আপুনি এজন “কৌতুকৰ পাত্ৰ”!
১ এই সম্বন্ধে পাঁচনি পৌলে এইদৰে লিখিছিল: “জগতৰ আগত, অৰ্থাৎ স্বৰ্গদূত আৰু মানুবিলাকৰো আগত আমি কৌতুকৰ পাত্ৰ হৈছোঁ।” (১ কৰি. ৪:৯) পৌলে কোৱা এই কথাশাৰীৰ অৰ্থ কি আৰু ই বৰ্তমান সময়ত আমাৰ প্ৰচাৰকাৰ্য্যক কেনেকৈ প্ৰভাৱিত কৰে?
২ যেতিয়া “কৌতুকৰ পাত্ৰ” বুলি কোৱা হয়, তেতিয়া হয়তো এজন কৰিন্থীয়া বাসীৰ মনলৈ ৰোম দেশৰ প্ৰচলিত গ্লেডিয়েটৰ যুদ্ধ বা সশস্ত্ৰ খেলাৰ দৃশ্য ভাহি উঠিব পাৰে। যি খেলত প্ৰতিদ্বন্দীসকলে পৰাজয়ৰ পাছত নিষ্ঠুৰভাৱে হত্যা হোৱাৰ পূৰ্বেই তাত উপস্থিত থকা বৃহৎ সংখ্যক ৰাইজৰ আগত কৌতুকৰ পাত্ৰ হʼবলগীয়া হয়। একেইদৰে প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ বাবে বৃহৎ দৰ্শকসমূহ অৰ্থাৎ মানুহ আৰু স্বৰ্গদূতৰ আগত ক্লেশ ভোগীবলগীয়া হৈছিল। (ইব্ৰী ১০:৩২, ৩৩) তেওঁলোকে তেনে অৱস্থাতো ঈশ্বৰৰ প্ৰতি অখণ্ডতা বজাই ৰাখি লক্ষ্য কৰোঁতাসকলৰ ধ্যান কেন্দ্ৰিত কৰিছিল। সেই একেইদৰে বৰ্তমান সময়ত আমিও গ্লেডিয়েটৰ যুদ্ধ বা সশস্ত্ৰ খেলৰ ভূমিত উপস্থিত থাকি ক্লেশ সহন কৰি বহুতো লোকৰ ধ্যান কেন্দ্ৰিত কৰিছোঁ। কিন্তু আমি কাৰ আগত কৌতুকৰ পাত্ৰ হৈছোঁ?
৩ জগত অৰ্থাৎ মানুহৰ আগত: কেতিয়াবা যিহোৱাৰ সাক্ষীসকলে কৰা কাৰ্য্যবোৰৰ বিষয়ে সংবাদ মাধ্যয়মবোৰে বিভিন্ন ৰিপৰ্ট প্ৰকাশ কৰে। আমি তেওঁলোকক আমাৰ কাৰ্য্যৰ সম্পৰ্কে দিয়া সঠিক ৰিপৰ্টসমূহৰ বাবে প্ৰসংশা কৰোঁ। কিন্তু মাজে সময়ে সংবাদ অনুষ্ঠানবিলাকে আমাৰ কাৰ্য্যৰ অহিতে ভুল ৰিপৰ্টো দাঙি ধৰে। গতিকে যিয়েই নহওঁক, আমি ‘কুযশ আৰু সুযশতো’ নিজকে ঈশ্বৰৰ পৰিচাৰক বুলি পৰিচয় দিয়া উচিত। (২ কৰি. ৬:৪, ৭) কিয়নো তেনে কৰিলে আমি যে বাস্তৱতে যীচুৰ শিষ্য হওঁ তাক আগ্ৰহীলোকে স্পষ্টকৈ লক্ষ্য কৰিব পাৰিব।
৪ স্বৰ্গদূতৰ আগত: আত্মিক প্ৰাণীসকলেও আমাক লক্ষ্য কৰে। আমি “যীচুৰ সাক্ষ্য ধাৰণ” কৰা কাৰ্য্যক দিয়াবল চয়তান আৰু তাৰ দূতসকলে “অতি ক্ৰুদ্ধ” হৈ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছে। (প্ৰকা. ১২:৯, ১২, ১৭) ইয়াৰ বিপৰীতে ঈশ্বৰৰ স্বৰ্গদূতসকলে পাপী মানুহবোৰে মন পালটন কৰা দেখি অতি আনন্দিত হৈছে। (লূক ১৫:১০) তদুপৰি আমি এই পৃথিৱীত প্ৰচাৰ কৰা বাৰ্ত্তাক তেওঁলোকে অতি গুৰুত্ব আৰু লাভজনক বুলি লক্ষ্য কৰে। স্বৰ্গদূতসকলৰ তেনে দৃষ্টিভঙ্গীয়ে আমাক শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত লাগি থাকিবলৈ উৎসাহিত কৰে!—প্ৰকা. ১৪:৬, ৭.
৫ যেতিয়া আপুনি কোনো বিৰোধীতাৰ সন্মূখীন বা আপোনাৰ প্ৰচাৰ কাৰ্য্যই কোনো ফল নধৰা যেন বোধ হয়, তেতিয়া মনত ৰাখক যে আপোনাক গোটেই বিশ্ব-ব্ৰহ্মাণ্ডই লক্ষ্য কৰি আছে। ইয়ে আপোনাক সহনশীলতাৰে ঈশ্বৰৰ প্ৰতি অখণ্ডতা বজাই ৰখাত সহায় কৰিব। অৱশেষত আপুনি কৰা ‘বিশ্বাসৰ উত্তম যুদ্ধই’ আপোনাক “অনন্ত জীৱন ধাৰণ” কৰাত সহায় কৰিব।—১ তীম. ৬:১২.