ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০১ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • ছেপ্টেম্বৰ ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ছেপ্টেম্বৰ ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ছেপ্টেম্বৰ ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • অক্টোবৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০১ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

ছেপ্টেম্বৰ ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৮৬

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।

১৩ মি: স্থানীয় আৱশ্যকসমূহ।

২২ মি: “আপুনি আপোনাৰ প্ৰচাৰকাৰ্য্যক সম্পূৰ্ণৰূপে সম্পন্ন কৰিছে নে?”a শ্ৰোতাসকলৰ সৈতে ১-​৩ অনুচ্ছেদ আলোচনা কৰাৰ পাছত, আলোচনী প্ৰস্তুত কৰি চমুকৈ দুটা প্ৰদৰ্শন কৰক। প্ৰদৰ্শনৰ বাবে ছেপ্টেম্বৰ ১ প্ৰহৰীবুৰুজ আলোচনীখন ব্যৱহাৰ কৰক। ৪ অনুচ্ছেদটো আলোচনা কৰাৰ পাছত উল্লেখ কৰা প্ৰস্তুতিটোৰ সৈতে জ্ঞান কিতাপখন কেনেকৈ ব্যৱহাৰ কৰিব, তাক প্ৰদৰ্শন কৰি দেখুৱাওক।

গীত ১২৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ছেপ্টেম্বৰ ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৯২

১৫ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। বৰ্ণনা কৰি কওঁক যে “এই বিষয়ে নিৰ্ঘন্টত দিয়া আছে।” নামৰ প্ৰবন্ধটোৱে আপোনাক সৃষ্টি কিতাপখন গৃহস্থক দিয়া সময়ত কোৱা প্ৰস্তুতিসমূহক বিচাৰি উলিওয়াত সহায় কৰিব।

১৫ মি: আমি যোৱা বছৰত কেনেকৈ কৰিলোঁ? সেৱা ওভাৰচিয়াৰে ভাষণৰ যোগেদি এই বিষয়টোক প্ৰস্তুত কৰে। ২০০১ চনৰ সেৱা বছৰত মণ্ডলীয়ে কিদৰে কাৰ্য্য কৰিছিল এই বিষয়ে মন্তব্য দাঙি ধৰক। সকলোৱে উৎসাহিত হৈ উত্তম কাৰ্য্যত ভাগ লোৱাৰ বাবে প্ৰশংসা কৰক। মণ্ডলীত সভাৰ উপস্থিতি, নিয়মিতৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আৰু অধিক বাইবেল অধ্যয়ন লাভ কৰাৰ বাবে ব্যৱহাৰিক পৰামৰ্শ দাঙি ধৰক। আহিবলগীয়া বছৰৰ বাবেও এনে এক ব্যৱহাৰিক লক্ষ্য বনাওঁক, যাতে মণ্ডলীয়ে সেই লক্ষ্যত উপনীত হʼব পাৰে।

১৫ মি: প্ৰশ্ন বক্স। এটা ভাষণ। মণ্ডলীৰ বাবে তৈয়াৰ কৰা সপ্তাহটোৰ প্ৰচাৰ কাৰ্য্যৰ সভাখনৰ তালিকাক পুনৰ আলোচনা কৰক। বৰ্ণনা কৰি কওঁক যে, যিসকলে ইয়াত অংশ গ্ৰহণ কৰে তেওঁলোকে সেই সভাৰ ব্যৱহাৰিক আলোচনাত কেনেকৈ ভাগ লʼব পাৰে। সকলোকে প্ৰচাৰ কাৰ্য্যৰ সভাত উপস্থিত হʼবলৈ উৎসাহিত কৰক।

গীত ১২৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ছেপ্টেম্বৰ ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৯৭

১৫ মি: স্থানীয় ঘোষণাসমূহ। প্ৰথম পৃষ্ঠাত দিয়া “আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?” নামৰ বিষয়টোত দিয়া পৰামৰ্শ অনুসৰি ছেপ্টেম্বৰ ১ প্ৰহৰীবুৰুজ আলোচনীখনৰ ওপৰত আধাৰিত কৰি ভালদৰে তৈয়াৰী কৰা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক।

৩০ মি: জগতৰ ৰীতি-ব্যৱস্থাক নহয়, কিন্তু ঈশ্বৰক প্ৰেম কৰা। (১ যোহ. ২:⁠১৫-​১৭) যোৱা সেৱা বছৰত হোৱা চাৰ্কিট সন্মিলনৰ বিষয়বোৰক পুনৰ আলোচনা আৰু ভাষণৰ দ্বাৰা প্ৰস্তুত কৰক। প্ৰচাৰকসকলক কবলৈ আমন্ত্ৰণ কৰক যে তেওঁলোকে কেনে মুখ্য বিষয়বোৰ শিকিলে আৰু তাৰ পৰামৰ্শবোৰ নিজৰ ব্যক্তিগত বা পৰিয়ালৰসমূহত কেনেকৈ ব্যৱহাৰ কৰিব পাৰিছে। (ভাগসমূহত মন্তব্য দিবলৈ শ্ৰোতাসকলক নিযুক্ত কৰিব পাৰে।) সেই কাৰ্য্যক্ৰমৰ ভাগবোৰ হৈছে: (১) “ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আমাক প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰে।” এনে প্ৰেমে, প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা আমাৰ অস্বীকাৰমূলক অনুভূতি, যেনে​—⁠আত্মপ্ৰত্যয়হীন, অযোগ্যতা বোধ কৰা আৰু মানুহৰ প্ৰতি থকা ভয়ক আঁতৰ কৰিবলৈ সহায় কৰিব। (২) “ঈশ্বৰৰ প্ৰেমীসকলে বেয়াক ঘিণ কৰে।” (w৯৯ ১০/১ ২৮-​৩১ পৃষ্ঠা চাওঁক।) আমি বেয়াক ঘৃণা কৰাৰ ওপৰত ঈশ্বৰৰ সৈতে থকা আমাৰ সম্পৰ্ক নিৰ্ভৰ কৰে। ইয়াত কেৱল স্পষ্টৰূপে প্ৰকাশ পোৱা অসজ কাৰ্য্যবোৰক ঘিণ কৰাটো জড়িত আছে, এনে নহয় কিন্তু গুপুতে হোৱা বেয়া কাৰ্য্যবোৰো সন্মিলিত আছে। (৩) “প্ৰেমৰ উৎকৃষ্ট পথক অনুকৰণ কৰক।” (w৯২ ৭/১৫ ২৭-​৩০) প্ৰথম কৰিন্থীয়া ১৩:⁠৪-​৮ পদে দেখুৱাইছে যে আমি আনৰ অসিদ্ধতাক সহনশীল হৈ আত্মকেন্দ্ৰী, প্ৰতিদ্বন্দিতা, অনিষ্টকাৰক পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা আৰু ঈশ্বৰৰ সংগঠনৰ সৈ বিশ্বস্ততা বজাই ৰাখিবলৈ উৎসাহিত কৰে। (৪) “এই জগতৰ ৰীতি-ব্যৱস্থাৰ প্ৰতি আমি কেনে দৃষ্টি ৰাখোঁ?” আমি এই জগতৰ ৰীতি-ব্যৱস্থাক প্ৰেম কৰা উচিত নহয়, কিয়নো ইয়ে শাৰীৰিক ইচ্ছাক নিজৰ অধিনত কৰি বিপথগামী কৰে বা আমাক এক জাকজমকতাপূৰ্ণ জীৱন-যাপনলৈ পৰিচালিত কৰিব পাৰে। (৫) “এই জগতৰ কোনো ভাগ নহৈ আমি নিজকে ৰক্ষা কৰিব পাৰোঁ।” দ্বিতীয় কৰিন্থীয়া ৬:⁠১৪-​১৭ পদত বৰ্ণনা কৰিছে যে কেনেকৈ বিশেষ কিছুমান বিশ্বাস আৰু ৰীতি-নীতি আৰু অভ্যাসে ঈশ্বৰক অসন্তোষ্ট কৰিব পাৰে। আমি চয়তানে বনোৱা ফান্দৰ পৰা নিশ্চয়ে আঁতৰি থকা উচিত। (৬) “যিসকলে ঈশ্বৰক প্ৰেম কৰে, তেওঁলোকক ঈশ্বৰে মহান পুৰষ্কাৰ প্ৰদান কৰিব।” (w৮৬ ৬/১৫ ৫-৬ পৃষ্ঠা।) যিহোৱাৰ আশীৰ্ব্বাদে আমাক আনন্দিত আৰু আধ্যাত্মিকৰূপে ধনবান কৰি তুলে।​—⁠১ তীম. ৬:⁠১৭-​১৯.

গীত ১৩৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

অক্টোবৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১০৬

১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে ছেপ্টেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।

১৫ মি: মই স্কুলত কেনেকৈ উন্নতি কৰিব পাৰোঁ? এজন প্ৰচীন আৰু তেওঁৰ পত্নী বা এজন সহায়ক সেৱক আৰু তেওঁৰ পত্নীয়ে স্কুললৈ যোৱা তেওঁলোকৰ লʼৰা বা ছোৱালীজনীৰ প্ৰতি চিন্তিত হৈছে। কিয়নো তেওঁলোকৰ লʼৰা বা ছোৱালীজনীয়ে স্কুলত কৰিবলৈ দিয়া কামবোৰত পিছ পৰি আছে। তেওঁলোকে যুৱক-যুৱতীসকলে কৰা প্ৰশ্ন, নামৰ কিতাপখনৰ ১৮ অধ্যায়ত দিয়া কিছুমান পৰামৰ্শক দাঙি ধৰে আৰু আলোচনা কৰে যে লʼৰা বা ছোৱালীজনীয়ে উন্নতি কৰা আৱশ্যক। পিতৃ-মাতৃসকলে গুৰুত্ব দি কয় যে সম্পূৰ্ণ ফলদায়কৰূপে পবিত্ৰ সেৱা আগবঢ়াবলৈ হʼলে উত্তমৰূপে বুনিয়াদী শিক্ষা গ্ৰহণ কৰা প্ৰয়োজন।

২০ মি: “প্ৰচাৰ কাৰ্য্যত বাধা উৎপন্ন হৈছেনে?”b চাকৰী জীৱনত ভাৰসাম্য বজাই ৰাখি ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যসমূহক প্ৰথমস্থান দিয়াৰ গুৰুত্বতাৰ ওপৰত জোৰ দিয়ক।

গীত ১৩৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

b  এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক