পৰিচৰ্য্যা সভাৰ তালিকা
ডিচেম্বৰ ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০৫
১৩ মি: স্থানীয় আৱশ্যকতাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ নিৰ্বাচিত ঘোষণাসমূহ। ডিচেম্বৰ ২৪ তাৰিখে হʼবলগীয়া পৰিচৰ্য্যা সভাৰ আলোচনাৰ বাবে প্ৰস্তুত হৈ আহিবলৈ সকলোকে এই পৃথিৱীখনৰ শেষ সীমালৈকে, নামৰ ভিডিঅখন চাবলৈ উৎসাহিত কৰক। ৮ পৃষ্ঠাত উল্লেখ কৰা পৰামৰ্শসমূহক ব্যৱহাৰ কৰি, ডিচেম্বৰ ১ প্ৰহৰীবুৰুজ আলোচনীখনৰ পৰা চমুকৈ দুটা উপস্থাপন প্ৰস্তুত কৰক।
১২ মি: প্ৰাচীনসকলে সন্মান পোৱাৰ যোগ্য। দুজন বা তিনিজন সহায়ক সেৱকে ১৯৯৯ চনৰ জুন ১, প্ৰহৰীবুৰুজ, ১৮-১৯ পৃষ্ঠাত দিয়া পৰামৰ্শক আলোচনা কৰে। প্ৰাচীনসকলে পালন কৰা ভালেমান কৰ্তব্যৰ বিষয়ে তেওঁলোকে মন্তব্য দিয়ে, যʼত সন্মিলিত আছে, তেওঁৰ চাকৰী, পৰিয়ালৰ দায়িত্ব আৰু ঈশ্বৰ-শাসিত নিযুক্তসমূহ। প্ৰাচীনসকলে বহন কৰা দায়ীত্বভাৰ হ্ৰাস কৰিবলৈ আৰু তেওঁলোকৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলিবলৈ সকলোকে উৎসাহিত কৰাৰ কিছুমান পদ্ধতিক আলোচনাত উল্লেখ কৰে। সহায়ক সেৱকসকলে সন্মত হয় যে, প্ৰাচীনসকলে যে মূল্যবান সেৱা আগবঢ়াই আৰু সেয়েহে তেওঁলোকক “অতিশয়ৰূপে . . . সমাদৰ কৰা” আৱশ্যক।—১ থিচ. ৫:১২, ১৩.
২০ মি: “যিহোৱাৰ প্ৰেমক মুল্যাঙ্কণ কৰাৰ দ্বাৰা আশীৰ্ব্বাদ লাভ কৰিব পাৰি—ভাগ ২.”a ২-৬ অনুচ্ছেদ আলোচনা কৰা সময়ত অলপতে হোৱা ধ্বংসাত্মক কাৰ্য্য আৰু ভৱিষ্যতৰ বিষয়ে বিবেচনা কৰি নিৰুৎসাহী বা চিন্তাগ্ৰস্ত হোৱা লোকসকলক কেনেকৈ সান্ত্বনা প্ৰদান কৰিলে, এই বিষয়ে মণ্ডলীৰ সকলোকে কʼবলৈ আমন্ত্ৰণ কৰক। এই সম্পৰ্কে শ্ৰোতাসকলৰ মাজৰ এজন বা দুজনক তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে কʼবলৈ আগতীয়াকৈ সাজু হৈ আহিবলৈ কওঁক।
গীত ২২২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ডিচেম্বৰ ১৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১১
৮ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। ডিচেম্বৰ মাহৰ ২৫ তাৰিখ আৰু জানুৱাৰী মাহৰ ১ তাৰিখে বিশেষৰূপে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আগতীয়াকৈ ব্যৱস্থা কৰক আৰু মণ্ডলীক ইয়াৰ বিষয়ে জনাওঁক।
২০ মি: “ঈশ্বৰৰ বাক্যক ঠিকৰূপে বিভাগ কৰাত নিপুণ হওঁক।”b৪ অনুচ্ছেদত দিয়া পৰামৰ্শ ব্যৱহাৰ কৰি এটা স্বাভাৱিক উপস্থাপন প্ৰস্তুত কৰক। অলপতে হোৱা পৰিস্থিতিত স্থানীয় লোকক কেনেকৈ উৎসাহিত বা যিসকলে সেই পৰিস্থিতিৰ বাবে ভাঙি পৰিছে তেওঁলোকক কেনেকৈ সহায় কৰিছিল, এই বিষয়েও উপস্থাপন প্ৰস্তুত কৰিব পাৰে। তদুপৰি, এই বিষয়ে চমুকৈ অনুভৱ বৰ্ণনা কৰক। শ্ৰোতাসকলক সোধক, তেওঁলোকে কিয় তেনেদৰে বিবেচনা কৰে যে বাইবেলখন ব্যৱহাৰ কৰি সাক্ষী দিলে অধিক কাৰ্য্যকাৰী হʼব।
১৭ মি: “অনুবাদ কৰা কোনখন বাইবেল মই ব্যৱহাৰ কৰা আৱশ্যক?” ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। মণ্ডলীৰ এলেকাসমূহত স্থানীয় ভাষাত সম্পূৰ্ণ বাইবেলখন ব্যৱহাৰ কৰাৰ গুৰুত্বতাৰ বিষয়ে উল্লেখ কৰক।
গীত ২২৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ডিচেম্বৰ ২৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১৮
১০ মি: স্থানীয় ঘোষণাসমূহ। জানুৱাৰী মাহত বিতৰণ কৰিবলগীয়া আলোচনী আৰু মণ্ডলীৰ ষ্টকত কোনবোৰ আলোচনী উপলব্ধ আছে তাৰ বিষয়ে কওক। ৮ পৃষ্ঠাত থকা পৰামৰ্শক মনত ৰাখি ডিচেম্বৰ ১ প্ৰহৰীবুৰুজ, আলোচনীখনৰ পৰা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰক। ডেকা ভাই-ভনীসকলে তাৰে কোনো এখন আলোচনী বিতৰণ কৰিছেনে?
১০ মি: “২০০২ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল।” স্কুল ওভাচিয়াৰৰ দ্বাৰা ভাষণ। সকলোকে নিজৰ নিযুক্তি ভাষণসমূহক ভালদৰে তৈয়াৰী কৰিবলৈ উৎসাহিত কৰক।
২৫ মি: “এই পৃথিৱীখনৰ শেষ সীমালৈকে সাক্ষী দিয়া।” শ্ৰোতাসকলৰ সৈতে আলোচনা। সকলোৱে অধিকৈ আৱশ্যকীয় হোৱা স্থানীয় বা আন এলেকাসমূহলৈ গৈ কেনেকৈ শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰিব পাৰে, তাৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰিবলৈ উৎসাহিত কৰক। এই সম্পৰ্কে সকলোকে ২০০১ চনৰ জুলাই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠা চাবলৈ কওঁক, যʼত কিছুমান ব্যৱহাৰিক পৰামৰ্শ দাঙি ধৰা হৈছে। ফেব্ৰুৱাৰী মাহত আমি নোহ—তেওঁ ঈশ্বৰৰ আজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰিছিল, নামৰ আন এখন ভিডিঅৰ বিষয়ে বিবেচনা কৰিম।
গীত ২৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
ডিচেম্বৰ ৩১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০৯
১০ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে ডিচেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। যদি নতুন বছৰত আপোনাৰ মণ্ডলীত সভাবোৰৰ সময় সাল-সলনি কৰিছে, তেনেহʼলে সেই নতুন সময়ৰ অনুসৰি সকলোকে সভাবোৰত নিয়মীয়াকৈ উপস্থিত হʼবলৈ প্ৰেমপূৰ্বক উৎসাহিত কৰক। সভাৰ নতুন সময়ৰ বিষয়ে আগ্ৰহী আৰু নিষ্ক্ৰিয় ব্যক্তিসকলক যেন জনাবলৈ নাপাহৰে, তাৰ বাবে নিশ্চিত কৰক।
৩৫ মি: “‘ঈশ্বৰৰ বাক্যৰ শিক্ষক হোৱা’ জিলা অধিবেশনৰ পৰা যি শিকিলে তাক নিজৰ জীৱনত পালন কৰিছেনে?” এই ভাগটোক প্ৰহৰীবুৰুজ অধ্যয়নৰ পৰিচালকে শ্ৰোতাসকলৰ সৈতে আলোচনা কৰে। এক মিনিট সময়ত পৰিচয় দিয়াৰ পাছত ১০-১২ মিনিটৰ সময়ছোৱাত প্ৰত্যেকদিনৰ কাৰ্য্যক্ৰমসমূহৰ বিষয়ে উল্লেখ কৰক। প্ৰত্যেকদিনৰ কাৰ্য্যক্ৰমত দিয়া শিৰোনামাৰ অন্তৰ্গত থকা মুখ্য বিষয়সমূহক শ্ৰোতাসকলৰ সৈতে চমূকৈ আলোচনা কৰি, সেই বিষয়সমূহৰ ওপৰত তেওঁলোকৰ মন্তব্য কি তাক সুধক (১) তেওঁলোকে পৰামৰ্শসমূহ নিজৰ জীৱনত পালন কৰিবলৈ কেনেকৈ চেষ্টা কৰিলে, (২) তেওঁলোকে তেনে কৰাৰ দ্বাৰা কেনেদৰে লাভৱান হʼল আৰু (৩) তেওঁলোকে ইয়াতকৈ অধিক কি কৰা আৱশ্যক বুলি বিবেচনা কৰে। এই আলোচনাক জীৱন্ত কৰি তুলিবলৈ শ্ৰোতাসকলক হৃদয়স্পৰ্ষী প্ৰশ্ন সুধক। সকলোকে এইটো জানিবলৈ সহায় কৰক যে তেওঁলোকে যি শিকিলে, সেই অনুসাৰে জীৱন-যাপন কৰি তাৰ প্ৰতি যেন মূল্যাঙ্কণ দেখুৱায়।
গীত ১৫১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জানুৱাৰী ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২০
১০ মি: স্থানীয় ঘোষণাসমূহ।
২০ মি: আপোনাৰ জীৱনটোক উত্তমৰূপে গঢ়ি তুলক। এটা পৰিয়ালৰ সদস্যই ১৯৯৮ চনৰ আগষ্ট ১৫, প্ৰহৰীবুৰুজ, (ইংৰাজী) ৮-৯ পৃষ্ঠা ওপৰত আধাৰিত কৰি আলোচনা কৰে। পৰিয়ালটোৰ মুখীয়াল অৰ্থাৎ দেউতাকে বিচাৰে যে তেওঁৰ পৰিয়ালটো এনে এক পথত চলাটো, যিয়ে তেওঁলোকক নিৰুসাহিত কৰাৰ পৰিৱৰ্তে আনন্দ কঢ়িয়াই আনে। তেওঁলোকে সেই প্ৰবন্ধটোত উল্লেখ কৰা শাস্ত্ৰীয় পৰামৰ্শৰ বিষয়ে পুনৰবিচাৰ কৰে। কিয়নো সেই প্ৰবন্ধটোত আনন্দিত হোৱা, জীৱনৰ প্ৰমুখ আৱশ্যকতাৰ প্ৰতি সঠিক নিৰ্ণয় লোৱা আৰু যিহোৱাত ভাৰসা ৰখাৰ প্ৰয়োজনীয়তাক দাঙি ধৰা হৈছে। তেওঁলোকৰ পৰিয়ালে ব্যৱাহাৰিকৰূপে সাল-সলনি কৰাৰ বিষয়ে উল্লেখ কৰে।
১৫ মি: আমাৰ ৰাজ্যগৃহৰ প্ৰতি বিশেষভাৱে মনোযোগ দিয়ক। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। ৰাজ্যগৃহটোৰ অৱস্থাৰ প্ৰতি ধ্যান দিয়ক। ৰাজ্যগৃহখন দেখাত সকলো সময়তে পৰিষ্কাৰ, পৰিপাটি আৰু আকৰ্ষণীয়নে? ৰাজ্যগৃহত থকা আসন-ব্যৱস্থা, ধ্বনি-পদ্ধতি, আৰু বায়ু চলা-চল কৰা সৰু খিৰিকীবোৰ ব্যৱহাৰৰ বাবে উপযোগীনে? শৌচালয়বোৰ পৰিষ্কাৰকৈ ৰখা হৈছেনে? ৰাজ্যগৃহৰ ভিতৰ আৰু বাহিৰৰ দেৱালবোৰ ভালদৰে চোৱা-চিতা কৰা হৈছেনে? ৰাজ্যগৃহৰ চাৰিওফালে থকা চৌহদৰ বিষয়ে কি কʼব পাৰি? যদি ইয়াৰ কোনোবা ক্ষেত্ৰত ধ্যান দিয়াৰ আৱশ্যক, তেনেহʼলে তাৰ বিষয়ে উল্লেখ কৰক। আহিবলগীয়া স্মৰণীয় পৰ্বৰ উৎযাপনৰ পূৰ্বেই ৰাজ্যগৃহক সম্পূৰ্ণকৈ পৰিষ্কাৰ-পৰিছন্নতা কৰিবলৈ কেনে পৰিকল্পনা হাতত লোৱা হৈছে? তাৰ আগতেই কেনেধৰণৰ মেৰামতি কৰা আৱশ্যক? বৰ্ণনা কৰক যে মণ্ডলীৰ সকলো ভাই-ভনীয়ে কেনেকৈ সাহাৰ্য্য আগবঢ়াব পাৰে। যিহোৱাৰ গৃহৰ সৈতে জড়িত থকা উপাসনা গৃহক কেনেকৈ সুন্দৰ কৰিব পাৰি, তাৰ আৱশ্যকতাৰ বিষয়ে দৃঢ়ভাৱে বৰ্ণনা কৰক।
গীত ১২৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।