সভাবোৰত উপস্থিত হʼবলৈ আনক সহায় কৰক
১ নৱেম্বৰ ১৮৮০ চনৰ জাইঅন ৱাচ্টাৱাৰʼত এই বুলি ঘোষণা কৰা হৈছিল “ওচৰে-পাজৰে থকা বন্ধুসকল . . . যিসকলে সভাবোৰত উপস্থিত হʼবলৈ বিচাৰিছে তেওঁলোকক আন্তৰিকতাৰে শুভেচ্ছা জনোৱা হৈছে।” তেতিয়াৰে পৰাই যিহোৱাৰ সাক্ষীসকলে লোকসকলক বাইবেলৰ সিদ্ধান্তৰ বিষয়ে শিকিবলৈ, একত্ৰিত হʼবলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনাই আহিছে। (প্ৰকা. ২২:১৭) কিয়নো এইয়া হৈছে সত্য উপাসনাৰ এক অতি গুৰুত্বপূৰ্ণ ভাগ।
২ সভাবোৰত উপস্থিত হোৱাটো গুৰুত্বপূৰ্ণ: যেতিয়া আমি মণ্ডলীত একত্ৰিত হওঁ ইয়ে মণ্ডলীলৈ আশীৰ্ব্বাদ কঢ়িয়াই আনে। তদুপৰি আমি আমাৰ মহান ঈশ্বৰ, যিহোৱাক ভালদৰে জানিব পাৰিছোঁ। “যিহোৱাৰ দ্বাৰাই শিক্ষিত” হʼবলৈ আমি সকলোৱে মণ্ডলীত একত্ৰিত হওঁ। (যিচ. ৫৪:১৩) তেওঁৰ সংগঠনে বাইবেলৰ শিক্ষাৰ বাবে একেলেথাৰি কাৰ্য্যক্ৰমৰ পৰিলেখ দিয়ে যাতে আমি অধিকৰূপে তেওঁৰ কাষ চাপিব পাৰোঁ আৰু “ঈশ্বৰৰ আটাই আলচক” নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ ব্যৱহাৰিক সহায় লাভ কৰোঁ। (পাঁচ. ২০:২৭; লূক ১২:৪২) সভাবোৰে ঈশ্বৰৰ বাক্যৰ দ্বাৰা ব্যক্তিগতভাৱে শিক্ষিত হʼবলৈ প্ৰশিক্ষণ দিয়ে। শাস্ত্ৰৰ সোঁৱৰণি বাক্যই আমাক আনৰ আৰু যিহোৱাৰ সৈতে উত্তম সম্বন্ধ বজাই ৰাখি আনন্দ প্ৰাপ্ত কৰিবলৈ সহায় আগবঢ়ায়। ঈশ্বৰক প্ৰেম কৰোঁতাসকলৰ সৈতে কৰা সঙ্গতিয়ে আমাৰ বিশ্বাসক অধিক শক্তিশালী কৰে।—ৰোমী. ১:১১, ১২.
৩ সভাবোৰলৈ পোনপটীয়াকৈ নিমন্ত্ৰণ দিয়ক: প্ৰত্যেক বাইবেল বিদ্যাৰ্থীক প্ৰথম অধ্যয়ন আৰম্ভ কৰা সময়ৰ পৰাই সভাত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। তেওঁক ৰাজ্যগৃহৰ ঠিকনা থকা এখন হেন্ডবিল দিয়ক। হৈ যোৱা সভাৰ পৰা আপুনি কেনেকৈ উৎসাহিত হʼল আৰু আহিবলগীয়া সভাবোৰত কি কি আলোচনা কৰা হʼব তাৰে কিছুমান বিষয়ক তেওঁৰ সৈতে আলোচনা কৰি তেওঁক উৎসাহিত কৰক। ৰাজ্যগৃহ দেখিবলৈ কেনেধৰণৰ তাক বৰ্ণনা কৰক আৰু নিশ্চিত কৰক যে তেওঁ যাতে ৰাজ্যগৃহক সহজে বিচাৰি পাব পাৰে।
৪ যদি বিদ্যাৰ্থীয়ে এতিয়ালৈকে সভাবোৰত উপস্থিত হোৱা নাই তেনেহʼলে তেওঁলোকক একেৰাহে আমন্ত্ৰণ কৰক। আমাৰ সংগঠনে কিদৰে কাৰ্য্য কৰে তাক দেখুৱাবলৈ প্ৰত্যেক সপ্তাহত ইয়াৰ বাবে আছুতীয়াকৈ সময় ৰাখক। ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰা ব্ৰচাৰ আৰু যিহোৱাচ্ উইটনেচেচ্—দ্যা অৰগ্নাইজেশ্বন বিহাইন্ড দ্যা নেম নামৰ ভিডিঅ কেছেটখন ব্যৱহাৰ কৰি আমাক চিনি পাবলৈ আৰু আমাৰ সভাবোৰৰ সৈতে পৰিচিত হʼবলৈ সহায় কৰক। সেই বিদ্যাৰ্থীৰ সৈতে পৰিচিত হʼবলৈ আন প্ৰচাৰকসকলকো আপোনাৰ সৈতে লৈ যাওঁক। যিহোৱাই প্ৰবন্ধ কৰা তেওঁৰ সংগঠন আৰু ইয়াৰ সৈতে বিদ্যাৰ্থীজনে সংযোজন হʼবলৈ ঈশ্বৰে যি আৱশ্যকীয় সহায় আগবঢ়ালে তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলৈ প্ৰাৰ্থনা কৰা উচিত।
৫ নতুন আগ্ৰহী লোকসকলক আমাৰ সৈতে একগোট হʼবলৈ, তেওঁলোকক সহায় কৰিবলৈ কেতিয়াও সংকোচ বোধ নকৰিব। যেনেকৈ যিহোৱাৰ প্ৰতি তেওঁলোকৰ কৃতজ্ঞতা বৃদ্ধি হʼব, তেওঁলোকে কি শিকিলে তাক নিজৰ জীৱনত প্ৰয়োগ কৰিব আৰু ঈশ্বৰৰ ঐক্য সংগঠনৰ সৈতে ভাগ লʼবলৈ প্ৰেৰিত হʼব।—১ কৰি. ১৪:২৫.