আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ ডিচেম্বৰ ১
“বছৰৰ এই সময়ছোৱাত লোকসকলে যীচু খ্ৰীষ্টৰ জন্ম দিনৰ বিষয়ে বিবেচনা কৰে। আপুনি কেতিয়াবা ভাবি আচৰিত হৈছেনে যে যীচুৱে কেনে পৰিয়ালত ডাঙৰ-দীঘল হৈছিল? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত লূক ২:৫১, ৫২ পদটো পঢ়ক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত আলোচনা কৰা হৈছে যে যীচুৱে ডাঙৰ-দীঘল হোৱাৰ বিষয়ে বৰ্ণনা কৰা বাইবেলৰ বিৱৰণীৰ পৰা আমি কেনে ব্যৱহাৰিক পাঠ শিকিব পাৰোঁ।”
সচেতন! ডিচেম্বৰ ২২
“আমাৰ সকলোৱে নিজৰ লʼৰা-ছোৱালীক সুখী আৰু সফলভাৱে জীৱন-যাপন কৰাটো চাব বিচাৰে। কিন্তু বৰ্তমান জগতৰ সমস্যাবিলাকৰ সৈতে লʼৰা-ছোৱালীয়ে সফলতাৰে সম্মুখীন হʼবলৈ তেওঁলোকক কিহৰ আৱশ্যক বুলি আপুনি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত হিতোপদেশ ২২:৬ পদটো পঢ়ক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত আলোচনা কৰা হৈছে যে লʼৰা-ছোৱালীৰ আৱশ্যকতা কি আৰু পিতৃ-মাতৃয়ে কেনেকৈ সেই আৱশ্যকতাক পূৰণ কৰিব পাৰে।”
প্ৰহৰীবুৰুজ ডিচেম্বৰ ১
“আপুনি ভাবেনে যে পৃথিৱীত এনে এটা সময় আহিব যʼত কোনো দুষ্ট লোক নাথাকিব? [গীত ৩৭:১০ পদটো পঢ়ক আৰু উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত বৰ্ণনা কৰা হৈছে যে সেইটো কেনেকৈ সম্ভৱ হʼব আৰু ভৱিষ্যতে আমাৰ বাবে কেনে আশীৰ্ব্বাদসমূহ সাঁচি থোৱা আছে।”
সচেতন! জানুৱাৰী ৮
“বিশ্বজুৰি বহু সংখ্যক লোকৰ মানসিক অৱস্থাৰ বিজুতি ঘটিছে, যেনে, বিষণ্ণতা আৰু দ্বিমুখী বিকাৰ হোৱা। আমাৰ সৃষ্টিকৰ্ত্তাই তেনেলোকৰ প্ৰতি গভীৰভাৱে চিন্তিত। [গীত ৩৪:১৮ পদটো পঢ়ক] এই আলোচনীখনত বৰ্ণনা কৰা হৈছে যে কেনেকৈ তেনেলোকক সহায় কৰিব পাৰি। তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে ৰোগ, বেমাৰ আঁতৰ কৰাৰ বিষয়ে বাইবেলে কেনে প্ৰতিজ্ঞা কৰিছে।”