ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুননিৰীক্ষণ
২০০১ চনৰ ছেপ্টেম্বৰ ৩ তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ ২৪ তাৰিখৰ লৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰৰ ওপৰত আধাৰিত কৰি এই পুননিৰীক্ষণ আলোচনা কৰা হʼব। নিযুক্ত কৰা সময়ৰ অনুসৰি, আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগে কাগজ ব্যৱহাৰ কৰক।
[সূচনা: পুননিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মাত্ৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্নসমূহৰ পাছত উল্লেখ কৰা সংখ্যাবোৰ ব্যক্তিগতৰূপে আপুনি অনুসন্ধান কৰাত সহায়ৰ বাবে দিয়া হৈছে। প্ৰহৰীদুৰ্গʼৰ পৰা উত্তৰ বিচাৰি পাবলৈ সকলো প্ৰশ্নৰ পাছত পৃষ্ঠা বা অনুচ্ছেদৰ নম্বৰ নাথাকিবও পাৰে।]
প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:
১. গালীল প্ৰদেশৰ পৰা অহা যীচুৰ এঘাৰজন শিষ্যৰ বাহিৰে কেৱল ঈষ্কৰিয়োতীয়া যিহূদাই যিহূদিয়া প্ৰদেশৰ আছিল। [gt ৩৪]
২. যীচুৱে আচৰিতভাৱে সুস্থ কৰা কাৰ্য্যসমূহ আহিবলগীয়া ঈশ্বৰৰ ৰাজ্যৰ আভাস আছিল। [w৯৯ ৯/১ ৬ পৃ. ৮ অনু.]
৩. গীতমালা ৬৮:১১ পদত উল্লেখ কৰা তিৰোতাবিলাকৰ “মহাবাহিনী,” সেইসকল তিৰোতাক বুজাইছে যিসকলক ইস্ৰায়েলৰ পুৰুষসকলে শত্ৰুবিলাকৰ ওপৰত বিজয়ী হোৱাৰ সময়ত বন্দী অৱস্থাৰ পৰা মুক্তি লাভ কৰিছিল। [সপ্তাহিক বাইবেল পাঠ; w৮৬ ১০/১৫ ৩০ পৃ. ৬ অনু. চাওঁক।]
৪. মথি ১১:১১, ১২ পদত যীচুৱে কৈছিল যে যোহন বাপ্তইজে স্বৰ্গত স্থান নাপাব, কিয়নো সৰুতকৈ সৰু জনেই যোহনতকৈ মহান। [gt ৩৮]
৫. “তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা” বুলি কোৱা পাঁচনি পৌলৰ এই কথাষাৰে প্ৰকাশ কৰিছে যে তীমথিয় কেৱল এজন কিশোৰ অথবা তেওঁৰ বয়স ২০ বছৰতকৈ কম আছিল। (১ তীম. ৪:১২) [w৯৯ ৯/১৫ ২৯ পৃ. ১-৩ অনু.; ৩১ পৃ. ২ অনু.]
৬. গীতমালা ১১০:১ পদত উল্লেখ কৰা ‘মোৰ প্ৰভু’ শব্দটোৱে যীচুক বুজাইছে। [সপ্তাহিক বাইবেল পাঠ; w৯৪ ৬/১ ২৮ পৃ. ৫ অনু. চাওঁক।]
৭. ঈশ্বৰৰ সেৱকসকলে তেওঁলোকৰ পিতৃ-মাতৃ বৃদ্ধ হʼলেও তেওঁলোকক গভীৰ আদৰ দেখুৱা উচিত। (হিতো. ২৩:২২-২৪) [fy ১৮২ পৃ. ২১ অনু.]
৮. সাধাৰণতে যীচুৱে যিসকলক সুস্থ কৰিছিল, তেওঁলোকক সেই বিষয়ে কাকো নকবলৈ হাক দিছিল, কিন্তু পূৰ্বতে ভূতে পোৱা এজন মানুহক সুস্থ কৰাৰ ক্ষেত্ৰত অব্যাহত আছিল। কিয়নো যীচুৱে সেই এলেকাত প্ৰচাৰ কৰিবলৈ সুযোগ নোপোৱাৰ বাবে সুস্থ কৰা ব্যক্তিজনক তেওঁ কৰা কাৰ্য্যৰ বিষয়ে ঘোষণা কৰিবলৈ কৈছিল। (মাৰ্ক ৫:১৮-২০) [gt ৪৫]
৯. পবিত্ৰ আত্মাক ঈশ্বৰৰ শক্তি বুলি কোৱাটো নিশ্চই সঠিক হʼব। [g৯৯ ১/৮ ২৬ পৃ. ৩ অনু.]
১০. হিতোপদেশ ২১:১৭ পদত “ৰং-ধেমালিত আসক্ত” হোৱাৰ পৰা বিৰত থকা পৰামৰ্শই দেখুৱাইছে যে ৰং-ধেমালি কৰাটো আমাৰ বাবে সঠিক নহয়, কিয়নো ইয়ে আমাক সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা আঁতৰাই নিয়ে। [সপ্তাহিক বাইবেল পাঠ; w৯৭ ১০/১ ২৭ পৃ. ৭ অনু. চাওঁক।]
নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিয়ক:
১১. যীচুৱে মাৰ্থাক মৃদুভাৱে অনুযোগ দিয়া কাৰ্য্যই কি প্ৰকাশ কৰিছিল? (লূক ১০:৪০, ৪১) [w৯৯ ৯/১ ৩০ পৃ. ৭ অনু.]
১২. গীতমালাৰ লিখকে যিহোৱাৰ কি ‘গৌৰৱ’ গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰিছিল? (গীত. ৭৩:২৪) [সপ্তাহিক বাইবেল পাঠ; w৮৬ ১২/১৫ ২৮ পৃ. ৩ অনু.]
১৩. গীতমালা ৮৪:১-৩ পদত গীতমালাৰ লিখকে উপাসনাৰ সৈতে জড়িত থকা কাৰ্য্য কৰাৰ সম্পৰ্কে কেনে দৃষ্টিভঙ্গী দাঙি ধৰিছিল? [সপ্তাহিক বাইবেল পাঠ; w৯৭ ৩/১৫ ৮ পৃ. ৫-৭ অনু.]
১৪. যিহোৱাই যে তেওঁৰ কাৰ্য্যৰ বাবে প্ৰকৃততে যিহোৱাৰ সাক্ষীসকলক ব্যৱহাৰ কৰিছে, তাৰ প্ৰমাণসমূহ কি কি? [je. ১১ পৃ. ৫ অনু.]
১৫. প্ৰাচীন খ্ৰীষ্টানসকলে প্ৰকাশিত বাক্যত উল্লেখ কৰা যীচুৰ হাজাৰ বছৰীয়া ৰাজত্বৰ বিষয়ে বিশ্বাস কৰিছিল, কিন্তু কিহে ধৰ্মত্যাগী খ্ৰীষ্টানসকলক সেই বিষয়ে বিশ্বাস নকৰিবলৈ পৰিচালিত কৰিলে? [w৯৯ ১২/১ ৬ পৃ. ৩ অনু-৭ পৃ. ৫ অনু.]
১৬. খ্ৰীষ্টানসকলে কিমান পৰ্য্যন্তলৈকে “নিজৰ বিষয়ে নহয়” আনৰ বিষয়ে চিন্তা কৰা উচিত? (ফিলি. ২:৪) [w৯৯ ১২/১ ২৯ পৃ. ১ অনু.]
১৭. গীতমালা ১২৮:৩ পদত উল্লেখ কৰা এজন মানুহৰ মেজৰ চাৰিওফালে “জিতগঁছৰ পুলিৰ নিচিনা হব,” বুলি কোৱা কথাষাৰে কি পৰামৰ্শ আগবঢ়াইছে? [সপ্তাহিক বাইবেল পাঠ; w০০ ৮/১৫ ৩০ পৃ. ৪ অনু. চাওঁক।]
১৮. যদি আমি ঈশ্বৰৰ কাৰ্য্যক আচৰিতৰূপে দৃষ্টি কৰোঁ, তেনেহʼলে ই আমাক কেনেকৈ প্ৰভাৱিত কৰি তুলিব? (গীত. ১৩৯:১৪) [সপ্তাহিক বাইবেল পাঠ; w৯৩ ১০/১ ১৫ পৃ. ১৮ অনু. চাওঁক।]
১৯. হিতোপদেশ ৫:৩, ৪ পদত ব্যভিচাৰ কাৰ্য্যৰ পৰিণামক কিয় “নাগ্দানাৰ নিচিনা তিতা” আৰু দুধৰীয়া তৰোৱালৰ নিচিনা চোকা” বুলি উল্লেখ কৰিছে? [সপ্তাহিক বাইবেল পাঠ; w০০ ৭/১৫ ২৯ পৃ. ২ অনু. চাওঁক।]
২০. হিতোপদেশ ১৪:২৯ পদৰ অনুসাৰে বিবেচনা শক্তিয়ে কেনেকৈ অধৈৰ্য্য আৰু অতিপাত ক্ৰোধ কৰাৰ ফলত হোৱা বেয়া পৰিণামৰ পৰা আঁতৰি থকাত সহায় কৰে? [সপ্তাহিক পাঠ; w৯৭ ৩/১৫ ১৩ পৃ. ৭-৮ অনু. চাওঁক।]
প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰণ কৰিবলৈ উপযুক্ত শব্দ বা বাক্য দিয়ক:
২১. সাধাৰণতে লোকসকলে কোনো এজন ব্যক্তিৰ কথা _________________________ তেওঁৰ _________________________ প্ৰতিহে বেছি লক্ষ্য কৰে। (মথি ৫:১৬; ১ পিত. ৩:১৬) [rq ৩০ পৃ. ২ অনু.]
২২. হিতোপদেশত উল্লেখ কৰা পৰামৰ্শসমূহ দুই ভাগতেই ব্যৱহাৰ হয়—_________________________ প্ৰদান কৰা আৰু _________________________ দিয়া। (হিতোপদেশ ১:১-৪) [w৯৯ ৯/১৫ ১৩ পৃ. ১ অনু.]
২৩. যিসকলে ঈশ্বৰৰ সেই মুখ্য বিষয়, যি _________________________ পক্ষ লৈছে, তেওঁলোকে “সৰ্ব্বোপৰি জনাৰ গুপ্ত স্থানত” থাকি _________________________ লাভ কৰিব; সেই স্থান কেৱল তেনে লোকবিলাকৰ বাবে “গুপ্ত” বা অজ্ঞাত, যিসকলে _________________________। (গীত. ৯১:১) [সপ্তাহিক বাইবেল পাঠ; w৮৬ ১২/১৫ ২৯ পৃ. ৬ অনু. চাওঁক।]
২৪. ‘যিহোৱাৰ সকলো উপকাৰ নাপাহৰাটো’ স্পষ্টৰূপে “সকলো উপকাৰ” অৰ্থাৎ গীতমালা ১০৩ অধ্যায়ত বৰ্ণনা কৰা তেওঁৰ দয়াৰ কাৰ্য্যসমূহৰ ওপৰত _________________________ কৰাৰ সৈতে জড়িত আছে। (গীতমালা ১০৩:৫) [সপ্তাহিক বাইবেল পাঠ; w৯৯ ৫/১৫ ২১ পৃ. ৫-৬ অনু. চাওঁক।]
২৫. মৃত ব্যক্তিসকল _________________________ হোৱাৰ বাবে ঈশ্বৰৰ সেৱকসকলে _________________________ অধিক গুৰুত্ব নিদিয়ে, কিয়নো সেইবোৰ হৈছে উদ্দেশ্যহীন আৰু _________________________। [g৯৯ ২/৮ ১১ পৃ. ৬ অনু.]
প্ৰত্যেক নিম্নলিখিত উক্তিৰ পৰা শুদ্ধ উত্তৰ বাছনি কৰক:
২৬. যদিও চৌলে কৰা ব্যৱহাৰত দায়ূদে ক্ৰোধীত হʼব পাৰিলহেঁতেঁন, তথাপিও তেওঁ নিজকে দমন কৰিলে; কিয়নো (তেওঁ চিনাক্ত কৰিব পাৰিছিল যে চৌল হৈছে অসিদ্ধ মানৱ আৰু ঈশ্বৰৰ সেৱক হোৱা হেতুকে তেওঁক নিশ্চয়ে ক্ষমা কৰা উচিত; ঈশ্বৰৰ সৈতে থকা নিজৰ সম্বন্ধৰ কথা স্পষ্টকৈ মনত ৰাখিছিল; তেওঁ জানিছিল যে বিচাৰ কৰাটো তেওঁৰ বাবে সঠিক নহয়)। (১ চমূ. ২৪:৬, ১৫) [w৯৯ ৮/১৫ ৮ পৃ. ৭ অনু.]
২৭. (বুদ্ধি; অনুশাসন; ধাৰ্ম্মিকতা) হৈছে বহুতো কাৰণৰ সংমিশ্ৰণ, ইয়াৰ সৈতে বুজাপৰা, অন্তৰ্দৃষ্টি, বুধিয়ক আৰু বিবেচনা কৰা দক্ষতাও জড়িত আছে; (সজগুণ; বুজাপৰা; উত্তম বিচাৰ) হৈছে এনে এক দক্ষতা যাৰ যোগেদি কোনো এটা বস্তুক নিৰীক্ষণ কৰি আৰু ইয়াৰ গোটেই অংশটোৰ গাথনিসমূহত থকা সংযোগবোৰৰ বোধ লৈ বস্তুটোৰ প্ৰভেদতা নিৰ্ণয় কৰোঁ; এইদৰে আমি ইয়াৰ অৰ্থ বুজি পাওঁ। (হিতো. ১:১-৪) [w৯৯ ৯/১৫ ১৩ পৃ. ২ অনু.]
২৮. পোটীফৰৰ পত্নীয়ে, যোচেফক তাইৰ সৈতে ব্যাভিচাৰ কৰিবলৈ একেৰাহে হেঁচা দিয়াৰ স্বত্ত্বেও তেওঁ প্ৰতিৰোধ কৰাত সক্ষম হৈছিল, কিয়নো যোচেফে (জানিছিল যে মোচিৰ ব্যৱস্থাৰ অনুসৰি ব্যভিচাৰ কৰাটো এক জঘন্য পাপ; তাইৰ স্বামীৰ উচ্চ পদক সন্মান কৰিছিল; যিহোৱাৰ সৈতে থকা নিজৰ সম্বন্ধক গভীৰভাৱে মূল্যাঙ্কণ কৰিছিল)। (আদি, ৩৯:৭-৯) [w৯৯ ১০/১ ২৯ পৃ. ৩ অনু.]
২৯. গীতমালা ১১৯ অধ্যায়ৰ লিখকে গভীৰভাৱে (ঈশ্বৰৰ বাক্য বা ব্যৱস্থাক; উপহাৰস্বৰূপে পোৱা জীৱনটোক; উদ্ধাৰৰ আশাক), মূল্যাঙ্কণ কৰিছিল, যাৰ বিষয়ে প্ৰায়ে গোটেই অধ্যায়তে উল্লেখ কৰা দেখিবলৈ পোৱা যায়। [সপ্তাহিক বাইবেল পাঠ; w৯৯ ১১/১ ৯ পৃ. ৫ অনু; w৮৭ ৩/১৫ ২৪ পৃ. ২ অনু. চাওঁক।]
৩০. পৰিয়ালৰ মুখীয়ালজনে পৰিচালনা কৰি তেতিয়াহে ঘৰখনত আনন্দ বজাই ৰাখিব পাৰিব, যেতিয়া তেওঁ দায়িত্বসমূহক (এজনৰ লাভৰ বাবে কাৰ্য্যসাধন; সঠিকৰূপে পালন; উগ্ৰভাৱে দাবী) কৰিব। [fy ১৮৫ পৃ. ৬ অনু.]
নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত দিয়া উক্তিবোৰৰ সৈতে মিলাওঁক:
গীত. ৩৭:২১; হিতো. ২:১৯; ১৪:১৫; ২ কৰি. ১:২৪; ইব্ৰী ১৩:১৮.
৩১. প্ৰাচীন আৰু সহায়ক সেৱকসকল মণ্ডলীৰ আন সদস্যসকলতকৈ উচ্চ নহয়। [rq ২৯ পৃ. ৪ অনু.]
৩২. খ্ৰীষ্টানসকলে তেনে ব্যৱসায় কৰা উচিত নহয়, যি ব্যৱসায়ত অসৎ বা আনৰ সিদ্ধান্তক উপেক্ষা কৰা হয়। [w৯৯ ৯/১৫ ১০ পৃ. ২ অনু.]
৩৩. যিসকলে অনৈতিক যৌন কাৰ্য্যত লিপ্ত হৈছে তেওঁলোকে হয়তো মন পালটন কৰিব নোৱাৰা পৰিস্থিতি, মৃতপ্ৰায় আৰু আৰোগ্য হʼব নোৱাৰা অৱস্থাত উপস্থিত হৈছে। [w৯৯ ১১/১৫ ২৭ পৃ. ৪-৫ অনু.]
৩৪. এজন বুদ্ধিমান আৰু বিবেচনাশীল ব্যক্তিয়ে চকু বন্ধ কৰি জনপ্ৰিয় হোৱা কোনো এক নতুন বিষয়ক গ্ৰহণ কৰাৰ পৰিৱৰ্তে, সৰ্ব্বপ্ৰথমে তাৰ পৰিণাম আৰু তেওঁৰ কাৰ্য্যসমূহক চালি-জাৰি চাব। [সপ্তাহিক বাইবেল পাঠ; g৯৪ ১২/৮ ১৬ পৃ. ১ অনু. চাওঁক।]
৩৫. যি খ্ৰীষ্টান ব্যক্তিয়ে ইচ্ছাকৃত আৰু জানি-শুনি ঋণ পৰিশোধ কৰিব নিবিচাৰে, ইয়ে ঈশ্বৰৰ সম্মুখত তেওঁৰ স্থিতিক বিপদপন্ন কৰি তুলে; তদুপৰি, তেওঁৰ কাৰ্য্যই প্ৰকাশ কৰে যে তেওঁ এজন লোভীয়া আৰু অসত ব্যক্তি। [g৯৯ ৪/৮ ১৯ পৃ. ৩ অনু.]