“নিজৰ ওচৰত সাঁচি ৰাখিবা”
প্ৰাচীন সময়ৰ খ্ৰীষ্টান মণ্ডলীত ভৌতিক আৱশ্যকতাৰ বিষয়ে ধ্যান দিয়া হৈছিল। প্ৰত্যেকজন ব্যক্তিক তেওঁলোকৰ আয় অনুসাৰে কিছু পৰিমাণৰ দান “নিজৰ ওচৰত সাঁচি” ৰাখিবলৈ কোৱা হৈছিল। (১ কৰি. ১৬:১-৩) ফলস্বৰূপে, তেওঁলোকে উদাৰভাৱে দান কৰি আনন্দিত হৈ “ঈশ্বৰলৈ ধন্যবাদ” কৰিছিল।—২ কৰি. ৯:১১, ১২.
বৰ্তমান সময়ত যিহোৱাৰ লোকসকলে বিশ্বজুৰি প্ৰচাৰ কাৰ্য্যক বিস্তাৰিত কৰিছে আৰু তাৰ বাবে আৰ্থিক সাহায্যৰ আৱশ্যক হৈছে। এই আৱশ্যকতাক পূৰণ কৰিবলৈ নিয়মীয়াকৈ কিছু পৰিমাণৰ ধন “নিজৰ ওচৰত সাঁচি” থোৱা উচিত। (২ কৰি. ৮:৩, ৪) যোৱা বছৰ সংস্থাৰ ওপৰত আৰ্থিক প্ৰতিবন্ধ লগোৱাৰ বাবে বহুতে “নিজৰ ওচৰত” কিছু পৰিমাণৰ ধন সাঁচি ৰাখিবলৈ প্ৰবন্ধ কৰিছিল। এনেধৰণৰ প্ৰচেষ্টাক হৃদয়ৰে মুল্যাঙ্কণ কৰা হʼল আৰু ইয়ে যিহোৱাৰ আশীৰ্ব্বাদ কঢ়িয়াই আনিলে।—মলা. ৩:১০.
গতিকে যেতিয়াই ব্যক্তিগত বা প্ৰচাৰক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ কোনো আলোচনী বা সাহিত্য লোৱা হয়, তেতিয়া দান কৰিবলৈ কিছু ধন আঁচুতীয়াকৈ ৰাখিবলৈ অভ্যাস কৰা আৱশ্যক। মনত ৰখাক যে আমি উদাৰতাৰে কৰা দানে কেৱল সাহিত্যসমূহ প্ৰকাশ কৰা আৰু প্ৰেৰণ কৰা খৰচহে আদায় কৰে এনে নহয়, কিন্তু বিশ্বজুৰি কৰা কাৰ্য্যৰ বাবেও সহায় কৰে। লʼৰা-ছোৱালীকো দান কৰা কাৰ্য্যত ভাগ লʼবলৈ উৎসাহিত কৰা উচিত। ইয়ে তেওঁলোকক পিতৃ-মাতৃয়ে তেওঁলোকৰ জেপ খৰচৰ বাবে দিয়া ধনৰ পৰা ক্ষুদ্ৰ পৰিমাণৰ ধন ‘নিজৰ ওচৰত ৰাখি’ তাক দান কৰাৰ দ্বাৰা আনন্দিত কৰি তুলিব।
সাধাৰণতে, দান কৰিবলৈ পাহৰি যোৱাতো একেবাৰে সহজ কথা। এখন মণ্ডলীৰ প্ৰাচীনে লক্ষ্য কৰিছিল যে যোৱা বছৰত সংস্থালৈ পঠোৱা দান-বৰঙণিতকৈ এই বছৰত মণ্ডলীত কৰা দান-বৰঙণিৰ পৰিমাণ কম আছিল। তদুপৰি, মণ্ডলীত জমা খৰচৰ বাকীও একেৰাহে বৃদ্ধি হৈছিল। তেওঁলোকে হিচাপ কৰিলে যে গোটেই দেশখনত থকা সকলো প্ৰকাশকে মাহেকে কিমানকৈ দান কৰিলে সংস্থাই কাৰ্য্যসমূহক চোৱা-চিতা কৰিবলৈ সহায় পাব। এই প্ৰস্তাৱনাৰ প্ৰতি ভাইসকলে সঁহাৰি জনাই প্ৰত্যেক মাহে বিশ্বব্যাপী কাৰ্য্যৰ বাবে মণ্ডলীয়ে তেওঁলোকৰ ফাণ্ডত কম পৰিমাণে দান কৰি অধিক ধন সংস্থালৈ পঠিয়াবলৈ লোৱা সিদ্ধান্তত মান্তি হʼল।
আন এখন মণ্ডলীয়ে লক্ষ্য কৰিছিল যে বহুতো আলোচনীক ব্যৱহাৰ কৰা হোৱা নাই আৰু সেইবোৰৰ মূল্য হ্ৰাস হৈছে। প্ৰাচীনসকলে স্থানীয় ফেৰী ঘাটত আলোচনী বিতৰণ কৰিবলৈ বিশেষভাৱে প্ৰচাৰ কাৰ্য্যৰ আয়োজন কৰিলে আৰু ৰাইজে দান কৰাৰ বিশেষ অধিকাৰৰ প্ৰতি অৱগত কৰাবলৈ প্ৰচাৰকসকলক পৰামৰ্শ দিয়া হʼল। ফলস্বৰূপে, মণ্ডলীয়ে সেই মাহত ১৫,০০০ হাজাৰতকৈও অধিক টকা দান-বৰঙণি হিচাবে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।
এতেকে আপুনি আৰু আপোনাৰ পৰিয়ালে দান কৰিবলৈ “নিজৰ ওচৰত” কিছু পৰিমাণৰ ধন সঞ্চিত কৰিবলৈ বিবেচনা কৰিছেনে? এনে ভৌতিক বস্তুৰ দান বহু প্ৰকাৰে কৰিব পাৰি। (নবেম্বৰ ১, ২০০১ চনৰ প্ৰহৰীবুৰুজ ২৮-২৯ পৃষ্ঠা চাওঁক।) আমি ইয়াক এক বিশেষ অধিকাৰ হিচাবে দৃষ্টি কৰোঁ, যিয়ে প্ৰকৃত আনন্দ কঢ়িয়াই আনে।—পাঁচ. ২০:৩৫.