ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০১ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • জুলাই ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • জুলাই ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • আগষ্ট ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০১ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

টোকা: আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত আহিবলগা মাহৰ প্ৰত্যেক সপ্তাহৰ সেৱা সভাৰ এক তালিকা দিয়া হৈছে। গতিকে মণ্ডলীয়ে “ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিবেশনত উপস্থিত হʼবলৈ আগতীয়াকৈ আৱশ্যকীয় সাল-সলনি কৰিব পাৰে। অধিবেশনত উপস্থিত হোৱাৰ আগতে শেষ মাহৰ সেৱা সভাৰ পৰা ১৫ মিনিট সময় উলিয়াই এই মাহৰ অন্তপত্ৰখনৰ পৰা স্থানীয়ভাৱে কাৰ্য্যকাৰী হোৱা পৰামৰ্শক পুনৰ আলোচনা কৰক। ডিচেম্বৰ মাহৰ সেৱা সভাত অধিবেশনৰ ভাষণসমূহৰ মুখ্য বিষয়বোৰ দাঙি ধৰা হʼব। গতিকে সেই আলোচনাত ভাগ লবলৈ, সকলোৱে অধিবেশনৰ ভাষণসমূহৰ পৰা ব্যক্তিগত আৰু প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ হোৱা অৰ্থপূৰ্ণ বিষয়সমূহক টোকি ৰাখিব পাৰে। তেতিয়াহে আমি অধিবেশনত লাভ কৰা পৰামৰ্শসমূহৰ পৰা কেনেকৈ লাভবান হৈছোঁ, এই বিষয়ে বৰ্ণনা কৰিবলৈ নিজকে প্ৰস্তুত ৰাখিব পাৰিম। সেই অধিবেশনৰ কাৰ্য্যক্ৰমে আমি যি যি শিকিলোঁ তাক মৌখিকভাৱে শুনি অধিক উৎসাহিত হʼব পাৰিম।

জুলাই ৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১০

৮ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ওপৰত উল্লেখ কৰা সেৱা সভাৰ সাল-সলনি আৰু ডিচেম্বৰ মাহৰ সেৱা সভাত অধিবেশনৰ ভাষণসমূহৰ মুখ্য বিষয়বোৰৰ সম্পৰ্কে আলোচনা কৰাৰ সময়ত ভাগ লʼবলৈ কেনেকৈ নিজকে প্ৰস্তুত কৰিব পাৰে, এই বিষয়ে বিবেচনা কৰক।

১৭ মি: যুৱক-যুৱতীসকল​—⁠নিজৰ কৰ্ম্মজীৱন আৰম্ভ কৰাৰ পূৰ্বেই বিবেচনা কৰক। এজন পিতৃ আৰু তেওঁৰ লʼৰা বা ছোৱালীয়ে, চাকৰীয়াল জীৱনৰ ব্যৱহাৰিক অভিজ্ঞতা থকা এজন প্ৰাচীনক সাক্ষাৎ কৰে। কিয়নো তেওঁলোকে সপ্তাহৰ আগেয়ে সেৱা সভাত আলোচনা কৰা এটা বিষয়ৰ ওপৰত গভীৰভাৱে চিন্তা কৰি, তেওঁ বা তাই নিয়মীয়া অগ্ৰগামীৰূপে সেৱা কৰিবলৈ বাঁচনি কৰিছে। কিন্তু তেওঁলোকে কেনেকৈ নিজৰ আৰ্থিক আৱশ্যকতাক পূৰণ কৰিব, এই বিষয়ে নিশ্চিত নহয়। প্ৰাচীনজনে এই সম্পৰ্কে ভাৰসাম্য বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজাই দিয়ে। (ছেপ্টেম্বৰ ১, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গ, ১১ পৃষ্ঠাৰ ১৩ অনুচ্ছেদত।) তেওঁ তেওঁলোকক বুজাই দিয়ে যে নিজকে চোৱা-চিতা কৰিবলৈ, প্ৰথমতে কোনো কাৰ্য্যৰ প্ৰশিক্ষণ লোৱাটো উত্তম হʼব। বহুতো প্ৰচাৰকে কম সময় আৰু খৰচতে কোনো কৰ্ম্মৰ প্ৰশিক্ষণ প্ৰাপ্ত কৰিলে। (ফ্ৰেব্ৰুৱাৰী ১, ১৯৯৬ চনৰ প্ৰহৰীদুৰ্গ, ১৪ পৃষ্ঠা; যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ, ১৭৮ পৃষ্ঠা।) তাৰ পাছত তেওঁলোক একেলগে মাৰ্চ ৮, ১৯৯৬ চনৰ সচেতন! ৯-১১ পৃষ্ঠা আৰু চাকৰিৰ সম্পৰ্কে কিছুমান ব্যৱহাৰিক পৰামৰ্শ আলোচনা কৰে।

২০ মি: “বৃহৎভাৱে আৱশ্যকতা হোৱা ঠাইবোৰলৈ গৈ আপুনি সেৱা কৰিব নে?”a স্থানীয় প্ৰচাৰকসকলে অকলশৰীয়াকৈ থকা এলেকাসমূহত কেনেকৈ কাৰ্য্য কৰিলে, এই বিষয়ে কিছুমান অনুভৱ চামিল কৰক।​—⁠আমাৰ পৰিচৰ্য্যা নামৰ কিতাপখনৰ ১১২-১১৩ পৃষ্ঠাত চাওঁক।

গীত ৪২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ১৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৫৭

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৫ মি: সকলো জাতিৰ বাবে শুভবাৰ্ত্তা। শ্ৰোতাসকলৰ সৈতে আলোচনা আৰু প্ৰদৰ্শন। আমাৰ দেশখনত লোকসকলে বিভিন্ন ভাষা কয়। গতিকে সকলো জাতিৰ বাবে শুভবাৰ্ত্তা নামৰ পুস্তিকাখনত দিয়া বিভিন্ন ভাষা ব্যৱহাৰ কৰি আমি তেনেলোকক কেনেকৈ সাক্ষী দিব পাৰোঁ, এই বিষয়ে বৰ্ণনা কৰক। ২ পৃষ্ঠাত দিয়া “এই পুস্তিকাখনৰ ব্যৱহাৰ,” নামৰ লেখটোৰ পৰা সাৰংশ দিয়ক আৰু আপোনাৰ মণ্ডলীয়ে ব্যৱহাৰ কৰা ভাষা ব্যৱহাৰ কৰি এই পুস্তিকাখনত দিয়া উপস্থাপনটো পঢ়ি শুনাওঁক। যেতিয়া অন্য ভাষা কোৱা এজন ব্যক্তি আপোনাৰ ঘৰলৈ আহে তেতিয়া তেওঁক কি কʼব পাৰে, এই বিষয়ে প্ৰদৰ্শন কৰি দেখুৱাওঁক। আপোনাৰ এলেকাত এই পুস্তিকাখন ব্যৱহাৰ কৰি পোৱা যিকোনো অনুভৱৰ বিষয়ে উল্লেখ কৰক।​—⁠ফেব্ৰুৱাৰী ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত দিয়া ৭-৮ অনুচ্ছেদ চাওঁক।

২০ মি: “শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পিছ নুহুঁহকিব!”b যদি সময়ে অনুমতি দিয়ে তেনেহʼলে ডিচেম্বৰ ১৫, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গ ২৫ পৃষ্ঠাত দিয়া অনুভৱবোৰক উল্লেখ কৰক।

গীত ৬৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২২

৫ মি: স্থানীয় ঘোষণাসমূহ

২০ মি: যুৱক-যুৱতীসকল​—⁠উচ্চ শিক্ষা লোৱাৰ বিষয়ে পৰিকল্পনা কৰাত বিবেচনাশীল হওঁক। এজন প্ৰাচীনে পিতৃ-মাতৃ আৰু তেওঁলোকৰ লʼৰা-ছোৱালীৰ সৈতে অতিৰিক্ত শিক্ষা গ্ৰহণ কৰাৰ বিষয়ে আলোচনা কৰে। প্ৰাচীনজনে ছেপ্টেম্বৰ ১, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গ, ১৬-১৭ পৃষ্ঠাৰ ১১-১৩ অনুচ্ছেদত দিয়া পূৰ্ণসময়ৰ অগ্ৰগামী সেৱাক কিয় সকলোতকৈ প্ৰথম স্থান দিয়া আৱশ্যক এই বিষয়ে কোৱাত আগভাগ লয়। (ডিচেম্বৰ ১, ১৯৯৬ চনৰ প্ৰহৰীদুৰ্গ, ১৮-১৯ পৃষ্ঠাৰ ১৩-১৫ অনুচ্ছেদ।) তাৰ পাছত সকলোৱে একেলগে মাৰ্চ ৮, ১৯৯৮ চনৰ সচেতন! ২০-২১ পৃষ্ঠাত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰি, অতিৰিক্ত শিক্ষাৰ পৰা হোৱা লোকচান আৰু নিজৰ আৱশ্যকতাসমূহক সীমিত কৰি কেনেকৈ উৎসাহিত হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লʼব পাৰি, এই বিষয়ে বিবেচনা কৰে। সকলোৱে স্বীকাৰ কৰে যে ৰাজ্যৰ শুভবাৰ্ত্তাক প্ৰচাৰ কৰা কাৰ্য্যক প্ৰথম স্থানত ৰাখি তেওঁলোকে যীচুৰ নিৰ্দ্দেশনাৰ ওপৰত ভৰসা কৰা উচিত।​—⁠মথি ৬:⁠৩৩.

২০ মি: “সকলোৱে যিচয়াৰ ভৱিষ্যতবাণী কিতাপখন অধ্যয়ন কৰিবলৈ সাজু হওঁক!”c আমি যিচয়া নামৰ কিতাপখনক অধ্যয়ন কৰি কেনেকৈ লাভবান হʼব পাৰোঁ, এই বিষয়ে চমুকৈ বৰ্ণনা কৰক। (যিচয়াৰ ভৱিষ্যতবাণী ভাগ ১ কিতাপখনৰ ১ অধ্যয়ৰ ১০-১২ অনুচ্ছেদ চাওঁক।) সকলোকে মণ্ডলীৰ পুস্তক অধ্যয়নত নিয়মীয়াকৈ উপস্থিত হʼবলৈ উৎসাহিত কৰক।

গীত ৫৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

জুলাই ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৩

৫ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে জুলাই মাহৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।

১০ মি: স্থানীয় আৱশ্যকসমূহ।

১৪ মি: “অধিবেশনসমূহ​—⁠এক আনন্দৰ সময়!” এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। তেওঁ বৰ্ণনা কৰে যে প্ৰাচীন সময়ত যিহোৱাৰ লোকসকলে বৃহৎ সমূহত একত্ৰিত হৈ লাভবান হোৱাৰ দৰে বৰ্তমান সময়তো একত্ৰিত হোৱা লোকসকলে কেনেকৈ লাভবান হয়। তদুপৰি এই অধিবেশনত পৰস্পৰে উৎসাহিত হয় আৰু প্ৰচুৰমাত্ৰত আধ্যাত্মিক আহাৰ লাভ কৰে। সকলোকে এই তিনিদিনীয়া অধিবেশনৰ সকলো কেইদিন উপস্থিত থকাৰ আৱশ্যকতাক বুজিবলৈ উৎসাহিত কৰক।

১৬ মি: “‘সুন্দৰকৈ আৰু শৃঙ্খলা লগাই’ সংগঠিত হোৱা”d এখন অধিবেশনক সংগঠিত কৰিবলৈ কিয় সঠিকভাৱে ব্যৱস্থা কৰা উচিত, এই বিষয়ে বৰ্ণনা কৰক। অধিবেশনত আমাৰ লাভৰ বাবে কৰা ব্যৱস্থাক সম্পূৰ্ণকৈ সহযোগ কৰা গুৰুত্বপূৰ্ণতাৰ বিষয়ে জোৰ দি বুজাই দিয়ক। আমি কেনেকৈ অধিবেশনৰ প্ৰতি সঠিক সন্মান আৰু অনাৱশ্যকীয় সমস্যা উৎপন্ন হোৱাৰ পৰা বিৰত থাকিব পাৰোঁ, এই বিষয়ে দিয়া পৰামৰ্শসমূহক পুনৰ আলোচনা কৰক।

গীত ৩১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

আগষ্ট ৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৫২

১০ মি: স্থানীয় ঘোষণাসমূহ। শ্ৰোতাসকলক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে কʼবলৈ আমন্ত্ৰণ কৰক যে তেওঁলোকে নিজৰ সহকৰ্ম্মী, ছুটিত যাওঁতে বা সত্যত নথকা নিজৰ আত্মীয়-স্ৰজনক সাক্ষাৎ কৰোঁতে কেনেকৈ সাক্ষী দিছিল।

১৭ মি: “শুনি আৰু বিদ্যাৱন্ত হওক।” এই বিষয়টো এজন প্ৰাচীনে ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা কৰাৰ দ্বাৰা প্ৰস্তুত কৰে। বৰ্ণনা কৰক যে অধিবেশনত দিয়া পৰামৰ্শসমূহ আমাৰ আৱশ্যক হোৱা আধ্যাত্মিক আহাৰৰ বাবে কিয় অতি গুৰুত্বপূৰ্ণ। অধিবেশনৰ কাৰ্য্যক্ৰমৰ বাবে কিয় প্ৰচুৰমাত্ৰত সময় আৰু প্ৰচেষ্টা কৰা হয়, এই বিষয়ে মন্তব্য দিয়ক। শ্ৰোতাসকলক আমন্ত্ৰণ কৰি কʼবলৈ কওঁক যে এজনে নিজে আৰু আনে লাভবান হʼবলৈ কি কৰিবলৈ নিশ্চিত হোৱা উচিত। অধিবেশন আৰম্ভ হোৱাৰ আগতে আমাৰ সকলোৱে কিয় নিজৰ নিজৰ আসনত বহা উচিত, এই বিষয়ে কাৰণ দৰ্শাই বুজাই দিয়ক।

১৮ মি: “উত্তম আৰু প্ৰশংসাযোগ্য কাৰ্য্য কৰা!”e বৰ্ণনা কৰি বুজাই দিয়ক যে আমি যেতিয়া অধিবেশনত একগোট হৈ উপস্থিত হওঁ, তেতিয়া বহুতে আমাক দেখি আকৰ্ষিত হয়। কিয়নো আমাক লক্ষ্যকৰোঁতা সকলৰ সঠিক মন্তব্যৰ বাবে ৰাজ্যৰ শুভবাৰ্ত্তাৰ সাক্ষী দিবলৈ সহায় হয় অন্যথা আমাক লক্ষ্যকৰোঁতা সকলৰ অনুযোগে, লোকসকলক সত্যৰ পৰা আঁতৰাই নিব। আনৰ প্ৰতি বিবেচনাশীল হৈ আমাৰ খ্ৰীষ্টান গুণসমূহক প্ৰকাশ কৰাৰ বিশেষ কিছুমান বিষয়ৰ সম্পৰ্কে বৰ্ণনা কৰক।

গীত ১০৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

b  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

c  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

d  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

e  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক