰিত সময়ত সভালৈ যাবলৈ শিকোৱা আৱশ্যক। এই ক্ষেত্ৰত পিতৃ-মাতৃসকলে ৰাখা নিজৰ উত্তম আৰ্হিৰ যোগেদি তেওঁলোকৰ লʼৰা-ছোৱালীক সভাত উপস্থিত হোৱা গুৰুত্বতাক বুজিবলৈ সহায় কৰিব।—হিতো. ২০:৭.
৬ বৰ্তমান সময়ত যিমানেই জাগতিক হেঁচা প্ৰবল হৈ আহিছে, আমি মণ্ডলীৰ সভাবোৰত নিয়মীয়াকৈ উপস্থিত হোৱাটো সিমানেই গুৰুত্ব হৈ পৰিছে। গতিকে আঁহক আমি সংসাৰীক দৈনন্দিন বিষয়বোৰত যিহোৱাৰ দৃষ্টিভঙ্গী বজাই ৰাখি নিয়মীয়াকৈ সভাত উপস্থিত হোৱাটোক এক অতি আৱশ্যক কৰ্তব্য বুলি জ্ঞান কৰোঁহঁক।—ইব্ৰী ১০:২৪, ২৫.