“ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা” জিলা অধিবেশনৰ পৰা যি শিকিলে তাক নিজৰ জীৱনত পালন কৰিছেনে?
১ যিজনে যোৱা বছৰৰ জিলা অধিবেশনত উপস্থিত হৈছিল, তেওঁ এইটো বুজিব পাৰিলে যে যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা আজ্ঞাটোক পালন কৰিবলৈ কিমান আগ্ৰহী। (মথি ২৮:১৯, ২০) যেনেকৈ আপুনি অধিবেশনৰ পৰা ঘৰলৈ উভটি আহি অধিবেশনত শিকা কোনটো বিষয়ক নিজৰ জীৱন আৰু প্ৰচাৰকাৰ্য্যত ব্যৱহাৰ কৰিবলৈ দৃঢ় সঙ্কল্প লৈছে?
২ ঈশ্বৰ-নিশ্বাসিত শাস্ত্ৰীয় পদসমূহ শিক্ষাৰ বাবে লাভদায়ক: প্ৰথমদিনাৰ মুখ্য বিষষটো ২ তীমথিয় ৩:১৬ পদটো দাঙি ধৰা হৈছিল। উল্লেখ কৰা “ঈশ্বৰৰ বাক্যৰ শিক্ষক হিচাপে সম্পূৰ্ণকৈ সুসজ্জিত” নামৰ প্ৰধান ভাষণটোৱে প্ৰকাশ কৰিলে যে, আমি মানুহৰ দৃষ্টিভঙ্গী, পৰম্পৰাগত ৰীতি-নীতিতকৈ ঈশ্বৰৰ বাক্যৰ প্ৰতি গভীৰ মূল্যাঙ্কণ দেখুৱা আৰু ইয়াক একেৰাহে প্ৰয়োগ কৰা উচিত। আমি সদায়ে পবিত্ৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰা উচিত যাতে ই আমাক প্ৰচাৰকাৰ্য্যত আৰু সকলোতকৈ প্ৰমুখ গুণ অৰ্থাৎ প্ৰেম বিকাশিত কৰিবলৈ সহায় কৰে। তদুপৰি, আয়োজন কৰা সভাসমূহৰ দ্বাৰা উত্তম সেৱক হিচাপে আমি প্ৰশিক্ষিত হবলৈ যিহোৱাৰ পাৰ্থিৱ সংগঠনক নিশ্চয়ে অনুমতি দিয়া আৱশ্যক।
৩ প্ৰথমদিনাৰ আলোচনা চক্ৰৰ বিষয় আছিল “আনক শিকোৱাৰ সময়ত নিজেও শিকক।” এই আলোচনা চক্ৰত তিনিটা বিষয়ত উত্তম আৰ্হি বজাই ৰখাৰ বিষয়ে বৰ্ণনা কৰা হৈছিল। সেই তিনিটা বিষয় আছিল (১) খ্ৰীষ্টান নৈতিকতাৰ সম্বন্ধে থকা ঈশ্বৰৰ ব্যৱস্থা পালন কৰা, (২) আগ্ৰহী হৈ অধ্যয়ন কৰা অভ্যাস বজাই ৰখা আৰু (৩) হৃদয় আৰু মনত উৎপন্ন হোৱা অনুচিত মনোবৃত্তি বা বিচাৰধাৰা পৰা আঁতৰি থকা যাৰ দ্বাৰা চয়তানে আমাত বাঁহ লব পাৰে। ইয়াৰ পাছৰ ভাষণত আমি, এই জগতৰ মহামাৰী ৰূপী অশ্লীল চিত্ৰ বা কাৰ্য্যৰ পৰা আমাৰ পৰিয়ালটোক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰে কিছুমান ব্যৱহাৰিক পদ্ধতিৰ বিষয়ে শিকিবলৈ পালোঁ। পিতৃ-মাতসকলে টেলিভিছন বা ইন্টাৰনেটত দেখুৱা অশ্লীল দৃশ্য চোৱাৰ পৰা আঁতৰি থাকি নিজ লʼৰা-ছোৱালীৰ বাবে এক আৰ্হি প্ৰস্তুত কৰিবলৈ জোৰ দি উল্লেখ কৰা হʼল। শুক্ৰবাৰ দিনটোৰ কাৰ্য্যক্ৰমত প্ৰস্তুত কৰা কোনটো বিষয়ক আপুনি পালন কৰিবলৈ আৰম্ভ কৰিলে?
৪ সেইদিনাৰ সমাপ্তিৰ ভাষণত, আমাক যিহোৱাৰ দীপ্তিত দীপ্তিময় হৈ, বিশ্বাসী বুদ্ধিমান দাস বৰ্গৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখি আৰু ঈশ্বৰৰ লোকসকলৈ শান্তিময় পৰিৱেশ বজাই ৰখাৰ বিষয়ে উৎসাহিত কৰা হʼল। সেই ভাষণত প্ৰকাশ কৰা যিচয়াৰ ভৱিষ্যতবাণী—সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ২ নামৰ নতুন কিতাপখন আপুনি পঢ়িলেনে?
৫ আনক শিকাবলৈ উপযুক্তৰূপে যোগ্য হওঁক: দ্বিতীয়দিনাৰ মুখ্য বিষয়টো ২ তীমথিয় ২:২ পদৰ পৰা লোৱা হৈছিল। সেই দিনৰ ৰাতিপূৱাৰ আলোচনা চক্ৰৰ ভাষণসমূহত উল্লেখ কৰা (১) উপযুক্ত ব্যক্তিসকলক বিচাৰি উলিয়া, (২) তেওঁলোকৰ ইচ্ছাক জগাই তুলা আৰু (৩) যীচুৰ সকলোবোৰ আজ্ঞা পালন কৰা বুলি দিয়া পৰামৰ্শসমূহক মনোযোগেৰে শুনিছিলনে? আপুনি যি শিকিলে, তাৰে অন্ততঃ এটা বিষয়ক শাস্ত্ৰৰ পদৰ পৰা গৃহস্থক দেখুৱাই পুনৰ সাক্ষাৎ কৰিবলৈ প্ৰচেষ্টা কৰিলেনে?
৬ দুপৰীয়াৰ কাৰ্য্যক্ৰমত মহান শিক্ষক যীচুক অনুকৰণ কৰাৰ ওপৰত জোৰ দিয়া হৈছিল। তেওঁৰ নিচিনা হবলৈ আপুনি কোনবোৰ ক্ষেত্ৰত পৰিশ্ৰম কৰিছে? সেইদিনাৰ দ্বিতীয় আলোচনা চক্ৰৰ ভাষণসমূহত উল্লেখ কৰা “ঈশ্বৰ-শাসিত শিক্ষাৰ পৰা সম্পূৰ্ণকৈ লাভ উঠাওক” নামৰ বিষয়টো শুনি আপুনি কেনে অনুভৱ কৰিলে? ব্যক্তিগত অধ্যয়ন আৰু মণ্ডলীৰ সভাসমূহত অধিককৈ ধ্যান কেন্দ্ৰিত কৰিবলৈ আপুনি কোনটো পৰামৰ্শক প্ৰয়োগ কৰিলে?
৭ নিসন্দেহঃ, ভৱিষ্যতে প্ৰকাশ হʼবলগীয়া ঈশ্বৰ-শাসিত সেৱা স্কুলৰ শিক্ষাৰ পৰা লাভৱান হোৱা নামৰ কিতাপখনে আমাক উত্তম বক্তা আৰু ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱাৰ ক্ষমতাক বৃদ্ধি কৰিবলৈ সহায় কৰিব। বক্তাই প্ৰাচীন সময়ত থকা বিশ্বাসী সেৱকসকলৰ বৈশিষ্ট্যতাক বৰ্ণনা কৰাৰ সময়ছোৱাত, তেওঁৰ ভাষণ দিয়া গুণৰ ওপৰত বিশেষভাৱে ধ্যান দিয়া হʼব। এই কিতাপখনৰ প্ৰত্যেকটো পাঠতে চাৰিকোণীয়াকৈ বক্সবোৰ দিয়া আছে, যʼত চমুকৈ আমাক কি কৰা আৱশ্যক, কিয় তেনে কৰা আৱশ্যক আৰু কেনেকৈ তাক কৰিব পৰা যায়, তাৰ বিষয়ে দাঙি ধৰিছে। কিছুমান ব্যৱহাৰিক অনুশীলনীও সন্মিলিত কৰা হৈছে। তদুপৰি, ইয়াত ২৯ টা পটভূমি দিয়া হৈছে, যাতে ভনীসকলে নিজৰ ভাষণ দিয়াৰ সময়ত সেইবোৰৰ যি কোনো এটা বাছি লʼব পাৰে। সময় অনুযায়ী স্কুল পদ্ধতিত কেনে সাল-সলনি কৰিব লাগে তাৰ বিষয়ে ঘোষণা কৰা হʼব। প্ৰত্যেক সপ্তাহে ঈশ্বৰ-শাসিত স্কুল কাৰ্য্যক্ৰমৰ পৰা লাভবান হʼবলৈ আপোনাৰ ওচৰত অধ্যয়ন আৰু আগতীয়াকৈ তৈয়াৰ কৰাৰ উত্তম তালিকা আছেনে?
৮ সময় অনুযায়ী নিপুণ শিক্ষক হৈ পৰা: অধিবেশনৰ সমাপ্তিৰ দিনা ইব্ৰী ৫:১২ পদৰ অনুসাৰে শ্ৰোতাসকলৰ মন আৰু হৃদয়ক উৎসাহিত কৰা হʼল। ৰাতিপূৱাৰ আলোচনা চক্ৰৰ বিষয় আছিল, “মলাখীৰ ভৱিষ্যতবাণীয়ে আমাক যিহোৱাৰ দিনৰ বাবে প্ৰস্তুত কৰিছে।” যিয়ে আমাক সকলো প্ৰকাৰৰ বিশ্বাসঘাতকতাৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰিছে, যাতে আমি যিহোৱালৈ উত্তম সেৱা আগবঢ়াই তেওঁৰ ভয়ানক দিনৰ পৰা উদ্ধাৰ পাব পাৰোঁ। “যিহোৱাৰ অধিকাৰক সন্মান কৰক” নামৰ নাটকখনক বিশেষকৈ প্ৰস্তুত কৰি দেখুৱা হʼল যে কোৰহ আৰু তেওঁৰ সঙ্গীসকলে গৰ্ব্বী, আকাংক্ষা, বিদ্বেষ আৰু অনিষ্ঠা দৰে গুণ বিকাশিত কৰি যিহোৱাৰ বিদ্ৰোহ কৰিছিল। তাৰ পাছত হোৱা ভাষণটোৱে বৰ্তমান সময়ত পৰিয়াল আৰু মণ্ডলীত ঈশ্বৰীয় অধিকাৰৰ অধীন হোৱাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিছিল। ৰাজহুৱা ভাষণৰ বিষয় আছিল, “কোনসকলে সমূদায় ৰাষ্ট্ৰক সত্যৰ বিষয়ে শিকাইছে।” এই ভাষণে তথা-কথিত খ্ৰীষ্টীয়জগতৰ সদস্যসকলৰ বিপৰীতে যিহোৱাৰ সাক্ষীসকলে যে লোকসকলক সত্য শিকাইছে, তাৰ প্ৰমাণ দাঙি ধৰিছিল।
৯ স্পষ্টৰূপে, যিহোৱাই আমাক তেওঁৰ বাক্যৰ শিক্ষক হবলৈ একেৰাহে প্ৰশিক্ষণ দিছে। গতিকে আহঁক আমি যি শিকিলোঁ তাক পালন কৰি, ‘আমাৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হৈ থাকি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাব পাৰোঁ।’—১ তীম. ৪:১৬.