ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০০ পৃষ্ঠা ৫-৬
  • ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০০ পৃষ্ঠা ৫-৬

ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ

২০০০ চনৰ ছেপ্তেম্বৰ মাহৰ ৪ তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ ১৮ তাৰিখৰ লৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰৰ ওপৰত আধাৰিত কৰি এই পুনৰ নিৰীক্ষণ আলোচনা কৰা হʼব। নিযুক্ত কৰা সময়ত আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগ কাগজ ব্যৱহাৰ কৰক।

[সূচনা: পুনৰ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মাত্ৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্নসমূহৰ পাছত উল্লেখ কৰা সংখ্যাবোৰ ব্যক্তিগতৰূপে আপুনি অনুসন্ধান কৰাত সহায়ৰ বাবে দিয়া হৈছে। প্ৰহৰীদুৰ্গʼৰ পৰা উত্তৰ বিচাৰি পাবলৈ সকলো প্ৰশ্নৰ পাছত পৃষ্ঠা বা অনুচ্ছেদৰ নম্বৰ নাথাকিবও পাৰে।]

প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:

১. দায়ুদে অবীচয়ক, চিমিয়ীক হত্যা কৰাৰ পৰা বাধা দিছিল কিয়নো চিমিয়ীয়ে দায়ুদৰ বিৰুদ্ধে যি অভিযোগ লগাইছিল তাৰ বাবে তেওঁ নিজেই দায়ী আছিল। (২ চমূ. ১৬:⁠৫-​১৩) [সপ্তাহিক বাইবেল পাঠ; w৯৯ ৫/১ পৃ. ৩২ অনু. ৩ চাওঁক।]

২. ভালদৰে প্ৰশিক্ষিত কৰা এক শুদ্ধ বিবেকে মাত্ৰ যিহোৱাৰ সৈতে থকা ব্যক্তিগত সমন্ধকে শক্তিশালী নকৰে কিন্তু আমাৰ উদ্ধাৰৰ বাবেও কাৰ্য্য কৰে। (ইব্ৰী ১০:⁠২২; ১ পিত. ১:⁠১৫, ১৬) [w৯৮ ৯/১ পৃ. ৪ অনু. ৪]

৩. আমি ক্ৰোধীত হোৱাটো হয়তো কোনো কাৰণ থাকিব পাৰে, কিন্তু আমি জানো যে অধিকমাত্ৰাত ক্ৰোধীত হোৱাটো আমাৰ বাবে বাধাৰ কাৰণ হʼব পাৰে। [w৯৯ ৮/১৫ পৃ. ৮, ৯]

৪. যীচুৰ হাজাৰ বছৰীয়া শাসনৰ কালছোৱাক চলোমনৰ ৪০ বছৰীয়া উন্নতিশীল আৰু শান্তিপূৰ্ণ শাসনৰ লগত তুলনা কৰিব পাৰি। (১ ৰাজা. ৪:⁠২৪, ২৫, ২৯) [সপ্তাহিক বাইবেল পাঠ; w৯০ ৬/১ পৃ. ৬ অনু. ৫ চাওঁক।]

৫. অবিয়াক ভালকৈ মৈদাম দিয়া কাৰ্য্যই এইটো স্পষ্ট কৰে যে তেওঁহে যাৰবিয়াম বংশৰ একমাত্ৰ ঈশ্বৰৰ বিশ্বাসী উপাসক আছিল। (১ ৰাজা. ১৪:⁠১০, ১৩) [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৪/১ পৃ. ১২ অনু. ১১ চাওঁক।]

৬. এজন খ্ৰীষ্টান ব্যক্তিয়ে বাপ্তিষ্মা লোৱাৰ অৰ্থ হৈছে তেওঁ ঈশ্বৰৰ এজন পৰিপক্ক ব্যক্তি। [w৯৮ ১০/১ পৃ. ২৮ অনু. ২]

৭. এলিয়া এজন সাহসী ব্যক্তি আছিল কিয়নো যিহোৱাই তেওঁৰ ওপৰত নিজৰ হাত স্থিতি কৰি নিৰাপত্তা প্ৰদান কৰিছিল। (১ ৰাজা. ১৮:⁠১৭, ১৮, ২১, ৪০, ৪৬) [সপ্তাহিক বাইবেল পাঠ; w৯৮ ১/১ পৃ. ৩১ অনু. ২ চাওঁক।]

৮. মান্না আছিল এক প্ৰকাৰৰ প্ৰাকৃতিকৰূপে উৎপন্ন হোৱা খাদ্য। [w৯৯ ৮/১৫ পৃ. ২৫]

৯. ইলীচা আৰু নামানৰ ঘটনাৰ পৰা এইটো জনা যায় যে যিহোৱাই সকলো জাতিৰ সৰল পুৰুষ আৰু স্ত্ৰীক গ্ৰহণ কৰিবলৈ ইচ্ছূক। এই ঘটনাই আমাক আশ্বাস দিয়ে যে আজিৰ জগতত থকা ঠেক-মনৰ ধৰ্ম্মীয় লোকবিলাতকৈ যিহোৱাৰ স্থান সকলোতকৈ উচ্চ। [সপ্তাহিক বাইবেল পাঠ; w৯৯ ৬/১৫ পৃ. ২৩ চাওঁক।]

১০. দ্বিতীয় ৰাজাৱলি ১১:⁠১২ পদত উল্লেখ কৰা “সাক্ষ্য-পুস্তক” এটা লাক্ষণিক প্ৰতীকৰূপে বৰ্ণনা কৰা হৈছিল যে ঈশ্বৰৰ ব্যৱস্থাৰ পৰা ৰজায়ে যি অৰ্থ বাখ্যা কৰে সেয়ে হৈছে সৰ্বশেষ আৰু সকলোৱে ইয়াক পালন কৰা উচিত। [সপ্তাহিক বাইবেল পাঠ; w৯১ ২/১ পৃ. ৩১ অনু. ৬ চাওঁক।]

নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিয়ক:

১১. প্ৰথম যোহন ২:⁠১৫-​১৭ পদৰ সামঞ্জস্যত, যেতিয়া উপযুক্ত চাকৰিৰ বাবে বাচঁনি কৰিবলৈ নিজৰ লʼৰা-ছোৱালীক উপদেশ দিয়া হয়, সেই সময়ত খ্ৰীষ্টান পিতৃ-মাতৃয়ে তেওঁলোকক কিহৰ পৰা আতঁৰি থাকিবলৈ উৎসাহিত কৰিব পাৰে? [w৯৮ ৭/১৫ পৃ. ৫ অনু. ২]

১২. দ্বিতীয় চমূৱেল ১৮:⁠৮ পদত “তৰোৱালে যিমান লোক গ্ৰাস কৰিলে, কাঠনিয়ে তাতকৈ অধিক লোক গ্ৰাস কৰিলে” কোৱা বাক্যশাৰীৰ অৰ্থ কি? [সপ্তাহিক বাইবেল পাঠ; w৮৭ ৩/১৫ পৃ. ৩১ অনু. ২ চাওঁক।]

১৩. বৰ্তমান সময়ত কাক গলিয়াথৰ সম্বন্ধীয়া ব্যক্তি ৰফায়ীমৰ সৈতে তুলনা কৰিব পাৰি আৰু তেওঁলোকে কি কৰিবলৈ প্ৰচেষ্টা কৰে? (২ চমূ. ২১:⁠১৫-​২২) [সপ্তাহিক বাইবেল পাঠ; w৮৯ ১/১ পৃ. ২০ অনু. ৮ চাওঁক।]

১৪. সমকক্ষৰ হেচাঁৰ অৰ্থ কি? [w৯৯ ৮/১ অনু. ২২]

১৫. প্ৰাচীন কালত যিহূদীসকলৰ সময়ত যিজনে বিশ্ৰাম বাৰৰ নিয়ম ভঙ্গ কৰে তেওঁক মৃত্যুদণ্ড দিয়া হয়। আমি ইয়াৰ পৰা কি গুৰুত্বপূৰ্ণ সিধান্ত শিকিব পাৰোঁ? (গণ. ১৫:⁠৩৫) [w৯৮ ৯/১ পৃ. ২০ অনু. ২]

১৬. কি কাৰ্য্য কৰাৰ দ্বাৰা আমি চিবা ৰাণীক অনুকৰণ কৰিব পাৰোঁ, যি গৰাকীয়ে ‘চলোমনৰ সকলো জ্ঞানৰ’ কথা শুনিবলৈ দূৰ দেশৰ পৰা আহিছিল? (১ ৰাজা. ১০:⁠১-​৯) [সপ্তাহিক বাইবেল পাঠ; w৯৯ ৭/১ পৃ. ৩১ অনু. ১-২ চাওঁক।]

১৭. প্ৰথম ৰাজাৱলি ১৭:⁠৩, ৪, ৭-৯, ১৭-২৪ পদৰ অনুসৰি কি তিনিটা কাৰ্য্যৰ যোগেদি এলিয়াই যিহোৱাৰ প্ৰতি থকা তেওঁৰ বিশ্বাস প্ৰকাশ পাইছিল? [সপ্তাহিক বাইবেল পাঠ; w৯২ ৪/১ পৃ. ১৯ অনু. ৫ চাওঁক।]

১৮. নাবোতে দৃঢ়চিত্তৰ মনোভাব নৰখাকৈ আহাব ৰজাক নিজৰ দাক্ষ্যবাৰী দিবলৈ কিয় অস্বীকাৰ কৰিলে? (১ ৰাজা. ২১:⁠২, ৩) [সপ্তাহিক বাইবেল পাঠ; w৯৭ ৮/১ পৃ. ১৩ অনু. ১৮ চাওঁক।]

১৯. বৰ্তমান সময়ত ২ ৰাজাৱলি ৬:⁠১৬ পদত থকা বাক্যশাৰীয়ে কেনেকৈ যিহোৱা সাক্ষীসকলক উৎসাহিত কৰে? [সপ্তাহিক বাইবেল পাঠ; w৯৮ ৬/১৫ পৃ. ১৮ অনু. ৫ চাওঁক।]

২০. সত্য খ্ৰীষ্টানসকলে কি কি পদ্ধতিৰে ঘোচ লোৱাৰ পৰা নিজকে ৰক্ষা কৰা উচিত? [w৯৮ ১১/১৫ পৃ. ২৮ অনু. ৫]

প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰ্ণ কৰিবলৈ আৱশ্যকীয় শব্দ বা বাক্য দিয়ক:

২১. এজন সত্য খ্ৰীষ্টানে _________________________ কৰা আৰু এনে কোনো পৰম্পৰাগত নীতিত ভাগ লোৱাতো উচিত নহয় যিয়ে _________________________ অসন্তোষ কৰে। (হিতো. ২৯:⁠২৫; মথি ১০:⁠২৮) [w৯৮ ৭/১৫ পৃ. ২০ অনু. ৫]

২২. ৰজা আগ্ৰিপ্পৰ আগত সাক্ষী দিয়াৰ সময়ত পৌলে _________________________ অৱলম্বন কৰি কৈছিল যে তেওঁ আৰু আগ্ৰিপ্প _________________________। (পাঁচ. ২৬:⁠২, ৩, ২৬, ২৭) [w৯৮ ৯/১ পৃ. ৩১ অনু. ৩]

২৩. ঈশ্বৰ _________________________ হোৱাৰ বাবে কিছুমানে হয়তো ভাবিব পাৰে যে তেওঁ অস্তিত্ব নাই, কিন্তু একেৰাহে আৰু একান্তমনে _________________________ কৰাৰ দ্বাৰা এজন ব্যক্তিয়ে ‘অদৃশ্য জনাক দেখা পাবলৈ’ সমৰ্থ হʼব। (ইব্ৰী ১১:⁠২৭) [w৯৮ ৯/১৫ পৃ. ২১ অনু. ৩-৪]

২৪. অৰামীয়াৰ সেনাপতি _________________________ ঘটনাটোৰ পৰা দেখা গʼল যে কেতিয়াবা অলপ _________________________ বজাই ৰাখি কাৰ্য্য কৰিলে অধিক লাভৱান হʼব পাৰি। [সপ্তাহিক বাইবেল পাঠ; w৯৯ ২/১ পৃ. ৩ অনু. ৬-পৃ. ৪ অনু. ১ চাওঁক।]

২৫. যিদৰে যিহোনাদবৰ অন্তঃকৰণ ৰজা যেহূৰ সৈতে আছিল, ঠিক সেইদৰে আজিৰ সময়ত মহান যেহূ অৰ্থাৎ _________________________ আৰু এই পৃথিৱীত তেওঁৰ প্ৰতিনিধি, _________________________ ভাইসকলৰ সৈতে _________________________ অন্তঃকৰণ আছে। (২ ৰাজা. ১০:⁠১৫, ১৬) [সপ্তাহিক বাইবেল পাঠ; w৯৮ ১/১ পৃ. ১৩ অনু. ৫-৬ চাওঁক।]

প্ৰত্যেক নিম্নলিখিত উক্তিৰ শুদ্ধ উত্তৰ বাচঁনি কৰক:

২৬. (চয়তানে; যিহোৱাই; যাকোবে) ‘ইস্ৰায়েলক গণনা’ কৰিবলৈ দায়ূদক উৎসাহিত কৰিছিল। (২ চমূ. ২৪:⁠১) [সপ্তাহিক বাইবেল পাঠ; w৯২ ৭/১৫ পৃ. ৫ অনু. ২ চাওঁক।]

২৭. যিৰূচালেমত যিহোৱাৰ মন্দিৰ সমৰ্পণ কৰাৰ সময়ত ৰজা চলোমনে সকলোৰে আগত কৰা প্ৰাৰ্থনাত, তেওঁৰ (নম্ৰতা; বুদ্ধি; মন্দিৰ নিৰ্মাণ কৰাৰ বাবে অহঙ্কাৰ) প্ৰকাশ পাইছিল। [সপ্তাহিক বাইবেল পাঠ; w৯৯ ১/১৫ পৃ. ১৭ অনু. ৭ চাওঁক।]

২৮. চলোমনে যিহোৱাৰ গৃহ আৰু মন্দিৰ নিৰ্মাণ কৰা বিশ বছৰৰ কালছোৱাক, বিশ্বাসৰ মূলনীতি আৰু সংগঠনিক সাল-সলনি কৰা সময়ৰ সৈতে তুলনা কৰা হৈছে। যাৰ আৰম্ভ (১৯১৯; ১৯২৩; ১৯৩১) চনত আৰু (১৯৩৮; ১৯৪২; ১৯৫০) চনত সমাপ্ত হৈছিল। (১ ৰাজা. ৯:⁠১০) [সপ্তাহিক বাইবেল পাঠ; w৯২ ৩/১ পৃ. ২০ বক্স চাওঁক।]

২৯. দ্বিতীয় ৰাজাৱলি ২:​১১ পদত উল্লেখ কৰা “স্বৰ্গ,” (ঈশ্বৰৰ আধ্যাত্মিক বাসস্থান; পাৰ্থিৱ বিশ্বব্ৰহ্মাণ্ড; পক্ষীবোৰে উৰি ফুৰা আৰু বায়ুমণ্ডল অৰ্থাৎ এই পৃথিৱীখনৰ পৰিবেশক) বুজায়। [সপ্তাহিক বাইবেল পাঠ; w৯৭ ৯/১৫ পৃ. ১৫ বক্স চাওঁক।]

৩০. (মহাৰাজ হেৰোদে; আগস্ত কৈচৰে; তিবিৰিয়া কৈচৰে) জনসংখ্যা গণনা কৰিবলৈ আদেশ দিছিল যাৰ ফলস্বৰূপে যীচুৰ জন্ম নাচৰতৰ পৰিবৰ্তে বৈৎলেহেমত হয়। [w৯৮ ১২/১৫ পৃ. ৭ বক্স]

নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত দিয়া তালিকাৰ উক্তিবোৰৰ সৈতে মিলাওঁক:

গীত. ১৫:⁠৪; ইব্ৰী ১০:⁠২৪, ২৫; ২ ৰাজা. ৩:⁠১১; কল. ৩:⁠১৩; গালা. ৬:⁠১০

৩১. খ্ৰীষ্টান ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰি লাভ কৰা উত্তম উদগণিয়ে হৈছে এটা কাৰণ যাৰ বাবে যিহোৱাই তেওঁৰ লোকসকলক নিয়মিতৰূপে একত্ৰিত হʼবলৈ উৎসাহিত কৰিছে। [w৯৯ ৮/১ পৃ. ২৩]

৩২. স্ফুৰ্তিদায়ক, সঠিক কাৰ্য্যই আমাক হিতজনক কৰ্ম্মৰ প্ৰতি বিচাৰ-ধাৰা ৰাখি সহানুভূতি দেখুৱাবলৈ আৰু বিশ্বাসী হʼবলৈ সহায় কৰে। ইয়াৰ ওপৰিও ই আমাক অন্যক উৎসাহিত কৰিবলৈ আৰু ভূল বুজা-বুজি ফলত উৎপন্ন হোৱা ক্ৰোধৰ পৰা আঁতৰাই ৰাখে। [w৯৯ ৮/১৫ পৃ. ৯]

৩৩. যিহোৱাৰ দয়াৰ প্ৰতি থকা মূল্যাঙ্কনে এজন ব্যক্তিক সহনীয় হʼবলৈ আৰু ক্ৰুটিবোৰক ওপৰত জয়ী হʼবলৈ সহায় কৰে। [w৯৮ ১১/১ পৃ. ৬ অনু. ৩]

৩৪. যিসকল বিশ্বাসী সেৱকে যিহোৱাৰ বিশেষ সেৱাত লাগি আছে, তেওঁলোকৰ প্ৰতি অতিথি সৎকাৰ দেখুৱা আৰু নম্ৰভাৱে সেৱা-শুশ্ৰূষা আগবঢ়োৱাটো আমাৰ বাবে এক বিশেষ অধিকাৰ। [সপ্তাহিক বাইবেল পাঠ; w৯৭ ১১/১ পৃ. ৩১ অনু. ১ চাওঁক।]

৩৫. এজন ঈশ্বৰৰ প্ৰতি ভয় ৰখা ব্যক্তিয়ে তেওঁৰ অৱস্থা আকস্মিকতে বেয়া হোৱাৰ স্বত্ত্বেও ঋণ দিওঁতা ব্যক্তিজনক কথা দিয়াৰ মতে ঋণ পৰিশোধ কৰে। [w৯৮ ১১/১৫ পৃ. ২৭ অনু. ১]

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক