ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০১ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০১ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ: এপ্ৰিল আৰু মে: প্ৰহৰীদুৰ্গ আৰু সচেতন! পুনৰ সাক্ষাতৰ সময়ত যদি গৃহস্থই আগ্ৰহ দেখুৱাই, তেন্তে গ্ৰাহকতাৰ বাবে আমন্ত্ৰণ কৰিব পাৰে। ইয়াৰ ওপৰিও সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল বা মোৰ পুস্তক বাইবেলৰ গল্প নামৰ এই দুখন কিতাপ আগবঢ়াব পাৰে। জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় আগবঢ়াই গৃহ বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। জুলাই: তলত দিয়া ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকালৰ বাবে স্থিৰ থাকিব, সেই চৰকাৰে যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি​—⁠আপুনি ইয়াক কিদৰে পাব পাৰে?, আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। ইয়াৰ ওপৰিও আন ব্ৰচাৰসমূহ হৈছে সকলোৰ বাবে এখন কিতাপ, আমাৰ সমস্যাসমূহ​—⁠কোনে ইয়াৰ সমাধান কৰিব?, মৃত্যুবিলাকৰ আত্মা​—⁠তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোকে বাস্তৱতে অস্তিত্বত আছেনে?, আৰু কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে? ইয়াৰ আৱশ্যকতাৰ অনুসাৰে বিতৰণ কৰক।

▪ “২০০১ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” খনত দিয়া ৩ আৰু ৪ নং নিযুক্তি ভাষণৰ পৰিলেখৰ বাবে ৰিজনিং পুস্তকৰ পৰা পৃষ্ঠা আৰু অনুচ্ছেদ নিৰ্বাচিত কৰা হৈছে। কিতাপখনৰ পৰা অনুচ্ছেদ বাঁছনি কৰা সময়ত, মাত্ৰ সেইবোৰকহে গণনা কৰিব যিবোৰ অনুচ্ছেদত খাঁজ কাটা (ইন্‌ডেনট) থাকে।

▪ সকলো প্ৰিজাইডিং ওভাৰচিয়াৰ আৰু চেক্ৰেটেৰীয়ে তেওঁলোকৰ বৰ্তমানৰ ঠিকনা আৰু টেলিফোন নম্বৰবোৰৰ সংস্থালৈ পঠোৱা আৱশ্যক। যদি কোনো ঠিকনা বা টেলিফোন নম্বৰ সলনি হৈছে, তেনেহʼলে প্ৰিজাইডিং ওভাৰচিয়াৰ আৰু চেক্ৰেটেৰীয়ে সেই সলনি হোৱা ঠিকনা বা টেলিফোন নম্বৰ (S-29) ফৰ্মখন সম্পূৰ্ণকৈ ভৰ্ত্তি কৰি বিনা কোনো পলমে পেৰণ কৰা উচিত। টেলিফোন নম্বৰ পঠিয়াওঁতে STD কোড্‌ নম্বৰসমূহ পঠিয়াবলৈ নাপাহৰে যেন।

▪ মণ্ডলীৰ চেক্ৰেটেৰীয়ে নিয়মিত অগ্ৰগামী সেৱা (S-205) আৰু সহযোগী অগ্ৰগামী সেৱাৰ (S-205b) বাবে যথেষ্ট মাত্ৰত আৱেদন পত্ৰ ৰখা দৰকাৰ। এইবোৰৰ আৱেদন সাহিত্য অনুৰোধ ফৰ্ম (S-14) যোগেদি কৰিব পাৰে। অন্ততঃ এবছৰৰ বাবে এই আৱেদন পত্ৰসমূহ উপলব্ধ থকা আৱশ্যক। সকলো নিয়মিত অগ্ৰগামী আৱেদন পত্ৰবোৰ ভালকৈ নিৰক্ষণ কৰা উচিত যাতে সেইবোৰ সঠিককৈ ভৰ্ত্তি কৰা হয়। যদি আৱেদনকাৰীজনে নিজৰ বাপ্তিষ্মা লোৱা তাৰিখৰ বিষয়ে মনত পেলাব নোৱাৰে, তেন্তে অনুমান কৰি লোৱা তাৰিখটো লিখি ৰখা উচিত।

▪ যেতিয়া কোনো ভাই-ভনীয়ে আন দেশলৈ গৈ চাৰ্কিট সন্মিলন, জিলা অধিৱেশন বা মণ্ডলীৰ সভাবোৰত উপস্থিত হবলৈ পৰিকল্পনা কৰি তাৰিখ, সময় আৰু স্থানবোৰৰ সম্বন্ধে জানিব বিচাৰে। তেনেহʼলে সেই দেশত থকা শাখা কাৰ্য্যলয়ত যোগাযোগ কৰাটো উচিত হʼব। শাখা কাৰ্য্যলয়ৰ ঠিকনাসমূহৰ বিষয়ে চলিত বাৰ্ষিক পুস্তকʼৰ শেষ পৃষ্ঠাত চাওঁক।

▪ যদি মণ্ডলীৰ দ্বাৰা অনুৰোধ কৰা সাহিত্যবোৰ বৰ্তমান সময়ৰ বাবে স্টকত নাই তেন্তে ই পেকিং লিষ্টত স্থগিত ৰখা হʼব। যেতিয়া স্টকত সেই সাহিত্যসমূহ উপলব্ধ হʼব তেন্তে সংস্থাই নিজে মণ্ডলীসমূহলৈ পঠাব। গতিকে যেতিয়া উপলব্ধ নোহোৱা সাহিত্যবোৰ পেকিং লিষ্টত স্থগিত হিচাপে উল্লেখ কৰা হয়, তেতিয়া অনুগ্ৰহ কৰি পুনৰাই সেইবোৰৰ বিষয়ে সংস্থাক অনুৰোধ নকৰে যেন। যদি অধিক মাত্ৰাত ইয়াৰ আৱশ্যক হয়, তেন্তে তেনেধৰণৰ বিশেষ অনুৰোধৰ বাবে সাহিত্য অনুৰোধ ফৰ্মৰ (S-14) সৈতে এটা চমুকৈ টোকা লিখি বৰ্ণনা কৰি পঠোৱা উচিত যে অনুৰোধ কৰা বিষয়বোৰ অতিৰিক্তভাৱে আৱেদন কৰা হৈছে যিটো আগতেই অৰ্ডাৰ কৰা আৰু স্থগিত লিষ্টত ৰখা হৈছে। যদি কোনো টোকা নিলিখাকৈ আৱেদন কৰা হয় তেন্তে কোনো পদক্ষেপ লোৱা নহʼব।

▪ একেটা ৰাজ্যগৃহক ব্যৱহাৰ কৰা সকলো মণ্ডলীয়ে তেওঁলোকৰ সাহিত্য প্ৰৱন্ধবোৰৰ কেৱল সমকক্ষ মণ্ডলীৰ দ্বাৰাই প্ৰাপ্ত কৰিব।

▪ যদি মণ্ডলীয়ে সংস্থালৈ সাহিত্য বা আলোচনী পঠোৱাৰ ঠিকনা সলনিৰ বাবে অনুৰোধ কৰিছে, তেন্তে নিশ্চত হওঁক যে, যদিও সংস্থাই টেলিফোন বা ফেক্সৰ দ্বাৰা জানিছে, তথাপিও নতুন ঠিকনা কাৰ্য্যকাৰী নোহোৱালৈকে আগৰ ঠিকনাতেই সেই নিৱেদনসমূহ পঠোৱা হʼব।

▪ অনুগ্ৰহ কৰি স্থানীয় ভাষাত বাইবেল, নিউ ৱৰ্ল্ড ট্ৰান্সলেশ্বেন অৱ দ্যা হলি স্ক্ৰিচাৰʼৰ ডিলাক্স এডিচন, প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ পকাবন্ধা খণ্ড আৰু ভিডিঅ’ কেছেটবোৰ যেতিয়ালৈকে পুনৰাই ঘোষণা কৰা নহয়, তেতিয়ালৈকে অনুগ্ৰহ কৰি সেইবোৰক বিচাৰি কোনো আৱেদন যেন নপঠিয়ায়। প্ৰচাৰকসকলক অনুৰোধ কৰা হৈছে, তেওঁলোকে যাতে বছৰৰ শেষত মণ্ডলীৰ লাইব্ৰেৰী আৰু নিজৰ ব্যক্তিগত লাইব্ৰেৰীত সাহিত্য, আলোচনী পকাবন্ধা কৰা খণ্ড সংৰক্ষিত কৰি ৰাখে। সকলো প্ৰচাৰকক অনুৰোধ কৰা হৈছে, তেওঁলোকে যাতে নিজ ভাষাৰ বাইবেল স্থানীয়ভাৱে উপলব্ধ থকা কোনো কেন্দ্ৰৰ পৰা যেন কিনি লয়।

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

বাইবেলৰ প্ৰাথমিক শিক্ষাসমূহ ​—⁠পঞ্জাৱী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক