ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। অন্যথা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। জানুৱাৰী: মণ্ডলীত মজুত থকা যিকোনো ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপ দিব পাৰে। যদি মণ্ডলীত পৰিয়ালৰ সুখৰ ৰহস্য নামৰ কিতাপখন আছে তেতিয়াহʼলে সেইখনো গৃহস্থক দিব পাৰে। ফেব্ৰুৱাৰী: কেনেকৈ জীৱনৰ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? নিগূঢ় বাক্যসমূহৰ প্ৰকাশ—এক চৰম অৱস্থাত উপনীত হৈছে! সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল, বা মণ্ডলীত উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ যি কোনো পুৰণি কিতাপ আগবঢ়াব পাৰে। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, নামৰ কিতাপখনৰ বিতৰণ আৰু গৃহস্থসকলৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষভাৱে চেষ্টা কৰক।
▪ ২০০৩ চনত পালন কৰিবলগীয়া স্মৰণীয় পৰ্ব্ব ১৬ এপ্ৰিল, বুধবাৰে সূৰ্য্য অস্ত যোৱাৰ পাছত উদযাপন কৰা হʼব। এই জাননী আগতীয়াকৈ এইবাবে দিয়া হৈছে, সাধাৰণতে যি ৰাজ্য গৃহবোৰক এটাতকৈ বেছি মণ্ডলীয়ে ব্যৱহাৰ কৰে, তেওঁলোকে যাতে এই পৰ্ব পালন কৰিবলৈ আগতীয়াকৈ আন এখন ঠাইৰ ব্যৱস্থা কৰিব পাৰে। যিবোৰ সভাগৃহত স্মৰণীয় পৰ্ব পালন কৰিবলৈ আয়োজন কৰা হয়, তাৰ প্ৰশাসন সমিতিৰ সৈতে প্ৰাচীনসকলে চুক্তিনামা কৰা উচিত যে, স্মৰণীয় পৰ্ব উৎযাপন কৰাৰ সময়ছোৱাত সভাগৃহৰ চৌহদত কোনো প্ৰকাৰৰ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি বা অন্যান্য কাৰ্য্যক্ৰম পতা নহয় যাতে এই স্মৰণীয় পৰ্বক সুশৃংখলাবদ্ধ আৰু শান্তিৰে পালন কৰিব পাৰি। তদুপৰি, এই পৰ্ব বিশেষ আৰু গুৰুত্বপূৰ্ণ হোৱাৰ বাবে প্ৰাচীনগোষ্ঠীয়ে সাধাৰণভাৱে প্ৰত্যেক বছৰে পাল পৰা এজন ভাইক বাচনি কৰাৰ পৰিৱৰ্তে এজন উপযুক্ত প্ৰাচীনক স্মৰণীয় পৰ্বৰ ভাষণ দিবলৈ নিযুক্ত কৰা উচিত। যদি মণ্ডলীত কোনো অভিষিক্ত ভাই আছে আৰু ভাষণ দিবলৈ সক্ষম, তেনেহʼলে এই ভাষণ দিবলৈ তেওঁকে বাছনি কৰা আৱশ্যক।
▪ নবেম্বৰ ১, ২০০১ চনৰ আৰম্ভণীৰ পৰা প্ৰহৰীবুৰুজ আলোচনীখন অসমীয়া আৰু মিজো ভাষাত মাহেকীয়া সংস্কৰণ হিচাপে প্ৰকাশ পালে।
▪ নতুন প্ৰকাশন উপলব্ধ:
বাইবেলৰ প্ৰাথমিক শিক্ষা —ঊড়িয়া
বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? (ট্ৰেক্ট নং. ২৬) —অসমীয়া, ইংৰাজী, কানাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, মিজো, মাৰাঠী, মালায়ালম, হিন্দী
যিচয়াৰ ভৱিষ্যতবাণী—সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ১ —গুজৰাটী