আপুনি স্থানান্তৰ হৈছেনে?
ওপৰৰ প্ৰশ্নটোৰ উত্তৰ যদি ‘হয়’ হয়, তেনেহʼলে আপুনি আৰু অন্যই বহুতো কৰিবলগীয়া কাৰ্য্যত অংশগ্ৰহণ লোৱা আৱশ্যকতা আছে। তলত উল্লেখ কৰা মূখ্য বিষয়ৰ ওপৰত পদক্ষেপ লবলৈ আপুনি নতুন মণ্ডলীত তৎক্ষণাত নিজকে গঢ়িব লাগিব।
(১) যেতিয়া আপুনি জানিব যে আপুনি কʼলৈ গৈছে, তেতিয়া বৰ্তমান মণ্ডলীৰ চেক্ৰেটেৰীৰ পৰা নতুন মণ্ডলীৰ ৰাজ্য গৃহৰ ঠিকনা সংগ্ৰহ কৰিব লাগিব। সেই অঞ্চলত আহি পায়ে, ৰাজ্য গৃহৰ স্থান শীঘ্ৰে বিচাৰি আৰু মণ্ডলীৰ সভাৰ সময় নিৰ্ণয় কৰক। যদি ৰাজ্য গৃহত এটাতকৈ বেছি মণ্ডলী থাকে, তেতিয়া প্ৰাচীনক সুধি কোনটো মণ্ডলীৰ এলেকাত আপুনি থাকে সেই কথা জনাওঁক। সভাত উপস্থিত থাকিবলৈ আৰু স্থানীয় প্ৰাচীনৰ লগত চিনাকি হবলৈ পলম নকৰিব।
(২) আপোনাৰ বৰ্তমানৰ মণ্ডলী আৰু নতুন মণ্ডলীৰ দুয়োজন চেক্ৰেটেৰীৰ সহযোগীতাৰে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ কাৰণে মণ্ডলীৰ প্ৰচাৰকৰ ৰেকৰ্ড কাৰ্ড স্থানাত্মৰ বাবে সহযোগীতা কৰিব। পৰিচয় পত্ৰ আপোনাৰ নতুন মণ্ডলীৰ প্ৰাচীনলৈও পঠাব। (আমাৰ ৰাজ্য পৰিচৰ্য্যা-(ইংৰাজী) মাৰ্চ ১৯৯১ চনৰ প্ৰশ্ন বক্স চাওঁক।) মণ্ডলীৰ সেৱা কমিটিয়ে আপোনাৰ উপস্থিতি সঠিক পৰামৰ্শ পুস্তক অধ্যয়ন পৰিচালকক জনাব যাতে তেওঁ আপোনাৰ লগত যোগাযোগ কৰিব পাৰে আৰু আপোনাৰ নতুন পুস্তক অধ্যয়নৰ গ্ৰুপত সহযোগ কৰিবলৈ সহায় কৰিব।—ৰোমী. ১৫:৭.
(৩) আপোনাৰ নতুন মণ্ডলীত থকা সকলো প্ৰচাৰকে আনন্দৰে ভূমিকা লব—আপোনাৰ লগত পৰিচয় হবলৈ সুবিধা পাব আৰু আপোনাক সুআদৰণি জনাব। (৩ যোহন ৮ তুলনা কৰক।) দৰাচলতে, ইয়াৰ অৰ্থ হʼল যেতিয়া আপুনি সভাত উপস্থিত থাকিব আপুনি আনন্দৰে উৎসাহিত হব পাৰিব আৰু ভাই-ভনীৰ সৈতে শুভেচ্ছাৰ বিনিময়ত প্ৰফুল্লিত হব।
(৪) আপুনি নতুন মণ্ডলীত পৰিচৰ্য্যা সেৱা ভাগ লোৱাৰ আগতে আপোনাৰ স্থানাত্মৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে অপেক্ষা কৰা কোনো আৱশ্যকতা নাই। যেনেকৈ আপুনি ৰাজ্যৰ আগ্ৰহক প্ৰথম স্থান দিব, আপোনাৰ বাবে অন্য কথাবিলাকো চিন্তা কৰা হব আৰু আপুনি নতুন পৰিবেশৰ মাজত নিশ্চয় শান্ত্বনা লাভ কৰিব পাৰিব। (মথি ৬:৩৩) যেতিয়া আপুনি নতুন ঘৰত থাকিবলৈ লব, সম্ভৱতঃ মণ্ডলীৰ কোনো ব্যক্তিক আমন্ত্ৰণ জনাই ভালদৰে চিনাকি হোৱাৰ সুযোগ লাভ কৰিব পাৰিব।—ৰোমী. ১২:১৩খ.
স্থানান্তৰ হোৱাটো এক ডাঙৰ কাৰ্য্য। যিহেতু, যাক অনুমোদিত কৰা হয় সেইসকলৰ লগত জড়িত প্ৰত্যেক ব্যক্তি আধ্যাত্মিকতাৰ কেৰুণ থাকিব নালাগে। সকলোৱে আমাৰ প্ৰিয় খ্ৰীষ্টান ভাতৃত্ববোধৰ গ্ৰহণযোগ্য প্ৰভাৱ থাকিব লাগে।