ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। ফেব্ৰুৱাৰী: জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? নিগূঢ় বাক্যসমূহৰ প্ৰকাশ—এক চৰম অৱস্থাত উপনীত হৈছে!, সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল, বা মণ্ডলীত উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ যি কোনো পুৰণি কিতাপ আগবঢ়াব পাৰে। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰা হʼব। এপ্ৰিল আৰু মে’: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী প্ৰস্তুত কৰক। যিসকল আগ্ৰহী তেওঁলোকৰ সৈতে আলোচনী প্ৰবাহ স্থাপন কৰিবলৈ পুনৰ সাক্ষাৎ কৰক। যি ঠাইত আলোচনী প্ৰবাহ স্থাপন কৰাটো ব্যৱহাৰিক নহয়, তেনেহʼলে গৃহস্থক গ্ৰাহকতাৰ বাবে আমন্ত্ৰণ কৰিব পাৰে। বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিচাৰে ব্ৰচাৰখন আগবঢ়াওঁক।
▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে মাৰ্চ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিচাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক।
▪ চেক্ৰেটাৰী আৰু সেৱা ওভাৰচিয়াৰে সকলো নিয়মিত অগ্ৰগামীসকলৰ কাৰ্য্যত পুনৰ নিৰীক্ষণ কৰা উচিত। যদি কোনো নিয়মিত অগ্ৰগামীৰ নিৰ্দ্ধাৰিত ঘন্টা সম্পূৰ্ণ কৰাত অসুবিধা হৈছে, তেন্তে প্ৰাচীনসকলে তেওঁলোকক সহায়ৰ বাবে ব্যৱস্থা কৰা আৱশ্যক। অধিক জানিবৰ বাবে সংস্থাৰ বছেৰেকীয়া S-২০১ চিঠিখন আৰু অক্টোবৰ ১৯৮৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনৰ ১২-২০ অনুচ্ছেদটো পুনৰ আলোচনা কৰক।
▪ ২০০২ চনৰ স্মৰণীয় পৰ্বৰ সময়ছোৱাত দিবলগীয়া বিশেষ ৰাজহুৱা ভাষণ এপ্ৰিল ১৪ তাৰিখ, দেওবাৰে দিয়া হʼব। সেই ভাষণৰ বিষয় হৈছে “নিকটবৰ্তী হোৱা ‘ভয়ানক দিনৰ’ বিষয়ে গভীৰভাৱে মনত ৰাখক!” ইয়াৰ বাবে মণ্ডলীসমূহক পৰিলেখ দিয়া হʼব। যদি মণ্ডলীসমূহত উক্ত দিনটোত চাৰ্কিত ওভাৰচিয়াৰৰ ভিজিট্, জিলা সন্মিলন বা এদিনীয়া বিশেষ সন্মিলন থাকে, তেন্তে তেওঁলোকে তাৰ পিছৰ সপ্তাহত এই ভাষণ দিবলৈ ব্যৱস্থা কৰিব পাৰে। কোনো মণ্ডলীতে ২০০২ চনৰ এপ্ৰিল ১৪ তাৰিখৰ আগতে এই ভাষণ দিয়াটো উচিত নহʼব।
▪ কেৱল সীমিত সংখ্যাত প্ৰহৰীবুৰুজ প্ৰকাশন নিৰ্ঘন্ট ১৯৮৬-২০০০ চন ইংৰাজী ভাষাত উপলব্ধ আছে। প্ৰত্যেক মণ্ডলীয়ে কেৱল তেওঁলোকৰ মণ্ডলীৰ লাইব্ৰেৰীৰ বাবে নিবেদন পঠিয়াব পাৰে।
▪ উপলব্ধ হোৱা নতুন প্ৰকাশনসমূহ:
প্ৰহৰীবুৰুজ প্ৰকাশন নিৰ্ঘন্ট ১৯৮৬-২০০০ চন —ইংৰাজী
মৃত আপোনজনাৰ বাবে কি আশা? (ট্ৰেক্ট নং. ১৬) —নিকোবৰি
বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? (ট্ৰেক্ট নং. ২৬) —উৰ্দু
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
মৃত আপোনজনাৰ বাবে কি আশা? (ট্ৰেক্ট নং. ১৬) —অসমীয়া, ইংৰাজী, ঊড়িয়া, কানাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, বঙালী, মাৰাঠী, মালায়ালম, হিন্দী
কি এই জগতখন ৰক্ষা পাব নে? (ট্ৰেক্ট নং. ১৯) —ইংৰাজী, কানাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, মাৰাঠী, মালায়ালম, হিন্দী
নিৰুৎসাহী লোকলৈ সান্ত্বনা (ট্ৰেক্ট নং. ২০) —ইংৰাজী, কানাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী, মাৰাঠী, মালায়ালম, হিন্দী
কোন হয়? যিহোৱাৰ সাক্ষীসকল (ট্ৰেক্ট নং. ৭৩) —তেলেগু