ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০১ পৃষ্ঠা ১
  • ‘সৎকৰ্ম্ম কৰি থাকক’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘সৎকৰ্ম্ম কৰি থাকক’
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আনন্দময় ঈশ্বৰৰ সৈতে উল্লাসিত হওঁক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সমস্যাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • যিহোৱাৰ সেৱাত যি কৰিব পাৰিছে, তাতে আনন্দিত হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০১ পৃষ্ঠা ১

‘সৎকৰ্ম্ম কৰি থাকক’

১ আপুনি এজন যিহোৱাৰ সাক্ষী হʼবলৈ পদক্ষেপ লৈ এক উত্তম কৰ্ম্ম কৰিলে। যিহেতু এই কঠিন সময়ত ‘সৎকৰ্ম্ম কৰি থকাতো’ এক প্ৰত্যাহ্বানজনক বিষয়। (গালা. ৬:⁠৯) তথাপিও আপুনি সৎকৰ্ম্ম কৰি থাকিবলৈ কঠোৰ প্ৰচেষ্টা কৰা আৱশ্যক। কেনেকৈ কঠোৰ প্ৰচেষ্টা কৰিব পাৰি?

২ যীচুৱে দেখুৱা মনোবৃত্তিক অনুকৰণ কৰক: যদি আপুনি আপোনাৰ ধ্যান ঈশ্বৰৰ ৰাজ্যৰ ওপৰত কেন্দ্ৰিত কৰে, তেতিয়া আপুনিও যীচুৰ নিচিনাকৈ পৰীক্ষাবোৰত সফলতাৰে সন্মূখীন হʼব পাৰিব। (ইব্ৰী ১২:⁠২, ৩) সম্পূৰ্ণ ভাৰসা ৰাখক যে যিহোৱাই আপোনাক প্ৰেম কৰে আৰু আপুনি পৰীক্ষাত সফল হোৱাটোৱেই তেওঁ কামনা কৰে। (২ পিত. ৩:⁠৯) গতিকে আপুনি সম্পূৰ্ণ হৃদয়েৰে তেওঁক বিশ্বাস আৰু ভাৰসা কৰক যে সময়ত তেওঁ আপোনাক নিশ্চয়ে সহায় কৰিব। (১ কৰি. ১০:⁠১৩) প্ৰাৰ্থনাত লাগি থাকক আৰু সহন শক্তি বৃদ্ধি কৰিবলৈ তেওঁৰ পৰা সহায় বিচাৰক। (ৰোমী. ১২:⁠১২) ইয়াকে জানি আনন্দিত হওঁক যে, আপোনাৰ সহন শক্তিয়ে ঈশ্বৰৰ অনুমোদন কঢ়িয়াই আনিব। (ৰোমী. ৫:⁠৩-​৫) আপুনিও আপোনাৰ “পৰস্পৰ ভাব খ্ৰীষ্ট যীচুৰ দৰে একে হবলৈ দিয়ক।” কিয়নো ইয়ে আপোনালৈ ব্যক্তিগত সন্তুষ্টি কঢ়িয়াই আনিব আৰু যিহোৱাৰ হৃদয় আনন্দিত কৰিব।​—⁠ৰোমী. ১৫:⁠৫; হিতো. ২৭:⁠১১.

৩ উত্তম কৰ্ম্মত লাগি থাকক: যিহোৱাই নিজৰ লোকসকলে উত্তম কৰ্ম্ম কৰিবলৈ যি সহায়ৰ প্ৰবন্ধ কৰিলে, তাৰ সম্পূৰ্ণ লাভ প্ৰাপ্ত কৰক। ঈশ্বৰৰ বাক্য পাঠ কৰা আৰু বিশ্বাসী বুদ্ধিমান দাস বৰ্গই প্ৰবন্ধ কৰা বাইবেল আধাৰিত আলোচনীসমূহ অধ্যয়ন কৰিবলৈ ব্যক্তিগতৰূপে এখন তালিকা তৈয়াৰ কৰক। সভাবোৰত উপস্থিত থাকিবলৈ আৰু ভাগ লবলৈ সম্পূৰ্ণকৈ তৈয়াৰী কৰক। সভাবোৰৰ আৰম্ভণি হোৱাৰ আগত আৰু সমাপ্তিৰ পাছত ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰি আধ্যাত্মিকৰূপে উৎসাহিত হওঁক। অৰ্থপূৰ্ণৰূপে প্ৰচাৰকাৰ্য্যত ভাগ লবলৈ লক্ষ্য বনাওঁক আৰু শুভবাৰ্ত্তাক প্ৰচাৰ কৰা আপোনাৰ দক্ষতাক উন্নত কৰক।

৪ তেনে কৰাৰ দ্বাৰা আমি সৎকৰ্ম্ম কৰি আনন্দ উপভোগ কৰিবলৈ সক্ষম হম। এই সম্বন্ধে ইটালীৰ এজন ভায়ে এইদৰে কৈছিল: “যেতিয়া আবেলি মই প্ৰচাৰকাৰ্য্য কৰাৰ পাছত ঘৰলৈ উভটি আহোঁ, মই ভাগৰি পৰা যেন অনুভৱ কৰোঁ। কিন্তু ইয়াৰ দ্বাৰা পোৱা আনন্দৰ বাবে যিহোৱালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাক কোনোৱে কাঢ়ি নিব নোৱাৰে।” ঠিক তেনেদৰে আপুনিও সৎকৰ্ম্মত লাগি থাকি মহান আনন্দ প্ৰাপ্ত কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক