ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০১ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০১ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ জানুৱাৰী: বিশংতিতম্‌ শতাব্দীৰ যিহোৱা সাক্ষীসকল আৰু যিহোৱা সাক্ষীসকলে ঐক্যতাবদ্ধৰূপে গোটেই পৃথিৱীত ঈশ্বৰৰ ইচ্ছাক পূৰ্ণ কৰিছে এই দুখন ব্ৰচাৰ আগবঢ়াব পাৰে। ইয়াৰ উপৰিও উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ যিকোনো পুৰণি কিতাপো আগবঢ়াব পাৰে। ফেব্ৰুৱাৰী: জীৱন​—⁠ইয়াত কেনেকৈ আহিল? ক্ৰমবিকাশৰ দ্বাৰা নে সৃষ্টিৰ দ্বাৰা, প্ৰকাশিত বাক্য​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! বা মণ্ডলীত উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপো আগবঢ়াব পাৰে। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখনৰ বিতৰণ। বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষভাবে চেষ্টা কৰা হʼব। এপ্ৰিল: প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ বিতৰণ। যি আগ্ৰহী লোকসকলক পুনৰ সাক্ষাত কৰে তেওঁলোকক আলোচনীৰ গ্ৰাহকতা আগবঢ়াব পাৰে। ইয়াৰ ওপৰিও সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল আৰু মোৰ পুস্তক বাইবেলৰ গল্প নামৰ এই দুখন কিতাপ আগবঢ়াব পাৰে।

▪ ২০০১ চনৰ কেলেণ্ডাৰৰ শেষৰ পৃষ্ঠাত উল্লেখ কৰা ২০০২ চনৰ স্মৰণীয় পৰ্বৰ উদ্‌যাপন মাৰ্চ মাহৰ ২২ তাৰিখ শুক্ৰবাৰৰ পৰিৱৰ্ত্তে ২৮ তাৰিখ, বৃহস্পতিবাৰে সূৰ্য্য অস্ত যোৱাৰ পাছত পালন কৰা হʼব। এই জাননী এইবাবে আগতীয়াকৈ দিয়া হৈছে, কিয়নো যি ৰাজ্যগৃহবিলাক এখনতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, সেই মণ্ডলীসমূহে যাতে স্মৰণীয় পৰ্ব পালন কৰিবলৈ সুবিধাযুক্ত আন স্থানীয় সভাগৃহক সংৰক্ষিত কৰিব পাৰে। প্ৰাচীনসকলে যি সভাগৃহবোৰ সংৰক্ষিত কৰিব, তাৰ অধিকাৰীৰ সৈতে এটা চুক্তি কৰা উচিত যে স্মৰণীয় পৰ্ব্বৰ উদ্‌যাপনৰ সময়ত যাতে কোনো প্ৰকাৰৰ হুলস্থুল নহয় আৰু ইয়াক শান্তিৰে পালন কৰিব পাৰে। স্মৰণীয় পৰ্ব হৈছে এটা বিশেষ পৰ্ব আৰু সেইবাবে প্ৰাচীনসকলে সেই দিনত ভাষণ দিবলৈ এনে এজন ভাইক নিৰ্ব্বাচিত কৰা উচিত যিজন অধিক উপযুক্ত। কিন্তু এই কাৰ্য্য মাত্ৰ পাল পৰা ভাই বা একেজন ভাইকে প্ৰত্যেক বছৰে ভাষণ দিবলৈ কোৱাটো উচিত নহয়। যদি মণ্ডলীত অভিষিক্ত বৰ্গৰ কোনো প্ৰাচীন ভাই আছে, মাত্ৰ তেওঁহে এই ভাষণ প্ৰত্যেক বছৰে দিব পাৰে।

▪ সকলো বাপ্তিষ্মা লোৱা প্ৰচাৰকসকলক আগ্ৰিম চিকিৎসীয় নিৰ্দেশ-পত্ৰ/মুক্তি পত্ৰ আৰু তেওঁলোকৰ লʼৰা-ছোৱালীৰ বাবে চিনাক্ত পত্ৰ লবলৈ জানুৱাৰী ৮ তাৰিখে হʼবলগীয়া সেৱা সভাত উপস্থিত থাকিবলৈ অনুৰোধ কৰা হʼল।

▪ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে বা মাৰ্চ মাহৰ ৪ তাৰিখৰ আগতে চাৰ্কিট ওভাৰচিয়াৰে দিবলগীয়া ৰাজহুৱা ভাষণৰ বিষয় হৈছে, “মহা-বিচাৰৰ দিন​—⁠আমাৰ বাবে আশাৰ নে ভয়ৰ দিন?”

▪ মণ্ডলীসমূহে এপ্ৰিল মাহৰ ৮ তাৰিখ দেওবাৰে সূৰ্য্য অস্ত যোৱাৰ পাছত স্মৰণীয় পৰ্ব পালন কৰিবলৈ আগতীয়াকৈ সুবিধাজনক ব্যৱস্থা কৰা উচিত। যদিও ভাষণ সূৰ্য্য অস্ত যোৱাৰ আগতে আৰম্ভ কৰা হয়, কিন্তু স্মৰণীয় প্ৰতীক সূৰ্য্য অস্ত যোৱাৰ পাছতেহে ৰাইজৰ আগেদি সঞ্চালিত কৰা আৱশ্যক। আপোনাৰ স্থানত সূৰ্য্য অস্ত যোৱাৰ সময়ৰ বিষয়ে জানিবলৈ স্থানীয় বাতৰি কাকতত চাওঁক। যিহেতু সেই দিনা হʼবলগীয়া প্ৰচাৰ কাৰ্য্যৰ সভাৰ বাহিৰে আন কোনো সভা নাথাকিব। গতিকে প্ৰহৰীদুৰ্গ অধ্যয়নৰ পৰিচালকে সেই সভাৰ বাবে আন এটা দিন নিৰ্ধাৰিত কৰা আৱশ্যক। চাৰ্কিট ওভাৰচিয়াৰসকলে স্থানীয় পৰিস্থিতিৰ অনুসাৰে হʼবলগীয়া সভা আন এটা দিনলৈ সলনি কৰা উচিত। যিহেতু যদিও সকলো মণ্ডলীয়ে নিজাকৈ স্মৰণী পৰ্ব উদ্‌যাপন কৰাটো বাঞ্চনীয়, কিন্তু সকলো সময়তে তেনে কৰাটো সম্ভৱ নহয়। সাধাৰণতে যি ৰাজ্য গৃহবোৰক এটাতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, তেওঁলোকে এই পৰ্ব পালন কৰিবলৈ আগতীয়াকৈ আন এখন ঠাইৰ ব্যৱস্থা কৰিব পাৰে। সেই স্থানবিলাকত যিমান সম্ভৱ স্মৰণীয় পৰ্ব উদ্‌যাপন আৰম্ভ কৰিবলৈ অন্ততঃ ৪০ মিনিট সময় দিয়া আৱশ্যক, যাতে আগ্ৰহী লোকসকলৰ সৈতে চিনাকি হৈ তেওঁলোকক উৎসাহিত কৰিব পাৰে। গাড়ী বা আন যান-বাহন ৰখা বা আনক গাড়ীৰে অনা-নিয়া কৰাৰ সময়ত সতৰ্কতা অৱলম্বন কৰা আৱশ্যক, যাতে ই আনৰ বাবে কোনো ধৰণৰ বাধা সৃষ্টি নকৰে। স্থানীয়ভাৱে কেনে ব্যৱস্থা কৰিলে উত্তম হʼব এই বিষয়ে প্ৰাচীনসকলে আগতীয়াকৈ ব্যৱস্থা কৰা উচিত।

▪ ২০০১ চনৰ স্মৰণীয় পৰ্বৰ সপ্তাহটোত দিবলগীয়া ৰাজহুৱা ভাষণ এপ্ৰিল মাহৰ ১ তাৰিখ, দেওবাৰে দিয়া হʼব। সেই ভাষণৰ বিষয় হৈছে “কোনসকলে ৰক্ষা পাব?” ইয়াৰ বাবে মণ্ডলীসমূহত পৰিলেখ দিয়া হʼব। যদি মণ্ডলীসমূহত উক্ত দিনটোত চাৰ্কিত ওভাৰচিয়াৰৰ ভিজিট্‌, চাৰ্কিত সন্মিলন বা এদিনীয়া বিশেষ সন্মিলন থাকে, তেন্তে তেওঁলোকে এপ্ৰিল মাহৰ ৯ তাৰিখে সেই ভাষণটো দিবলৈ ব্যৱস্থা কৰিব পাৰে। কোনো মণ্ডলীতে ২০০১ চনৰ এপ্ৰিল মাহৰ ১ তাৰিখৰ আগতে এই ভাষণ দিয়াটো উচিত নহʼব।

▪ ২০০১ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখৰ পৰা সচেতন! আলোচনীখন উৰ্দু ভাষাত মাহেকীয়া হিচাপে প্ৰকাশ পাব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক