ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ বিতৰণ। আগ্ৰহী লোকসকলক পুনৰ সাক্ষাৎ কৰি আলোচনী প্ৰবাহ স্থাপন কৰিবলৈ চেষ্টা কৰক। যি ঠাইবিলাকত আলোচনী প্ৰবাহ স্থাপন কৰাটো ব্যৱহাৰিক নহয়, তেনে ক্ষেত্ৰত গৃহস্থক গ্ৰাহকতাৰ বাবে অনুৰোধ কৰিব পাৰে। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় বিতৰণ কৰিব পাৰে। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে তেওঁলোকক আপুনি মানৱজাতিয়ে ঈশ্বৰক অনুসন্ধান কৰা নামৰ কিতাপখন আগবঢ়াব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। অন্যথা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। জানুৱাৰী: মণ্ডলীত মজুত থকা যিকোনো ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপ দিব পাৰে। যদি মণ্ডলীত পৰিয়ালৰ সুখৰ ৰহস্য নামৰ কিতাপখন আছে তেতিয়াহʼলে সেইখনো গৃহস্থক দিব পাৰে।
▪ এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত “২০০২ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” দিয়া হৈছে, যিখনক ২০০২ চনৰ ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত ব্যৱহাৰ কৰা হʼব।
▪ প্ৰত্যেক মণ্ডলীলৈ ছেপ্টেম্বৰ মাহৰ মাহেকীয়া বিবৃতিৰ সৈতে মণ্ডলীৰ সভাৰ সংবাদসমূহৰ বাবে (S-5) ফৰ্মখনৰ তিনিখনকৈ কপি পঠোৱা হৈছে। মণ্ডলীৰ সভাৰ সময় অথবা ঠিকনাৰ কোনো সাল-সলনি হওঁক বা নহওঁক, চেক্ৰেটৰীয়ে অক্টোবৰ ২০, ২০০১ চনলৈকে সেইখন ভৰ্ত্তি কৰি সংস্থালৈ পঠোৱা উচিত। যদি ভৱিষ্যতে মণ্ডলীৰ সভাৰ সময় বা ঠিকনা সাল-সলনি কৰিবলগীয়া থাকে, তেনেহʼলে সেই বিষয়ে উল্লেখ কৰি সেই ফৰ্মখনৰ বাকী দুখন কপিৰ দ্বাৰা শাখা কাৰ্য্যলয়ক জনোৱা আৱশ্যক। যদি মণ্ডলীক নতুন হেণ্ডবিলৰ আৱশ্যক, তেনেহʼলে (S-16) আৱেদন পত্ৰখনত উল্লেখ কৰি পঠোৱা উচিত। হেণ্ডবিলৰ বাবে সেই ফৰ্মসমূহ পোৱা আঠ সপ্তাহৰ ভিতৰত নিৱেদন কৰাটো উত্তম হʼব।
▪ সকলো মণ্ডলীলৈ ছেপ্টেম্বৰ ১, ২০০১ চনৰ সাহিত্যৰ তালিকা (S-18) পঠোৱা হৈছে। গতিকে যি মণ্ডলীসমূহে এতিয়ালৈকে সেই তালিকাসমূহ পঠোৱা নাই, অনুগ্ৰহ কৰি কোনো পলম নকৰাকৈ ওপৰত উল্লেখ কৰা ফ্ৰমৰ সৈতে পঠোৱা উচিত। যি মণ্ডলীসমূহ “ৰাজ্য গৃহৰ সাহিত্য বিভাগʼৰ” অন্তৰ্গত আছে, সেই মণ্ডলীবিলাকৰ হৈ কৰ্ডিনেটিং মণ্ডলীয়ে তালিকাসমূহ (ইনভেনট্ৰি) ভৰ্ত্তি কৰা উচিত।
▪ অনুগ্ৰহ কৰি তলত উল্লেখ কৰা আলোচনীসমূহ বিচাৰি সাহিত্য আৱেদন পত্ৰ (S-14) নপঠিয়াই যেন। কিয়নো সেইবোৰ অস্থায়ীভাৱে সংস্থাৰ ওচৰত উপলব্ধ নাই। যেতিয়া সেইবোৰ পুনৰ উপলব্ধ হʼব আমাৰ ৰাজ্য পৰিচৰ্য্যাত ঘোষণা কৰিব।
▪ ভাৰতত উপলব্ধ নাই:
নিউ ওৱৰ্লড ট্ৰান্সলেশ্বন অৱ দ্যা হʼলি স্ক্ৰিপচাশ্বাৰচ (bi12) —ইংৰাজী
সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল —মালায়ালম
বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন —মালায়ালম
আমাৰ পৰিচৰ্য্যাক সম্পূৰ্ণ কৰিবৰ বাবে সংগঠিত —ইংৰাজী, মালায়ালম আৰু তামিল
শাস্ত্ৰপদৰ পৰা যুক্তি প্ৰদৰ্শন কৰা —তামিল
যিহোৱা—তেওঁ কোন? (ট্ৰেক্ট নং. ২৩) —গুজৰাটী, হিন্দী, মাৰাঠী, তামিল, তেলেগু
আমাৰ জীৱন কিচমতৰ ওপৰত নিৰ্ধাৰিত নে—নাইবা আল্লাই আমাৰ জীৱনৰ হিচাপ লয়নে? (ট্ৰেক্ট নং. ৭১) —ইংৰাজী, হিন্দী, কানাড়ী, মালায়ালম, তামিল
এক মহান নাম (ট্ৰেক্ট নং. ৭২) —হিন্দী, কানাড়ী
কোন হয়? যিহোৱা সাক্ষীসকল (ট্ৰেক্ট নং. ৭৩) —ইংৰাজী, হিন্দী, কানাড়ী
দোজখ আল্লাৰ বিচাৰৰ ভাগ হয়নে? (ট্ৰেক্ট নং. ৭৪) —ইংৰাজী, হিন্দী, কানাড়ী