ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০৫ পৃষ্ঠা ৪
  • মণ্ডলীৰ সভাৰ বাবে তৈয়াৰ কৰিবলৈ পৰিয়াল তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মণ্ডলীৰ সভাৰ বাবে তৈয়াৰ কৰিবলৈ পৰিয়াল তালিকা
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • সভাবোৰে কিশোৰ-কিশোৰীসকলক লাভৱান কৰে
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০৫ পৃষ্ঠা ৪

মণ্ডলীৰ সভাৰ বাবে তৈয়াৰ কৰিবলৈ পৰিয়াল তালিকা

১ যদি আপুনি পিতৃ-মাতৃ, তেন্তে নিশ্চয়ে বিচাৰিব যে আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ প্ৰতি প্ৰেম বিকশিত কৰি তেওঁৰ সেৱা কৰে আৰু এইদৰে যেন তেওঁলোকে ঈশ্বৰৰ প্ৰতিজ্ঞাত জগতত অনন্ত জীৱন লাভ কৰে। যিহোৱাৰ উপাসনাক জীৱনত প্ৰথম স্থান দিবলৈ তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰি? ইয়াৰ বাবে আপুনি স্বয়ং উত্তম আৰ্হি বজাই ৰাখা আৱশ্যক। (হিতো. ২০:⁠৭) এগৰাকী ভনীয়ে সত্যত থকা তাইৰ মাকৰ বিষয়ে এইদৰে কৈছিল: “আমি সভালৈ যোৱা বা নোযোৱাৰ বিষয়ে কোনো সন্দেহ নাছিল।” মাকে ৰখা উত্তম আৰ্হিয়ে ভনীগৰাকীৰ মনত দকৈ সাঁচ বহাইছিল।

২ আপোনাৰ পৰিয়ালে মণ্ডলীৰ সভাৰ উদ্দেশ্যৰ বিষয়ে ভালকৈ বুজি পায়নে? এনে ধৰণৰ সভাই ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰাত একেৰাহে কাৰ্য্য কৰিবলৈ আমাক উৎসাহিত কৰে আৰু আমাৰ ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰাটো হৈছে বাস্তৱতে এক অনুপ্ৰেৰণাৰ উৎস। (যিচ. ৫৪:⁠১৩; ৰোমী. ১:⁠১১, ১২) এনে সভাবোৰৰ প্ৰধান উদ্দেশ্য হৈছে “সমাজবোৰৰ মাজত” থাকি যিহোৱা ঈশ্বৰক স্তুতি কৰা। (গীত ২৬:⁠১২) খ্ৰীষ্টান মণ্ডলীৰ সভাবোৰে আমাক অধিককৈ যিহোৱাক প্ৰেম আৰু তেওঁক উপাসনা কৰাৰ বাবে সুযোগ প্ৰদান কৰে।

৩ ‘সাৱধানে চাওক’: আমাৰ মণ্ডলীৰ সভাৰ পবিত্ৰ উদ্দেশ্যৰ প্ৰতি থকা মূল্যাঙ্কনে আমাক ‘সাৱধানে চাবলৈ’ উৎসাহিত কৰে, যাতে আমি সভাবোৰক কম গুৰুত্ব দি সেইবোৰত উপস্থিত থকাৰ পৰা বিৰত নাথাকোঁ। (ইফি. ৫:⁠১৫, ১৬; ইব্ৰী ১০:⁠২৪, ২৫) পৰিয়াল অধ্যয়নৰ তালিকাত হয়তো আপুনি ইতিমধ্যেই মণ্ডলীৰ সভাবোৰৰ বাবে অতিবাহিত কৰিবলগীয়া সময়ছোৱাক অন্তৰ্ভুক্ত কৰিছে। এই ক্ষেত্ৰত আমি সতৰ্ক হোৱা উচিত যে আন কোনো কাৰ্য্যই যেন সেই সময়বোৰ নলয়। নিশ্চিত কৰক যে মণ্ডলীৰ সভাত উপস্থিত হোৱাটো আপোনাৰ পৰিয়ালৰ বাবে যেন প্ৰমুখ স্থান অধিকাৰ কৰে।

৪ সভা আৰু সন্মিলনত উপস্থিত হʼবলৈ ভাই-ভনীসকলে কৰা প্ৰচেষ্টা আৰু বিভিন্ন বাধাৰ সম্মুখীন হোৱাৰ বিষয়ে পঢ়ি আমি উৎসাহিত নহওঁনে? যদিও আপোনাৰ পৰিস্থিতি ইমান কঠিন নহয়, তথাপিও আপুনি সমস্যাবোৰৰ সম্মুখীন হʼবলগীয়া হয়। কিয়নো যিহোৱাক উপাসনা কৰাৰ পৰা বাধা দিবলৈ চয়তানে ঈশ্বৰৰ উপাসকসকলৰ ওপৰত অনেক হেঁচা প্ৰয়োগ কৰিছে। আপুনি নিশ্চিত হʼব পাৰে যে মণ্ডলীৰ সভাত উপস্থিত হʼবলৈ আপোনাৰ পৰিয়ালে কৰা তেনে প্ৰচেষ্টা আৰু দৃঢ় সঙ্কল্পক লʼৰা-ছোৱালীয়ে অৱশ্যেই লক্ষ্য কৰিব। নিঃসন্দেহ, আপুনি তেনেদৰে চেষ্টা কৰি লʼৰা-ছোৱালীয়ে পাহৰিব নোৱাৰা এক আধ্যাত্মিক উপহাৰ প্ৰদান কৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক