ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০১ পৃষ্ঠা ৪
  • অনুবাদ কৰা কোনখন বাইবেল মই ব্যৱহাৰ কৰা আৱশ্যক?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অনুবাদ কৰা কোনখন বাইবেল মই ব্যৱহাৰ কৰা আৱশ্যক?
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০১ পৃষ্ঠা ৪

অনুবাদ কৰা কোনখন বাইবেল মই ব্যৱহাৰ কৰা আৱশ্যক?

১ যিসকল ভাই-ভনীয়ে ইংৰাজী ভাষাৰ এলেকাত প্ৰচাৰ কৰে তেওঁলোকে বাছি লোৱা উপযুক্ত সঁজুলি হৈছে, দ্যা নিউ ৱৰ্ল্ড ট্ৰানচেলেশ্বন অৱ দ্যা হলি স্ক্ৰিপশ্বাৰ। কিন্তু আমাৰ এলেকাত লগ পোৱা বেছি সংখ্যক লোক হৈছে অসমীয়া আৰু সেইবাবে তেওঁলোকে বুজি পোৱা ভাষাত ঈশ্বৰৰ বাক্য কʼলে অধিক ব্যৱহাৰিক হʼব।

২ অসমীয়া ভাষাত কেৱল এখন অনুবাদৰ বাইবেলহে উপলব্ধ আছে আৰু ভাৰতত ১৬৫০ টা কথিত ভাষাত অনুবাদ কৰা বাইবেল প্ৰকাশ কৰা হৈছে। কিন্তু কেৱল ইয়াৰ কিছুমান ভাষাৰ অনুবাদৰ বাইবেল সহজতে লাভ কৰিব পাৰি। বাইবেলখন হৈছে যুক্তিসঙ্গত সংবাদসমূহৰ ভাণ্ডাৰ বুলি আমি যেতিয়া উদ্ধৃত কৰোঁ, তেতিয়া আমি এনে অনুবাদৰ বাইবেল ব্যৱহাৰ কৰিবলৈ বাছি লওঁ, যিখন বাইবেল সৰল ভাষাত লিখা হৈছে আৰু লোকসকলৰ ওচৰত সহজতে পোৱা যায়। দুখৰ বিষয় এই যে কেতিয়াবা মাত্ৰ এনে কিছুমান অনুবাদৰ বাইবেল আমাৰ এলেকাত থকা লোকসকলৰ ওচৰত পোৱা যায়, যিবোৰক সাধাৰণতে আমি ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহওঁ। যদি আপুনি প্ৰহৰীবুৰুজ আলোচনীখনৰ দুই পৃষ্ঠা খুলি চাই, তেনেহʼলে সংস্থাই ব্যৱহাৰ কৰা বাইবেলখনৰ নাম বিচাৰি পাব আৰু আমাৰ আলোচনীবোৰত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ সেই বাইবেলখনৰ পৰা উদ্ধৃত কৰা হয়। আমি আপোনালোকক সেই উল্লেখ কৰা বাইবেলখন প্ৰচাৰকাৰ্য্য আৰু ৰাজ্যগৃহৰ সভা বা বাইবেল অধ্যয়নত ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে কোনো শাস্ত্ৰীয় বা মূলনীতিৰ বিষয়সমূহক স্পষ্টিকৰণ কৰিবলৈ আন অনুবাদৰ বাইবেল ব্যৱহাৰ কৰিব নোৱাৰি। দৰাচলতে, ঐক্যতা বজাই ৰাখিবলৈ কেৱল এখন অনুবাদৰ বাইবেলহে মানদণ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।

আপোনাৰ ব্যক্তিগত বাইবেলৰ সৈতে ভালদৰে পৰিচিত হওঁক: আপুনি অসমীয়া ভাষাৰ পবিত্ৰ বাইবেল প্ৰাপ্ত কৰাৰ পাছত তাৰ কিছুমান বৈশিষ্টতাৰ সৈতে পৰিচিত হোৱা আৱশ্যক। উদাহৰণস্বৰূপে, নিউ ৱৰ্ল্ড ট্ৰানচেলেশ্বন নামৰ ইংৰাজী বাইবেলখনৰ সকলো ঠাইতে যিহোৱাৰ নামৰ বিষয়ে উল্লেখ কৰা আছে। কিন্তু আপুনি নিজৰ অসমীয়া বাইবেলখনত সেই নামটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছেনে? হিব্ৰুভাষাৰ নেফেচ্‌ শব্দক নিউ ৱৰ্ল্ড ট্ৰানচেলেশ্বন নামৰ ইংৰাজী বাইবেলখনত প্ৰাণ বুলি উল্লেখ কৰিছে, কিন্তু অসমীয়া বাইবেলত সেই শব্দটোক কি বুলি উল্লেখ কৰিছে? সাধাৰণতে, আমি মানুহৰ আত্মা বাহিৰ হোৱা, আধ্যাত্মিকতাৰ প্ৰতি সচেতন, একমাত্ৰ সত্য ঈশ্বৰ আৰু যীচু খ্ৰীষ্টক জনাৰ গুৰুত্বতাৰ প্ৰমাণ হিচাপে নিউ ৱৰ্ল্ড ট্ৰানচেলেশ্বন নামৰ ইংৰাজী বাইবেলখনত থকা শাস্ত্ৰৰ পদ উল্লেখ কৰোঁ। আপুনি এই শাস্ত্ৰ পদসমূহক আপোনাৰ অসমীয়া বাইবেলত পৰীক্ষা কৰিছেনে, যাতে সেই বিষয়বোৰ পাঠকসকলে স্পষ্টকৈ বুজিব পাৰে? (গীত. ১৪৬:⁠৩, ৪; মথি ৫:⁠৩; যোহ. ১৭:⁠৩) যদি অসমীয়া ভাষাৰ বাইবেলত সেই বিশেষ পদসমূহত খ্ৰীষ্টীয়জগতৰ মূলনীতিৰ প্ৰভাৱ পৰিছে, তেনেহʼলে বাইবেলৰ সত্যক সহজ ভাষাত বুজাই দিবলৈ আন অধ্যায়সমূহক উল্লেখ কৰিব পাৰিবনে?

৩ আলোচনাৰ বাবে বাইবেলৰ বিষয় নামৰ পুস্তকখনত দিয়া ব্যৱহাৰিক শাস্ত্ৰীয় পদসমূহে আপোনাক সহায় কৰিব। গতিকে সময়ে সময়ে তাত উল্লেখ কৰা বিষয়সমূহ আৰু শাস্ত্ৰ পদসমূহ কিয় আপুনি অসমীয়া বাইবেলৰ সৈতে পৰীক্ষা নকৰে।

৪ তদুপৰি, আপোনাৰ ভাষাত উপলব্ধ থকা বিভিন্ন অনুবাদৰ বাইবেলসমূহ নিজৰ ব্যক্তিগত লাইব্ৰেৰীত সংগ্ৰহ কৰি বাইবেলত উল্লেখ কৰা সত্যৰ বিষয়সমূহক সেই বাইবেলবোৰৰ সৈতে তুলনা কৰিব পাৰে। এনে কৰাৰ দ্বাৰা আপুনি নিজ ভাষাৰ নিৰ্দ্ধাৰিত বাইবেলত স্পষ্টকৈ নথকা বিষয়সমূহৰ সঠিক অৰ্থ বৰ্ণনা কৰিবলৈ সহায় লাভ কৰিব। যেনেকৈ আপুনি বাইবেলৰ বিষয় বস্তু বা নিতৌ বাইবেল পাঠ কৰিব, আপোনাৰ ব্যক্তিগত অধ্যয়ন আৰু বিচাৰধাৰা উন্নত হʼব।

৫ প্ৰচাৰক্ষেত্ৰত অসমীয়া বাইবেল ব্যৱহাৰ কৰক: নিউ ৱৰ্ল্ড ট্ৰানচেলেশ্বন বাইবেলখন প্ৰকাশ হোৱাৰ প্ৰায় ৫০ বছৰ আগতে যিহোৱাৰ সাক্ষীসকলে, খ্ৰীষ্টীয়জগতৰ বিভিন্ন পন্থৰ লোকসকলে তেওঁলোকৰ প্ৰচাৰকাৰ্য্যৰ সুবিধাৰ অৰ্থে অনুবাদ কৰা ইংৰাজী ভাষাৰ বাইবেল ব্যৱহাৰ কৰিছিল। কিন্তু যদিও সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচেলেশ্বনʼৰ দৰে যথাৰ্থ নাছিল, তথাপিও বহুতো নম্ৰ হৃদয়ৰ লোকে এই অনুবাদ কৰা বাইবেলৰ যোগেদি নিজৰ ভাষাত ঈশ্বৰৰ বাক্য শুনাৰ আনন্দ লাভ কৰিলে। মনত ৰাখক যে আমি লোকসকলক শিকোৱা শিক্ষাসমূহ আমাৰ নহয়, কিন্তু ঈশ্বৰৰ বিচাৰধাৰা। গতিকে আমি কোৱা কথাবোৰক বাইবেলৰ পদসমূহৰ দ্বাৰা প্ৰমাণ কৰোঁ যে আমাৰ বাৰ্ত্তা কোনো ‘মানুহৰ নহয়।’ (১ থিচ. ২:⁠১৩) প্ৰচাৰ ক্ষেত্ৰলৈ যাওঁতে সকলো সময়তে নিজৰ সৈতে অসমীয়া বাইবেলখন ৰাখক আৰু সকলো সুযোগতে ইয়াক ব্যৱহাৰ কৰক। কিয়নো আমাৰ এলেকাত থকা বহুতো লোকে বাইবেলখন কেতিয়াও দেখা নাই অথবা তেওঁলোকে কেতিয়াও ইয়াক পঢ়া নাই। তেওঁলোকক বাইবেলখনৰ সৈতে পৰিচিত বা ইয়াক পঢ়িবলৈ সুযাগ দিয়াৰ দ্বাৰা তেওঁলোকৰ হৃদয় গভীৰভাৱে প্ৰভাৱিত হʼব। কিন্তু কেৱল কম সংখ্যক লোকেহে ইয়াক পবিত্ৰ কিতাপ বুলি বিবেচনা কৰে। বাইবেলখনক ব্যৱহাৰ কৰাৰ দ্বাৰা সকলোকে প্ৰমাণ দিম যে আমি ঈশ্বৰৰ বাক্যক গভীৰভাৱে মূল্যাঙ্কণ কৰোঁ।​—⁠যোহ. ১৭:⁠৭.

৬ বাস্তৱতে ঈশ্বৰৰ বাক্য হৈছে জীৱিত আৰু সকলোৰে জীৱন-প্ৰণালী সলনি কৰিবলৈ ক্ষমতা ৰাখে। (ইব্ৰী ৪:⁠১২) গতিকে আপোনাৰ এলেকাত লোকসমূহে কোৱা ভাষাত উপলব্ধ থকা বাইবেলখন সদায়ে নিজৰ সৈতে ৰাখক। আমি কোৱা প্ৰত্যেক ভাষাত “সত্যৰ বাক্যক ঠিকৰূপে” ব্যৱহাৰ কৰিবলৈ নিপুণ হোৱা আৱশ্যক।​—⁠২ তীম. ২:⁠১৫.

[Box on page 4]

অসমীয়া ভাষাৰ পবিত্ৰ বাইবেল -পুৰণি আৰু নতুন নিয়ম

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক