দস্তুৰমতে সভাত উপস্থিত হয়নে?
১ খ্ৰীষ্টান সভাবোৰে যিহোৱাক উপাসনা কৰাত আমাৰ বাবে এক মুখ্য ভূমিকা আদায় কৰে। এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছিল যে “কোনো কোনোৰ দস্তুৰমতে” আমি গোট খাবলৈ নেৰি সিমানে পৰস্পৰে অধিককৈ একগোট হওঁহঁক।—ইব্ৰী ১০:২৫.
২ এতেকে আপোনাৰ সৈতে সঙ্গতি কৰা ভাই-ভনীসকলক আপুনিও সেই একেইভাৱে কয়নে? এই সম্পৰ্কে আপোনাৰ দস্তুৰে কি প্ৰকাশ কৰে? আপুনি নিয়মিতৰূপে পুস্তক অধ্যয়নৰ ওপৰিও সকলোবোৰ সভাত উপস্থিত হয়নে? বা আপুনি দস্তুৰমতে সভাবোৰত উপস্থিত হোৱাৰ পৰা বিৰত থাকেনে? আপুনি নিজৰ জীৱনত সভাবোৰক কেনে স্থান দিয়ে? আপুনি আনক নিয়মিতৰূপে সভাবোৰত উপস্থিত থাকিবলৈ উৎসাহিত কৰেনে? আপুনি যীচু খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্বত অহা ব্যক্তিসকলক নিয়মিতৰূপে সভাবোৰত উপস্থিত হবলৈ উৎসাহিত কৰিলেনে?
৩ আমাৰ দৈনন্দিন জীৱনৰ কাৰ্য্য-প্ৰণালীৰ বাবে পাঁচনি পৌলৰ এই পৰামৰ্শক কোনোপধ্যেই আওকাণ কৰিব নোৱাৰোঁ। কিন্তু এইটো যুক্তিসঙ্গত যে কেতিয়াবা অসুস্থ শৰীৰ বা আন জৰুৰী কাৰ্য্যৰ বাবে সভাবোৰত উপস্থিত থকাটো সম্ভৱ নহয়। কিন্তু এনে কৰাটো আমাৰ দস্তুৰত পৰিণত হʼবলৈ দিয়া উচিত নহয়। (ৰোমী. ২:২১) এজন খীষ্টান ব্যক্তিৰ জীৱনত বহুতো দায়িত্বৰ ওপৰি আধ্যাত্মিক গতিবিধি হোৱা হেতুকে তেওঁ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰক প্ৰমুখ স্থান দিবলৈ নিশ্চিত কৰা উচিত। (ফিলি. ১:১০) এজন খ্ৰীষ্টানৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য হৈছে সভাত উপস্থিত হোৱা, কিয়নো এনে কৰিলেহে তেওঁৰ আধ্যাত্মিক কল্যাণ হʼব।
পৰস্পৰে উৎসাহিত কৰক
৪ পাঁচনি পৌলে ৰোমত থকা সকললৈ পত্ৰ লিখি এইদৰে কৈছিল যে, তেওঁবিলাকক সাক্ষাৎ কৰিবলৈ তেওঁৰ হাবিয়াহ হৈছে। কিয় তেওঁ তেনেদৰে লিখিছিল? কিয়নো তেওঁ তেওঁবিলাকক আধ্যাত্মিক বৰৰ ভাগী কৰিবলৈ বিচাৰিছিল যাতে তেওঁলোকে “সুস্থিৰ হোৱা” ব্যক্তি হʼব পাৰে। (ৰোমী. ১:১১) তেওঁ অনুভৱ কৰিব পাৰিছিল যে গোট খোৱাটো হৈছে অতি গুৰুত্বপূৰ্ণ আৰু আৱশ্যক। সেয়েহে তেওঁ এইদৰে কৈছিল: “উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই তোমালোকৰ মাজত নিজেও আশ্বাস” পাইছা, বা ইংৰাজী ৰেফাৰেন্স বাইবেলৰ ফুটনোটত উল্লেখ কৰা অনুসাৰে “একেলগে উৎসাহিত হোৱা।” (ৰোমী. ১:১২) যিহেতু পাঁচনি পৌলেও নিজে খ্ৰীষ্টান ভাই-ভনীৰ সৈতে সঙ্গতি কৰি উৎসাহিত হʼবলৈ বিচাৰিছিল।
৫ ঠিক তেনেদৰে আমিও সভাবোৰত পৰস্পৰে ইজনে সিজনক প্ৰেম আৰু সৎকৰ্ম্মত উৎসাহিত কৰা আৱশ্যক। এক হাঁহিমুখীয়া অভিবাদনে আনক গভীৰভাৱে প্ৰভাৱিত কৰি তুলিব পাৰে। মণ্ডলীত আন ভাই-ভনীৰ আধ্যাত্মিক উন্নতি, ভালদৰে প্ৰস্তুত কৰি দিয়া উৎসাহদায়ক উত্তৰ আৰু ভাই-ভনীসকলৰ পৰাও উৎসাহিত হʼব পাৰি। যদিও আমি দিনটোৰ শেষত ভাগৰি পৰোঁ, কিন্তু সভাত উপস্থিত হোৱাৰ পাছত পুনৰাই সজীৱ হৈ পৰিম। ভাই-ভনীসকলৰ প্ৰেম আৰু বন্ধুত্বই আমাক উৎসাহিত কৰি আমাক “আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে” দৌৰি থাকিবলৈ সহায় কৰিব। (ইব্ৰী ১২:১) গতিকে সভাবোৰত উপস্থিতি হৈ ঈশ্বৰৰ বাক্য মনোযোগেৰে শুনি, আমি নিৰ্ভয়ে ৰাজহুৱাভাৱে আমাৰ বিশ্বাস প্ৰকাশ কৰি আশাত দৃঢ় হৈ থাকিব পাৰিম। বাস্তৱতে, সভাবোৰত উপস্থিত থকাৰ দ্বাৰা আমি বহুতো আশীৰ্ব্বাদ লাভ কৰিব পাৰিম।
৬ এতিয়া আমি আগতকৈও অধিক বিশ্বাস, প্ৰেম, আৰু সৎকৰ্ম্মত পৰস্পৰে উৎসাহিত কৰা উচিত। আমি কেতিয়াও পৰস্পৰে একগোট হোৱাৰ পৰা বঞ্চিত থকাটো আমাৰ দস্তুৰত পৰিণত হোৱাটো নিবিচাৰোঁ। সেইবাবে আমি স্মৰণীয় পৰ্বত উপস্থিত হোৱা লোকসকলক নিয়মীয়াকৈ সভাত আহিবলৈ সহায় আৰু উৎসাহিত কৰিবলৈ সকলোপ্ৰকাৰে চেষ্টা কৰা উচিত। এনে কৰাৰ দ্বাৰা আমি আনৰ প্ৰতি প্ৰেম আৰু খ্ৰীষ্টান সভাবোৰৰ প্ৰতি মুল্যাঙ্কন দেখুৱাব পাৰিম।