ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ
২০০১ চনৰ জানুৱাৰী ১ তাৰিখৰ পৰা এপ্ৰিল মাহৰ ২৩ তাৰিখৰ লৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰৰ ওপৰত আধাৰিত কৰি এই পুনৰ নিৰীক্ষণ আলোচনা কৰা হʼব। নিযুক্ত কৰা সময়ৰ অনুসৰি, আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগে কাগজ ব্যৱহাৰ কৰক।
[সূচনা: পুনৰ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মাত্ৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্নসমূহৰ পাছত উল্লেখ কৰা সংখ্যাবোৰ ব্যক্তিগতৰূপে আপুনি অনুসন্ধান কৰাত সহায়ৰ বাবে দিয়া হৈছে। প্ৰহৰীদুৰ্গʼৰ পৰা উত্তৰ বিচাৰি পাবলৈ সকলো প্ৰশ্নৰ পাছত পৃষ্ঠা বা অনুচ্ছেদৰ নম্বৰ নাথাকিবও পাৰে।]
প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:
১. আমি যদিও গভীৰ পাপ কাৰ্য্যৰ পৰা আঁতৰি থাকোঁ; কিন্তু আমি যোচেফৰ আৰ্হিক অনুকৰণ কৰি আমি আমাৰ অহিতে পাপ কৰা ব্যক্তিয়ে যদি হৃদয়েৰে অনুতাপ কৰি ক্ষমা বিচাৰে, তেন্তে আমি অৱশ্যেই তেওঁক ক্ষমা কৰা আৱশ্যক। (আদি. ৪২:২১; ৪৫:৪, ৫) [w৯৯ ১/১ পৃ. ৩১ অনু. ২-৩]
২. বৈবাহিক জীৱনত একতা বজাই ৰাখিবলৈ হʼলে উভয় সঙ্গীৰ একে বিশ্বাস হোৱাটো অতি আৱশ্যক। [fy পৃ. ২১, ২২ অনু. ১৪]
৩. বাইবেলৰ হবক্কুক নামৰ কিতাপত উল্লেখ কৰা ভৱিষ্যতবাণীৰ অনুসাৰে ঈশ্বৰৰ ৰাজ্যৰ অন্তৰ্গত যীচুৰ ৰাজ্য গোটেই পৃথিৱীত হʼব আৰু তেওঁ ইয়াৰ ওপৰত শাসন কৰিব। [br78 পৃ. ১৬ অনু. ৩]
৪. যীচুৱে স্বৰ্গৰ পৰা পৃথিৱীলৈ আহি স্বৰ্গদূততকৈ নিম্নবৰ্গৰ মানুহৰূপে জন্ম গ্ৰহণ কৰা অতুলনীয় কাৰ্য্য-নিযুক্তিক স্বীকাৰ কৰি, তেওঁৰ নম্ৰতা গুণক প্ৰকাশ কৰিলে। (ফিলি. ২:৫-৮; ইব্ৰী ২:৭) [w৯৯ ২/১ পৃ. ৬ অনু. ৩]
৫. পুৰাতত্ত্বকসকলৰ প্ৰমাণৰ পৰা জানিব পাৰি যে চীচক ৰজাই যিহূদা আক্ৰমণ কৰিছিল আৰু “যিহোৱাৰ গৃহত আৰু ৰাজ্যগৃহত সাচি থোৱা বস্তুবোৰ লৈ গল।” (২ বং. ১২:৯) [সপ্তাহিক বাইবেল পাঠ; w৮৮ ২/১ পৃ. ২৬ অনু. ৪ চাওঁক।]
৬. যীচুৱে যেনেকৈ বাপ্তিষ্মা লৈ পানীৰ বাহিৰ হৈছিল, সেই মহূৰ্ত্ততে ‘স্বৰ্গৰ দুৱাৰ মুকলি হৈছিল,’ এই ঘটনাই প্ৰমাণ কৰে যে মানৱপূৰ্বেই স্বৰ্গত থকা তেওঁৰ স্মৰণশক্তি তেওঁলৈ ঘূৰি আহিছিল। (মথি ৩:১৬) [gt ১২]
৭. এজন ব্যক্তিয়ে মাত্ৰ পুৰস্কাৰ পোৱাৰ লক্ষ্য ৰাখি ঈশ্বৰক উপাসনা কৰাটো উচিত নহয়। [w৯৯ ৪/১৫ পৃ. ১৬ অনু. ১]
৮. গীতমালা ১০৩:৫ পদত ৰজা দায়ূদে উল্লেখ কৰা “উপকাৰ” শব্দটো যিহোৱাৰ শাৰীৰিক সৃষ্টিক বুজাইছে। [w৯৯ ৫/১৫ পৃ. ২১ অনু. ৫-৬]
৯. পৰিয়ালৰ অধ্যয়নৰ সময়তে মাথোন আধ্যাত্মিক বিষয়সমূহৰ সম্পৰ্কে পৰিয়ালৰ সদস্যৰ সৈতে কথা-বতৰা হোৱা উচিত নহয়। [fy পৃ. ৭০ অনু. ১৪]
১০. এটা পৰিয়ালক উত্তমৰূপে পৰিচালনা কৰিবলৈ পত্নীয়ে ঘৰখনৰ মুখীয়াল অৰ্থাৎ নিজৰ স্বামীক সহায় কৰিব নোৱাৰে। [fy পৃ. ৩৪, ৩৫ অনু. ১৭, ১৮]
নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিয়ক:
১১. বৈবাহিক পৰামৰ্শৰ সমন্ধে বাইবেলক এক অধিকাৰৰূপে স্বীকাৰ কৰাটো কিয় যুক্তিসঙ্গত? [fy পৃ. ১০ অনু. ১৮]
১২. যোচেফে যদিও মেৰীক বিয়া কৰোৱা নাছিল, তেওঁ কিয় তাইক “গুপুতে ত্যাগ কৰিবলৈ মন” কৰিছিল বা বিবাহ বিচ্ছেদ কৰিবলৈ নিশ্চয় কৰিব পাৰিছিল? (মথি ১:১৮, ১৯) [gt ৪]
১৩. উজ্জিয়া ৰজাৰ শক্তিমানৰ সম্পৰ্কে আমি কেনে গুৰুত্বৰ শিক্ষা শিকিব পাৰোঁ? (২ বং. ২৬:১৫-২১) [সপ্তাহিক বাইবেল পাঠ; w৯৯ ১২/১ পৃ. ২৬ অনু. ১-২ চাওঁক।]
১৪. যীচুৱে ভৰি ধোৱা কাৰ্য্যক বিধি হিচাপে স্থাপন নকৰি বৰং শিষ্যসকলক তেওঁ ভৰি ধোৱাই আমাৰ বাবে কেনে আৰ্হি প্ৰস্তুত কৰিলে? (যোহ. ১৩:৪, ৫) [w৯৯ ৩/১ পৃ. ৩১ অনু. ১]
১৫. ১ বংশাৱলি ১৪:৮-১৭ পদত দিয়া বৃতান্তসমূহ যিচয়াৰ সময়ৰ লোকসকলৰ বাবে কিয় আগ্ৰহপূৰ্ণ আছিল আৰু বৰ্তমান খ্ৰীষ্টীয়জগতে ইয়াত কিয় আগ্ৰহী হোৱা উচিত? (যিচয়া ২৮:২১) [সপ্তাহিক বাইবেল পাঠ; w৯১ ৬/১ পৃ. ২১ অনু. ২-৩ চাওঁক।]
১৬. বাল উপাসনাৰ কেনেবোৰ কাৰ্য্যই ইস্ৰায়েলসকলক আকৰ্ষিত কৰিছিল? [w৯৯ ৪/১ পৃ. ২৯ অনু ৩-৬]
১৭. হিষ্কিয়া ৰজাই যিৰূচালেমত পানীৰ যোগানক সুৰক্ষিত আৰু বৃদ্ধি কৰিবলৈ কৰা কাৰ্য্যৰ পৰা আমি কেনেধৰণৰ ব্যৱহাৰিক শিক্ষা পাওঁ? (২ বং. ৩২:৩, ৪) [সপ্তাহিক বাইবেল পাঠ; w৯৬ ৮/১৫ পৃ. ৬ অনু. ১-২]
১৮. বৰ্তমান সময়ত থকা যুৱা খ্ৰীষ্টানসকলে কেনেকৈ যোচিয়া ৰজা আৰ্হিক অনুকৰণ কৰি যিহোৱাক সেৱা কৰিবলৈ মিছা ধৰ্ম্মৰ উপাসনাৰ অহিতে দৃঢ়ৰূপে থিয় দিব পাৰে? (২ বং. ৩৪:৩, ৮, ৩৩) [সপ্তাহিক বাইবেল পাঠ; w৯০ ৮/১ পৃ. ৫ অনু. ২ চাওঁক।]
১৯. যিসকল যিহূদীয়ে যিৰূচালেমলৈ উলটি নগৈ বাবিল প্ৰদেশতে থাকিল তেওঁলোক কি বিশ্বাসঘাতী আছিলনে, আমি তেওঁলোকৰ পৰা কেনে শিক্ষা পাওঁ? (ইজ্ৰা ১:৩-৬) [w৮৬ ১/১৫ পৃ. ৮ অনু. ৪, ৭ চাওঁক।]
২০. দ্বিতীয় বংশাৱলি ৫:১৩, ১৪ পদত দিয়া বৃতান্তৰ পৰা আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱাই তেওঁৰ লোকসকলে কৰা মধুৰ স্তুতি শুনি অতি আনন্দিত হয়? [সপ্তাহিক বাইবেল পাঠ; w৯৪ পৃ. ১০ অনু. ৭]
প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰ্ণ কৰিবলৈ আৱশ্যকীয় শব্দ বা বাক্য দিয়ক:
২১. যিসকলে আন সঙ্গী খ্ৰীষ্টানক পৰামৰ্শ দিয়ে, তেওঁলোকে নিশ্চত হোৱা আৱশ্যক যে তেওঁলোকৰ পৰামৰ্শ মানুহৰ _________________________ আৰু _________________________ ওপৰত নহয় কেৱল ঈশ্বৰীয় _________________________ ওপৰতেহে আধাৰিত হোৱা আৱশ্যক। (কল. ২:৮) [w৯৯ ১/১৫ পৃ. ২২ অনু. ১]
২২. যিহোৱাৰ সাক্ষীসকলে আগ্ৰহী লোকসকলৰ _________________________ গৈ বিনা মূল্যেই _________________________ সঞ্চালন কৰে। [br78 পৃ. ২৮ অনু. ১]
২৩. যেনেকৈ কাঁইটনিয়ে গুটিবোৰক বাঢ়ি অহাত বাধা দিয়ে, ঠিক তেনেদৰে অত্যন্ত _________________________ আৰু _________________________ লোভে এজন ব্যক্তিক আধ্যাত্মিকৰূপে উন্নতি কৰাত বাধা দিয়ে। (মথি ১৩:১৯, ২২) [w৯৯ পৃ. ২২ অনু. ৫]
২৪. চয়তানে অধিক ভৌতিক _________________________ বা _________________________ পোৱাৰ আৰ্ষণীয় সুযোগৰ লোভ দেখুৱাই আমাক _________________________ কৰিবলৈ চেষ্টা কৰিব পাৰে। [gt ১৩]
২৫. যি ক্ষেত্ৰবোৰত ৰজা চলোমনে বিফল হৈছিল সেই ক্ষেত্ৰবোৰত এজন সত্য খ্ৰীষ্টানে সফলতা পাবলৈ, তেওঁ সকলো প্ৰকাৰৰ _________________________ বা _________________________ পৰা নিজকে আঁতৰাই ৰাখি _________________________ কোৱা ‘সকলো হৃদয়ৰে যিহোৱাক প্ৰেম কৰা,’ বাক্যৰ অনুসাৰে উপাসনা কৰা আৱশ্যক। (মথি ২২:৩৭; ১ বং. ২৮:৯) [সপ্তাহিক বাইবেল পাঠ; w৮৬ ৬/১ পৃ. ১৯ অনু. ১৭-১৮]
প্ৰত্যেক নিম্নলিখিত উক্তিৰ শুদ্ধ উত্তৰ বাচঁনি কৰক:
২৬. দ্বিতীয় ৰাজাৱলি ১৭:৫, ৬ পদত দিয়া বৃতান্তত কোৱা হৈছে যে কেনেকৈ (তিগ্লৎ-পিলেচৰে; পঞ্চম চল্মনেচৰে; এচৰ-হদ্দোনে) ইস্ৰায়েলৰ উত্তৰ ভাগত থকা দহ-জাতিৰ ৰাজ্যৰ ওপৰত আক্ৰমণ কৰি ইয়াৰ শক্তিশালী ৰাজধানী চমৰীয়াক তিনি বছৰৰ সময় ধৰি নিজৰ অধীনত ৰাখে আৰু অৱেশেষত অচূৰীয়াসকলৰ হাতত সা.যু.পূ. (৭৪০; ৬০৭; ৫৩৭) চনত পৰাস্ত হয়। [সপ্তাহিক বাইবেল পাঠ; w৮৮ ২/১৫ পৃ. ২৭ অনু. ১]
২৭. যিহেতু বাইবেলখন যদিও (৩৫০০; ২০০০; ১০০০) বছৰৰ পূৰ্বেই লিখা হৈছিল, কিন্তু ইয়াৰ পৰামৰ্শসমূহ আজিও আমাৰ বাবে ব্যৱহাৰিক। [fy পৃ. ১২ অনু. ২৩]
২৮. যাত্ৰাপুস্তক ৪:১১ পদত দিয়া বৃতান্তই দেখুৱাইছে যে যিহোৱা ঈশ্বৰে ‘বোবা বা কলা, নাইবা চকু থকা বা অন্ধক’ নিৰ্ম্মাণ কৰে, ইয়াৰ অৰ্থ হৈছে তেওঁ (এনে শাৰীৰিক বিকলতা থকা ব্যক্তিসকলৰ বাবে জগৰীয়া; প্ৰত্যককে বিভিন্ন সেৱাৰ বিশেষ অধিকাৰৰ বাবে নিযুক্ত কৰে; শাৰীৰিক ক্ৰোটিবোৰক মানুহৰ মাজত প্ৰকাশ হʼবলৈ অনুমতি দিয়ে)। [w৯৯ ৫/১ পৃ. ২৮ অনু. ২]
২৯. খ্ৰীষ্টান পিতৃ-মাতৃয়ে (স্নেহীৰ; অটলৰ; ক্ৰোধীৰ) আৱশ্যকতাক বুজি পাই কিন্তু নিজৰ লʼৰা-ছোৱালীক অনুশাসন দিয়াৰ সময়ত তেওঁলোকে ইফিচীয়া ৬:৪ পদত দিয়া পৰামৰ্শক মনত ৰাখিবলৈ চেষ্টা কৰে। [fy পৃ. ৬০ অনু. ২১]
৩০. খ্ৰীষ্টীয়জগতৰ প্ৰধান মূল নীতিসমূহ বাইবেলৰ ওপৰত নহয় কিন্তু প্ৰাচীন (ঘটনা; কল্পিত কথা; নীতি বিশ্বাসৰ) ওপৰত আধাৰিত। [pr পৃ. ১৭ অনু. ৪]
নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত দিয়া তালিকাৰ উক্তিবোৰৰ সৈতে মিলাওঁক:
পাঁচ. ১৭:১০, ১১; হিতো. ২৫:১১; ৰোমী. ১২:২; যোহ. ২:১৫-১৭; মথি ১৩:৫৫, ৫৬
৩১. নিজৰ মনত ঈশ্বৰৰ বাক্যৰ সত্যৰে পূৰ কৰিবলৈ আৰু নিজৰ বিচাৰ-ধাৰাক সাল-সলনি কৰিবলৈ আমি নিজৰ ফালৰ পৰা কাৰ্য্য কৰিবলৈ ইচ্ছুক হোৱা আৱশ্যক। [w৯৯ ৪/১ পৃ. ২২ অনু. ২]
৩২. আনক উপদেশ দিয়াৰ সময়ত সঠিক শব্দৰ বাঁছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। [w৯৯ ১/১৫ পৃ. ২৩ অনু. ১]
৩৩. যেতিয়া কোনো শিক্ষা বাইবেলৰ পৰা প্ৰস্তুত কৰা হয় সেই সময়ত যিহোৱাৰ সাক্ষীসকলে প্ৰথম শতাব্দীৰ বিৰয়াসকলৰ দৰে দৃঢ়ভাৱে সাহসী হৈ প্ৰস্তুত কৰে। [br78 পৃ. ৩ অনু. ৪]
৩৪. অন্ততঃ যীচুৰ ছয়জন ভাই-ভনী আছিল। [gt ৯]
৩৫. যেতিয়া যীচুৱে মন্দিৰৰ পৰা সদাগৰ আৰু বেপাৰীসকলক বলেৰে বাহিৰ কৰিছিল, তেতিয়া তেওঁৰ বিষয়ে পূৰ্বেই কৰা ভৱিষ্যতবাণীৰ কথা শিষ্যসকলৰ মনত পৰিল। [gt ১৬]