ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ: জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় আগবঢ়াই গৃহ বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা! মই সকলোবোৰ নতুন কৰি দিছোঁ”, আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকালৰ বাবে স্থিৰ থাকিব, সেই চৰকাৰে যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কিদৰে পাব পাৰে?, আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। ইয়াৰ ওপৰিও আন ব্ৰচাৰসমূহ হৈছে: সকলোৰ বাবে এখন কিতাপ, আমাৰ সমস্যাসমূহ—কোনে ইয়াৰ সমাধান কৰিব?, মৃত্যুবিলাকৰ আত্মা—তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোকে বাস্তৱতে অস্তিত্বত আছেনে?, আৰু কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে? এই ব্ৰচাৰসমূহ আৱশ্যকতাৰ অনুসাৰে বিতৰণ কৰক। ছেপ্টেম্বৰ: বিশং শতাব্দীত যিহোৱাৰ সাক্ষীসকল নামৰ ব্ৰচাৰ আৰু জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? নামৰ কিতাপখন বিতৰণ কৰক।
▪ ২০০১ চনৰ জুলাই মাহৰ ৩০ তাৰিখৰ পৰা গোটেই ভাৰতত যিচয়াৰ ভৱিষ্যতবাণী—সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ১ নামৰ কিতাপখনক পুস্তক অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হʼব। এই কিতাপখনৰ বৰ্তমান সময়ত মাৰাঠী, তেলেগু আৰু নেপালী ভাষাৰ গ্ৰুপসমূহেও অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।
▪ সকলোবোৰ মণ্ডলীত ফেব্ৰুৱাৰী মাহৰ ষ্টেটমেন্টৰ সৈতে বছেৰেকীয়া সাহিত্য বিশেষ নিৱেদনৰ পত্ৰসমূহো পঠোৱা হʼল। যি মণ্ডলীসমূহে এতিয়ালৈকে ২০০১ চনৰ জিলা অধিৱেশনৰ বেজ কাৰ্ড আৰু আন-আন বছেৰেকীয়া আৱেদনসমূহ, যেনে, ২০০২ চনৰ প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক, বাৰ্ষিক পুস্তক, কেলেণ্ডাৰ আৰু ২০০২ চনৰ স্মৰণীয় পৰ্বৰ আমন্ত্ৰণ পত্ৰসমূহৰ বাবে আৱেদন কৰা নাই, তেওঁলোকে বিনা কোনো পলমে আৱেদন কৰা আৱশ্যক। অন্যথা আগন্তুক বছৰত সংস্থাৰ বাবে আপোনাৰ আৱশ্যকতাসমূহ পূৰণ কৰাত অসুবিধা হʼব। কিংডম হল’ লিট্ৰেশ্বাৰ ইনভেনটৰী ব্যৱস্থাʼৰ ভিতৰত থকা মণ্ডলীসমূহে, তেওঁলোকৰ আৱেদনসমূহ “কৰডিনেটিং মণ্ডলীৰ” যোগেদিহে যেন পঠিয়ায়। কৰডিনেটিং মণ্ডলীৰ সাহিত্য কৰডিনেটৰ্ আৰু চেক্ৰেটাৰীয়ে নিশ্চিত কৰা আৱশ্যক যে প্ৰত্যেক মণ্ডলীয়ে তেওঁলোকৰ গ্ৰুপৰ জৰীয়তে যেন আৱেদনসমূহ পঠিয়ায়।