আমাৰ আলোচনীসমূহক বিতৰণ কৰাৰ ব্যৱস্থাক সৰলীকৰণ কৰা
১ আমাৰ আলোচনীসমূহক কোনো মূল্য নোলোৱাকৈ বিতৰণৰ ব্যৱস্থা কৰা আজি এবছৰ হʼল। এই ব্যৱস্থাৰ যোগেদি সফলতা পোৱা গʼলনে? নিশ্চয়ে পোৱা গৈছে। কিয়নো প্ৰচাৰ ক্ষেত্ৰৰ পৰা পোৱা ৰিপৰ্টে দেখুৱাইছে যে আলোচনীসমূহৰ বিতৰণৰ সংখ্যা বৃদ্ধি পাইছে। বাস্তৱতে লাখ-লাখ লোকক “বিনা মূল্যে জীৱন-জল” গ্ৰহণ কৰিবলৈ সুযোগ দিয়া হৈছে।—প্ৰকা. ২২:১৭.
২ যিহেতু, আমি যি কোনো ব্যক্তিক নভৱা-নিচিন্তাকৈ আলোচনীবোৰ নিদিওঁ। গতিকে সংস্থাই মণ্ডলীৰ যোগেদি প্ৰবন্ধ কৰা আলোচনীসমূহক আমাৰ নিজৰ বহুমূলীয়া সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি কোনো মূল্য নোলোৱাকৈ গৃহস্থক দিম। কিন্তু আলোচনীসমূহক কোনো মূল্য নোলোৱাকৈ প্ৰচাৰকসকলক দিয়াৰ অৰ্থ এইটো নহয় যে সংস্থাই ইয়াক প্ৰকাশ আৰু বিতৰণ কৰাৰ বাবে কোনো খৰচ বহন কৰিবলগীয়া হোৱা নাই। এতেকে সকলোৱে ইয়াৰ বাবে মূল্যাঙ্কন কৰা উচিত যে নম্ৰ হৃদয়ৰ লোকৰ বাবেহে এই প্ৰৱন্ধ কৰা হৈছে যাতে তেওঁলোকে যিহোৱা আৰু যীচু খ্ৰীষ্টৰ সঠিক জ্ঞান লাভ কৰিব পাৰে।—যোহ. ১৭:৩.
৩ কিন্তু সংস্থাই কেনেকৈ কোনো মূল্য নোলোৱাকৈ এই আলোচনীসমূহক প্ৰকাশ কৰাত সক্ষম হৈছে? এই আলোচনীসমূহৰ প্ৰকাশ আৰু বিতৰণ বাবে প্ৰচুৰ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয়। এই ধন দান-বৰঙণিৰ দ্বাৰা প্ৰাপ্ত কৰা হয়। যিহোৱাৰ সমৰ্পিত ভাই-ভনীসকলে এই দান-বৰঙণি আগবঢ়োৱাত আগভাগ লয়। কিয়নো যিহোৱাৰ সাক্ষীসকলে সকলোতকৈ গুৰুত্বপূৰ্ণ ৰাজ্যৰ বাৰ্ত্তাক প্ৰচাৰ কৰিবলৈ কোনো ৰাজহুৱা বৰঙণিৰ বাবে অপেক্ষা নকৰে। ইয়াৰ ওপৰিও তেওঁলোকে ৰাইজৰ পৰা বৰঙণি বিচাৰি ঘৰে-ঘৰে নাযায়। যিহেতু নম্ৰ হৃদয়ৰ লোকে কৰা অলপ পৰিমাণৰ দান-বৰঙণিৰ দ্বাৰাই প্ৰচাৰ ক্ষেত্ৰত এই আলোচনীবোৰক আনক দিবৰ বাবে প্ৰকাশ কৰিবলৈ সক্ষম হয়।
আমি কৰা দান-বৰঙণিয়ে কি কাৰ্য্য সম্পন্ন কৰে
৪ বিশ্বজুৰি বাইবেলৰ শিক্ষা দিয়া কাৰ্য্যক কিদৰে স্বইচ্ছাৰে কৰা দান-বৰঙণিৰে সাহায্য আগবঢ়োৱা হয়, এই বিষয়ে প্ৰচাৰ কাৰ্য্যত চমু আৰু স্পষ্টকৈ কবলৈ আমি প্ৰস্তুত থকা আৱশ্যক। এতেকে লাভ কৰা সকলোবোৰ দান-বৰঙণি, বৰ্তমান সময়ত ৰাজ্যৰ প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰিবলৈ বৃহতভাৱে খৰচ কৰা হয়। ইয়াৰ উপৰিও এই দান-বৰঙণিসমূহক সংস্থাৰ শাখা কাৰ্য্যালয়, বেথেল গৃহ, মিনিচট্ৰীয়েল টেইনিং স্কুল, বিশেষ অগ্ৰগামী সেৱা, ট্ৰেভেলিং ওভাৰচিয়াৰ আৰু যীচুৱে তেওঁৰ অনুগামীসকলক কৰিবলৈ কোৱা আন-আন আৱশ্যকীয় কাৰ্য্যৰ বাবে খৰচ কৰা হয়।—মথি ২৪:১৪; ২৮:১৯, ২০.
৫ যিহোৱাৰ সাক্ষীসকলৰ ভিতৰত এই গুৰুত্বপূৰ্ণ কাৰ্য্যক বৃদ্ধি হোৱা দেখি বহুতে ভাই-ভনীয়েও স্বইচ্ছাৰে সংস্থাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আনহাতে বহুতো ভাই-ভনীয়ে সংস্থাৰ শাখা অফিচ আৰু ৰাজ্য গৃহ নিৰ্ম্মাণ কাৰ্য্য অথবা আন দেশলৈ গৈ প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ ব্যক্তিগতভাৱে সক্ষম নহয়। কিন্তু তেওঁলোকে বৃদ্ধি হোৱা ৰাজ্যৰ কাৰ্য্যত কিছু মাত্ৰাত অংশ গ্ৰহণ কৰিবলৈ, নিয়মীয়াকৈ বিশ্বজুৰি কাৰ্য্যৰ বাবে দান-বৰঙণি আগবঢ়ায়। (১ কৰিন্থীয়া ১৬:১, ২ পদৰ সৈতে তুলনা কৰক।) এইধৰণে সংস্থাই সকলোবোৰ কাৰ্য্য আৰু আলোচনী বিতৰণৰ খৰচ বহন কৰে। গতিকে বিশ্বজুৰি কাৰ্য্যৰ বাবে দিয়া দান-বৰঙণিক মাত্ৰ আলোচনীসমূহৰ খৰচ বহন কৰিবলৈ দিয়া দান বুলি কোনেও দৃষ্টি কৰা উচিত নহয়।
৬ যেতিয়া আমি কোনো গৃহস্থক বা আনক সাক্ষী দিবলৈ আগবাঢ়োঁ, তেতিয়া সকলোৱে বাইবেলৰ পৰা আলোচনা কৰিবলৈ প্ৰস্তুত থকা আৱশ্যক। হৃদয় স্পৰ্শ কৰা বাইবেলৰ এনে বিভিন্ন বিষয়সমূহক প্ৰস্তুত কৰিবলৈ ৰিজনিং ফ্ৰম দ্যা স্ক্ৰিপচাৰ নামৰ কিতাপত বা আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত বহুতো পৰামৰ্শ আগবঢ়োৱা হৈছে। এতেকে প্ৰচাৰকসকলে যেতিয়া গৃহস্থক আলোচনী আগবঢ়াই, তেতিয়া তেওঁলোকে লক্ষ্য কৰা আৱশ্যক যে সেই ব্যক্তিজনে সঁচাকৈ আলোচনীবোৰ পঢ়াত আগ্ৰহী হয় নে নহয়। যদি সেই ব্যক্তিজনে আগ্ৰহী নহয়, সাৱধানে তেওঁৰ সৈতে কথা-বতৰা বন্ধ কৰক আৰু তেওঁক কোনো কিতাপ বা আন আলোচনী দিয়াৰ আৱশ্যক নাই। অন্যথা আপুনি তেওঁৰ ওচৰত হেণ্ডবিল বা এখন ট্ৰ্যাক্ট দি তেওঁক তাত থকা বাৰ্ত্তাক পঢ়িবলৈ কʼব পাৰে। আপুনি সেই ব্যক্তিজনে কিমান আগ্ৰহী এই কথা লক্ষ্য কৰি তেওঁক পুনৰ সাক্ষাৎ কৰিব পাৰে। ঠিক একেইদৰে যি ঠাইবোৰত ব্যক্তিসকল ব্যস্ত বা অসময়ত তেওঁলোকৰ ওচৰলৈ যোৱাৰ বাবে অৰ্থপূৰ্ণৰূপে আলোচনা কৰিবলৈ সময় পোৱা নাযায়, তেনে ব্যক্তিসকলকো পুনৰ সাক্ষাত কৰিব পাৰে।
৭ আমাৰ আলোচনীসমূহক বিতৰণ কৰাৰ ব্যৱস্থাক সৰলীকৰণ কৰাৰ বাবে সকলোকে বাইবেল শিক্ষাৰ কাৰ্য্যক ব্যৱসায়ীক দৃষ্টিভঙ্গীৰে নাচাবলৈ সহায় কৰিব। ইয়াৰ ওপৰিও ই আমাক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰি যীচু খ্ৰীষ্টই দিয়া আজ্ঞাক পালন কৰিবলৈ অৰ্থাৎ শিষ্য বনোৱা কাৰ্য্যত সহায় কৰিব। এতেকে “বিনামূলীয়া যোগান ধৰা” আন সংগঠনৰ বিপৰীতে যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ সাহিত্যসমূহক কোনো মূল্য নোলোৱাকৈ সকলোকে বিতৰণ কৰি আনন্দিত হয়। (শেষৰ অংশ ৭ পৃষ্ঠাত দিয়া হৈছে)
বিশ্বজুৰি কৰা এই কাৰ্য্যৰ বাবে তেনে ব্যক্তিসকলক কোনো দান-বৰঙণিৰ বাবে অনুৰোধ কৰা নহয় যিসকলে আমাৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহী নহয়। (নবেম্বৰ ১, ২০০০ চনৰ প্ৰহৰীদুৰ্গ আলোচনীৰ ২৮-৩১ পৃষ্ঠা চাওঁক।) দান-বৰঙণিৰ এশ শতাংশ ভাগেই বিশ্বজুৰি বাইবেলৰ শিক্ষা আগবঢ়োৱাৰ কাৰ্য্যত খৰচ কৰা হয়। এই কাৰ্য্য এইবাবে সফল হʼব পাৰিছে, কিয়নো এই কাৰ্য্যত স্বইচ্ছাৰে ভাগ লোৱা ভাই-ভনীসকলে কোনো বেতন বা কমিচন নলয়। ইয়াৰ ওপৰিও সংস্থাত থকা ভাই-ভনীসকলকো কোনো প্ৰকাৰৰ দৰমাহ দিয়া নহয়। বিশ্বজুৰি কৰা কাৰ্য্যৰ বাবে গ্ৰহণ কৰা দান-বৰঙণি বিষয়টো মাত্ৰ সেই ব্যক্তিসকলৰ সৈতে আলোচনা কৰা হয়, যিসকলে আমাৰ কাৰ্য্যৰ প্ৰতি আগ্ৰহী বা এই বিষয়ে জানিব বিচাৰে।
৮ আমি যেনেকৈ আমাৰ প্ৰচাৰ কাৰ্য্য আৰু সংস্থাই প্ৰবন্ধ কৰা আলোচনীবোৰক উৎসাহেৰে বিতৰণ কৰিম, যিহোৱাইও আমাক এই কাৰ্য্যৰ বাবে আশীৰ্ব্বাদ দিব। নম্ৰ হৃদয়ৰ লোকসকলে আমাৰ এই কাৰ্য্যক আগবঢ়াবলৈ আমি কৰা অৰ্থপূৰ্ণ বৰ্ণনাক প্ৰশংসা কৰে আৰু তেওঁলোকেও ইয়াৰ বাবে স্বইচ্ছাৰে দান-বৰঙণি আগবঢ়াবলৈ পাই আনন্দিত হয়।
আমাৰ আলোচনীসমূহক বিতৰণ কৰাৰ ব্যৱস্থাক সৰলীকৰণ কৰা (আগৰ পৃষ্ঠাৰ পৰা)