আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ ডিচেম্বৰ ১
মানৱ আৰু জীৱ-জন্তুৰৰ মাজত যদি কিবা ভিন্নতা আছে তেন্তে সেইয়া হৈছে ভাল আৰু বেয়া সম্বন্ধে থকা মানুহৰ দক্ষতা। তথাপিও আজি বহুতো লোকে বেয়া কাৰ্য্যবোৰ কৰিহে ভাল পায়। এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে খন্তেক ৰওক আৰু তাৰ পিছত যিৰিমিয়া ১৭:৯ বা প্ৰকাশিত বাক্য ১২:৯ পদটো পঢ়ক।] এই আলোচনীখনত উত্তম কি তাক জানিবলৈ আৰু তাৰ অনুসাৰে কাৰ্য্য কৰিবলৈ আমাক সহায় কৰিব পাৰে।
সচেতন! ডিচেম্বৰ ২২
“বৰ্তমান সময়ত সমাজে অত্যধিকভাৱে সৌন্দৰ্য্যতাৰ ওপৰত জোৰ দিয়াটো আপুনি লক্ষ্য কৰিছেনে? [উত্তৰৰ বাবে খন্তেক ৰওক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত অত্যধিক সৌন্দৰ্য্যতাৰ বিষয়ে চিন্তা কৰাৰ সৈতে জড়িত থকা কিছুমান বিপদৰ সম্বন্ধে বৰ্ণনা কৰিছে। তদুপৰি কেনে ধৰণৰ সৌন্দৰ্য্যতা সকলোতকৈ গুৰুত্বপূৰ্ণ, সেই বিষয়ো ইয়াত দাঙি ধৰিছে।”
প্ৰহৰীবুৰুজ জানুৱাৰী ১
“বহুতো ধৰ্ম্মই নিজৰ চুবুৰীয়াক প্ৰেম কৰা উচিত বুলি শিক্ষা দিয়ে। [মথি ২২:৩৯ পদটো পঢ়ক।] তেতিয়াহʼলে জগতত হোৱা বেছিভাগ যুদ্ধত কিয় ধৰ্ম্মবোৰ সন্মিলিত থকাটো দেখিবলৈ পোৱা যায় বুলি আপুনি কেতিয়াবা ভাবিছেনে? [উত্তৰৰ বাবে খন্তেক ৰওক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত এই প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰা হৈছে যে ধৰ্ম্মই মানৱজাতিৰ মাজত ঐক্যতা আনিব পাৰেনে?”
সচেতন! জানুৱাৰী ৮
“এই প্ৰশ্নটোৰ উত্তৰ আপুনি কেনেকৈ দিব? বেটুপাতত থকা প্ৰশ্নটো পঢ়ক আৰু উত্তৰৰ বাবে খন্তেক ৰওক।] ক্ৰমান্বয়ে হ্ৰাস হৈ অহা প্ৰাকৃতিক সম্পদে বিপদৰ সংকেত দিছে। তথাপিও এই ভাৰসাযুক্ত প্ৰতিজ্ঞাটোৱে কি কৈছে, তাৰ প্ৰতি মনোযোগ দিয়ক। [গীত ১০৪:৫ পদটো পঢ়ক।] এই মাহৰ সচেতন! আলোচনীখনত বৰ্ণনা কৰিছে যে কেনেকৈ আমাৰ প্ৰাকৃতিৰ হ্ৰাসকতাক পুনৰাই ঠিক কৰা হʼব।”