আপোনাৰ ব্যক্তিগত লাইব্ৰেৰীত সকলো বছৰৰ বাৰ্ষিক পুস্তক উপলব্ধ আছেনে?
যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা প্ৰত্যেকখন বাৰ্ষিক পুস্তক হৈছে এক বহুমূলীয়া সম্পদ, যিবোৰক পঢ়ি আমাৰ মন আৰু হৃদয় আনন্দিত হয়। গোটেই বিশ্বৰ পৰা অহা উৎসাহজনক ৰাজ্য প্ৰচাৰকৰ ৰিপৰ্টে, যিহোৱাৰ নিৰ্দ্দেশনা, সুৰক্ষা আৰু সমৰ্থনৰ ওপৰত থকা আমাৰ ভৰসা অধিক শক্তিশালী কৰি তুলে। আমাৰ ওচৰত ইংৰাজী ভাষাত সেই মূল্যৱান জ্ঞানৰ সম্পদ অৰ্থাৎ ১৯৯৭ চনৰ পৰা ২০০০ চনৰলৈকে বাৰ্ষিক পুস্তকসমূহ উপলব্ধ আছে। এই বাৰ্ষিক পুস্তকবোৰত বেনিন, ব্ৰাজিল, বৃটেইন, ছেক গণতন্ত্ৰ, জাৰ্মানী, জাপান, মাদাগাস্কাৰ, মালাউই, মাৰটিনিকিউ, মাইক্ৰনেছিয়া, পেৰাগুৱেই আৰু উৰুগুৱেই আদি দেশতবোৰত ৰাজ্যৰ প্ৰচাৰকৰ সংখ্যা বৃদ্ধি হৈ এক ঐতিহাসিক ৰিপৰ্টৰ স্থাপন কৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। গতিকে আপোনাৰ ব্যক্তিগত লাইব্ৰেৰীত সেই পুস্তকবোৰৰ কোনো এখন উপলব্ধ আছে নে নাই তাক নিৰীক্ষণ নকৰে কিয়? ঠিক সেইদৰে ঈশ্বৰ-শাসিত স্কুল ওভাৰচিয়াৰেও ৰাজ্যগৃহৰ লাইব্ৰেৰীত সেইবোৰৰ কোনো উপলব্ধ নাইনে তাক জানিবলৈ নিৰীক্ষণ কৰা উচিত। যদি কোনো প্ৰচাৰকে বা মণ্ডলীয়ে সেই পুস্তকবোৰক পাবলৈ ইচ্ছা কৰে তেন্তে সাহিত্য বিভাগত থকা ভাইজনৰ যোগেদি নিৱেদন কৰিব পাৰে।