প্ৰেমে আমাক প্ৰচাৰ কৰিবলৈ প্ৰেৰণা দিয়ে
১ যিহোৱাৰ সাক্ষীৰূপে আমি ৰাজ্যৰ বাৰ্ত্তাক উৎসাহীৰূপে প্ৰচাৰ কৰা বুলি জনাজাত। (মথি ২৪:১৪) গোটেই বিশ্বত ৬০ লাখতকৈও অধিক সক্ৰিয় প্ৰচাৰক আছে; তদুপৰি যেতিয়া নতুন প্ৰচাৰকসকলে আমাৰ প্ৰচাৰ কাৰ্য্যত ভাগ লয়, তেতিয়া আমি অধিক আনন্দিত হওঁ। এই কাৰ্য্যত ভাগ লোৱাৰ যোগেদি এই সংখ্যাৰ লোকসকলে সকলোকে গোট খুৱাইছে।
২ এনেধৰণৰ প্ৰত্যহ্বানজনক কাৰ্য্য স্বইচ্ছাৰে কৰিবলৈ কিহে আমাক প্ৰেৰণা দিয়ে? ইয়াৰ বাবে আমাক কোনেও জোৰ কৰা নাই, ভৌতিক বস্তুবাদী হʼবলৈ প্ৰলোভিত কৰা নাই বা কোনো বিশেষ সন্মান আগবঢ়োৱা নাই। প্ৰথমতে, অযোগ্য অনুভৱ কৰা আৰু ৰাইজৰ পৰা সঠিক প্ৰত্যুত্তৰ নোপোৱাৰ বাবে আমাৰ বহুতে নিৰুৎসাহী হৈ পৰিছিল। (মথি ২৪:৯) কিহে আমাক এই কাৰ্য্য কৰিবলৈ প্ৰেৰণা দিয়ে, এই বিষয়ে বহুতো পৰ্য্যবেক্ষকে চিন্তিত হয়। এই কাৰ্য্য অবিৰামভাৱে কৰি থাকিবলৈ আমাৰ ওচৰত এক উপযুক্ত কাৰণ আছে।
৩ প্ৰমৰ শক্তি: যীচুৱে সকলোতকৈ মহান আজ্ঞাৰ বিষয়ে ব্যাখ্যা কৰি এইদৰে কৈছিল যে আমি ‘সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত, আৰু শক্তিৰে যিহোৱাক প্ৰেম’ কৰা আৱশ্যক। (মাৰ্ক ১২:৩০) যিহোৱাৰ প্ৰতি থকা প্ৰেমে আমাক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ প্ৰেৰণা দিয়ে যে তেওঁ কোন আৰু কেনে প্ৰকাৰৰ ব্যক্তি। এই প্ৰেমে আমাক জানিবলৈ সহায় কৰে যে তেওঁ এজন সাৰ্ব্বভৌম শাসক, সকলো বস্তুৰ সৃষ্টিকৰ্ত্তা, যিজনে ‘প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য।’ (প্ৰকা. ৪:১১) তেওঁৰ অদ্ভূত গুণবোৰক কাৰো সৈতে তুলনা কৰিব নোৱাৰি।—যাত্ৰা. ৩৪:৬, ৭.
৪ যিহোৱাক জনা আৰু তেওঁৰ প্ৰতি থকা প্ৰেমে আমাক মানুহৰ আগত আমাত থকা পোহৰ প্ৰকাশিত কৰিবলৈ প্ৰেৰণা দিয়ে। (মথি ৫:১৬) যেতিয়া আমি সকলোৰে আগতে তেওঁৰ স্তুত্তি কৰোঁ, তেওঁৰ আচৰিত কাৰ্য্যৰবোৰৰ বিষয়ে কওঁ আৰু তেওঁৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰোঁ সেই সময়ত আমি আমাৰ পোহৰ প্ৰকাশিত কৰোঁ। আকাশৰ মাজত উড়ি ফুৰা স্বৰ্গদূতৰ দৰে আমাৰ ওচৰত “সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ আগত প্ৰচাৰ কৰিবলৈ অনন্ত শুভবাৰ্ত্তা” আছে। (প্ৰকা. ১৪:৬) এই বিশ্বজুৰি প্ৰচাৰ কাৰ্য্যক সম্পন্ন কৰিবলৈ প্ৰেমে আমাক উত্তেজিত কৰে।
৫ আমাৰ এই প্ৰচাৰ কাৰ্য্যক জগতে “মূৰ্খতা” বুলি দৃষ্টি কৰে আৰু সেইবাবে ইয়াৰ প্ৰতি আওকাণ কৰে। (১ কৰি. ১:১৮) আমাৰ কাৰ্য্য বন্ধ কৰিবলৈ বহু প্ৰকাৰৰ চেষ্টা কৰা হৈছে। আমাৰ নিষ্ঠাৱান প্ৰেমে পাঁচনিসকলে কৰাৰ দৰে ঘোষণা কৰিবলৈ আমাক শক্তিশালী কৰে। তেওঁলোকে এইদৰে কৈছিল: “আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ। . . . মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।” (পাঁচ. ৪:২০; ৫:২৯) সেইবাবে ইমান বিৰোধীতাৰ স্বত্তেও এই প্ৰচাৰ কাৰ্য্য পৃথিৱীৰ সকলো ভাগতে একেৰাহে বৃদ্ধি হৈ আছে।
৬ যিহোৱাৰ বাবে আমাৰ প্ৰেম একুৰা জ্বলি থকা জুইৰ দৰে যিয়ে তেওঁৰ পৰম গুণবোৰক সকলোৰে আগত ঘোষণা কৰিবলৈ আমাক বাধ্য কৰে। (যিৰি. ২০:৯; ১ পিত. ২:৯) আমি একেৰাহে “জাতিবিলাকৰ মাজত তেওঁৰ কাৰ্য্যবোৰ প্ৰকাশ কৰা, . . . তেওঁ উত্তম কৰ্ম্ম” জনাজাত কৰিম!”—যিচ. ১২:৪, ৫.