আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ ডিচে. ১
“আপুনি হয়তো লোকসকলৰ পৰা শুনিবলৈ পাইছে যে, ‘আপুনি আনৰ পৰা যেনে ব্যৱহাৰ বিচাৰে, আপুনিও তেওঁলোকক তেনে কৰা উচিত।’ আপুনি জানেনে যে, এই বাক্যফাঁকি কৰ পৰা আহিছে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক আৰু মথি ৭:১২ পদটো পঢ়ক।] বৰ্তমান সময়ত সেই নিয়মৰ অনুসাৰে জীৱন নিৰ্বাহ কৰাটো সম্ভৱ বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে অলপ ৰওঁক।] এই আলোচনীখনে ‘সোণালী নিয়ম—আজিও আমাৰ বাবে ব্যৱহাৰিক নে?’ বিষয়টোৰ সম্পৰ্কে বহুতো ব্যৱহাৰিক পৰামৰ্শ দাঙি ধৰিছে।”
প্ৰহৰীবুৰুজ ডিচে. ১
“বৰ্তমান সময়ত হোৱা অপৰাধ, সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু যুদ্ধৰ বাবে ভয়াভীত হৈ জীৱন-যাপন কৰিছে। এখন আতঙ্ক বিহীন জগতত আমি জীয়াই থকাটো সম্ভৱ হʼব বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] এই প্ৰতিজ্ঞাটো লক্ষ্য কৰক। [মীখা ৪:৪ পদটো পঢ়ি বৰ্ণনা কৰক।] এনে এখন জগত তেতিয়াহে সম্ভৱ হʼব যেতিয়া সকলোৱে ঈশ্বৰৰ প্ৰতি সঠিক ভয় বৃদ্ধি কৰি। সেই সম্পৰ্কে এই প্ৰহৰীবুৰুজ আলোচনীখনে বৰ্ণনা কৰিছে।”
প্ৰহৰীবুৰুজ ডিচে. ১
“লʼৰা-ছোৱালীক অনুশাসন কৰাটো সঠিক বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক অপেক্ষা কৰক।] লʼৰা-ছোৱালীক অনুশাসন দিয়া উচিত বুলি বহুতে মান্তি হয়, লক্ষ্য কৰক যে এই সম্পৰ্কে এক জ্ঞানসম্পন্ন প্ৰবচনে কি কৈছে। [হিতোপদেশ ১৩:২৪ পদটো পঢ়ক।] আমাৰ আলোচনীখনত থকা এই সৰু প্ৰবন্ধটোৱে সেই সম্পৰ্কে এক আকৰ্ষণীয় বিচাৰধাৰা দাঙি ধৰিছে।”
প্ৰহৰীবুৰুজ ডিচে. ১
“আজি জীৱনটোত আগতকৈও অধিকৰূপে মানসিকভাৱে হেঁচা পৰিছে বুলি আপুনি বিবেচনা কৰেনে? [উত্তৰৰ বাবে ক্ষন্তেক অপেক্ষা কৰক।] এনে হেঁচাৰ পৰা হাত হাৰিবলৈ মহান শিক্ষক যীচু খ্ৰীষ্টই দিয়া এক ব্যৱহাৰিক পৰামৰ্শৰ বিষয়ে মনোযোগ দিয়ক। [মথি ১১:২৮ পদটো পঢ়ক।] তেওঁ দিয়া ব্যৱহাৰিক শিক্ষাই প্ৰকৃততে বৰ্তমান সময়ত হোৱা মানসিক হেঁচাক হ্ৰাস কৰিবলৈ সহায় কৰে। এই ব্যৱহাৰিক সহায়সমূহ আপুনি এই আলোচনীখনৰ দ্বাৰা লাভ কৰিব পাৰে।”