‘সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা’
১ যেতিয়া আপুনি কোনো উত্তম বস্তু লাভ কৰে তেতিয়া অকপটভাৱে আপোনাৰ মনোবৃত্তি আৰু কাৰ্য্যৰে তাৰ মূল্যাঙ্কণ নকৰেনে বাৰু? নিশ্চয়ে কৰে! যিহোৱাই মানৱজাতিৰ প্ৰতি দেখুৱা তেওঁৰ মঙ্গলময় আৰু দয়াৰ বিষয়ে পাঁচনি পৌলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল তাক লক্ষ্য কৰক। তেওঁ এইদৰে কৈছিল: “ঈশ্বৰৰ বৰ্ণনাতীত দানৰ নিমিত্তে তেওঁৰ ধন্যবাদ হওঁক!” এই ‘বৰ্ণনাতীত দানত’ কি জড়িত আছে? ইয়াত ঈশ্বৰে তেওঁৰ একমাত্ৰ পুত্ৰৰ দ্বাৰা আমাৰ পাপৰ অৰ্থে প্ৰদান কৰা মুক্তিপণৰ যি “মহৎ অনুগ্ৰহ” জড়িত আছে।—২ কৰি. ৯:১৪, ১৫; যোহ. ৩: ১৬.
২ পাঁচনী পৌলে কেৱল তেওঁৰ মুখৰ বাক্যৰে ঈশ্বৰক ধন্যবাদ কৰিছিল নে? নিশ্চয়ে নহয়! তেওঁ বহুতো প্ৰকাৰে তাৰ প্ৰতি গভীৰ মূল্যাঙ্কণ প্ৰকাশ কৰিছিল। তেওঁ নিজৰ সঙ্গী খ্ৰীষ্টান ভাইসকলৰ আধ্যাত্মিক মঙ্গলৰ অৰ্থে গভীৰভাৱে চিন্তিত আছিল আৰু তেওঁলোকে যেন ঈশ্বৰৰ মহান দয়াৰ পৰা সম্পূৰ্ণভাৱে লাভবান হʼব পাৰে, তাৰ বাবে তেওঁ তেওঁলোকক সম্পূৰ্ণ হৃদয়েৰে সহায় কৰিব বিচাৰিছিল। তেনেলোকৰ উদ্দেশ্যে পৌলে এইদৰে কৈছিল: “তোমালোকক অতি স্নেহ কৰাত, কেৱল ঈশ্বৰৰ শুভবাৰ্ত্তা নহয়, তোমালোক আমাৰ প্ৰিয়-পাত্ৰ হোৱাত, আমি নিজ নিজ প্ৰাণো তোমালোকক দিবলৈ সন্তুষ্ট আছিলোঁ।” (১ থিচ. ২:৮) যিসকলে ইতিমধ্যেই খ্ৰীষ্টান মণ্ডলীৰ ভাগ আছিল, তেওঁলোকক তেওঁলোকৰ উদ্ধাৰ নিশ্চিত কৰাত সহায় কৰিছিল। ইয়াৰ ওপৰিও পাঁচনী পৌলে একেৰাহে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ হাজাৰ হাজাৰ কিলোমিটাৰ ভূমি আৰু সাগৰৰ পথেদি যাত্ৰা কৰিছিল যʼত “অনন্ত জীৱন পাবলৈ নিৰূপিত” থকা লোকক বিচাৰি পায়। (পাঁচ. ১৩:৪৮) যিহোৱাই তেওঁলৈ কৰা সকলো কাৰ্য্যৰ প্ৰতি থকা পৌলৰ গভীৰ মূল্যাঙ্কণে তেওঁক “ঈশ্বৰৰ যি বাক্য . . . সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ” প্ৰেৰিত কৰিছিল।—কল. ১:২৫-২৬.
৩ যিহোৱাই আমালৈ কৰা সকলো কাৰ্য্যৰ প্ৰতি থকা আমাৰ মূল্যাঙ্কণে মণ্ডলীত আধ্যাত্মিক সহায়ৰ আৱশ্যক থকা লোকক সহায় কৰিবলৈ আমাক প্ৰেৰিত নকৰেনে? (গালা. ৬:১০) তদুপৰি, ইয়ে আমাক আমাৰ সম্পূৰ্ণ শক্তিৰ অনুসাৰে প্ৰচাৰ এলেকাবোৰত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰেৰিত নকৰেনে বাৰু?—মথি ২৪:১৪.
৪ মূল্যাঙ্কণ দেখুৱাবলৈ এক সুযোগ: প্ৰত্যেক বছৰে যীচুৰ মৃত্যু স্মৰণীয় পৰ্বই আমাক যিহোৱা আৰু যীচুৱে আমালৈ কৰা কাৰ্য্যৰ প্ৰতি গভীৰ মূল্যাঙ্কণ দেখুৱাবলৈ এক বিশেষ সুযোগ প্ৰদান কৰে। এইটো কোনো সাধাৰণ সভা বা স্মৰণীয় দিবস নহয়। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “মোক সুৱৰিবলৈ ইয়াকে কৰা।” (লূক ২২:১৯) যীচুৰ এই স্মৰণীয় পৰ্বই হৈছে এনে এটা উৎযাপন, যিয়ে আমাক তেওঁৰ ব্যক্তিত্বৰ বিষয়ে সোঁৱৰাই দিয়ে। এই স্মৰণীয় পৰ্বই, যীচুৱে বিশ্বাসী হৈ বলিদানস্বৰূপে নিজৰ প্ৰাণ আহুতি দিয়াৰ পৰিৱৰ্তে লাভ কৰা মহিমা আৰু ৰাজত্ব পাই আজি জীয়াই থকাৰ বিষয়ে পৰিচয় দিয়ে। ইয়াৰ ওপৰিও এই উৎযাপনে আমাক, খ্ৰীষ্টই মূৰস্বৰূপে মণ্ডলীত নিৰ্দেশিত কৰা সকলো কাৰ্য্যত অধীন হৈ থাকিবলৈ এটা সুযোগ দিয়ে। (কল. ১:১৭-২০) গতিকে সকলো ঈশ্বৰৰ সেৱকে খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্বত উপস্থিত হৈ গভীৰ সন্মান দেখুৱা উচিত। এই বছৰ অৰ্থাৎ ২০০২ চনৰ মাৰ্চ মাহৰ ২৮ তাৰিখ বৃহস্পতিবাৰে সূৰ্য্য অস্ত যোৱাৰ পাছত এই পৰ্ব পালন কৰা হʼব।
৫ এই স্মৰণীয় পৰ্বত উপস্থিত হʼবলৈ কৰা প্ৰচেষ্টাৰ বাবে ভাৰতত যোৱা বছৰৰ স্মৰণীয় পৰ্বৰ উপস্থিতিৰ সংখ্যা আছিল ৫২,৭২৫ জন, যিটো তাৰ পৰৱৰ্তী বছৰৰ সংখ্যাতকৈ অধিক। এই বছৰৰ পৰ্বত উপস্থিত হোৱাৰ সংখ্যাৰ বিষয়ে কি? এই সকলো, আমি এই পৰ্বত উপস্থিত হʼবলৈ আনক আমন্ত্ৰণ কৰিবলৈ কৰা ‘কঠোৰ পৰিশ্ৰমৰ’ ওপৰত নিৰ্ভৰ কৰে।—১ তীম. ৪:১০.
৬ প্ৰভুৰ স্মৰণীয় পৰ্বত উপস্থিত হোৱাৰ ওপৰিও আমি আমাৰ প্ৰচাৰ কাৰ্য্যক অধিকৈ বৃদ্ধি কৰিব পাৰোঁ। ইয়াত কোনো সন্দেহ নাই যে হাজাৰ হাজাৰ ভাই-ভনীয়ে এমাহ বা তাতকৈ অধিক সময় সহযোগী অগ্ৰগামী কাৰ্য্য কৰিব। যোৱা পাঁচ বছৰ ধৰি স্মৰণীয় পৰ্বৰ সময়ছোৱাত গড় হিচাবে ১,৫১৫ জনে সহযোগী অগ্ৰগামী সেৱা কৰি আহিছে। এই বছৰৰ স্মৰণীয় পৰ্বৰ সময়ছোৱাত আপুনি সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ পৰিকল্পনা কৰিব পাৰিবনে? কিয়নো এই সময়ছোৱাত কাৰ্য্য কৰাৰ দ্বাৰা আপুনি ঈশ্বৰে প্ৰেমময়ৰূপে প্ৰবন্ধ কৰা খ্ৰীষ্টৰ বলিদানৰ প্ৰতি গভীৰ মূল্যাঙ্কণ দেখুৱাটো এইটোৱে এটা উত্তম সুযোগ হʼব। আপুনি নিশ্চিত হʼব পাৰে যে যিহোৱাই আপোনাক নিশ্চয়ে আশীৰ্ব্বাদ দিব। তলত তাৰে কিছুমান অনুভৱ দিয়া হʼল।
৭ এগৰাকী পূৰ্ণসময় চাকৰি কৰা ভনীয়ে, যোৱা মাৰ্চ মাহত সহযোগী অগ্ৰগামী সেৱক হিচাবে কাৰ্য্য কৰি পোৱা অনুভৱৰ বিষয়ে এইদৰে লিখিছিল: “২০০১ চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত সকলোকে স্মৰণীয় পৰ্বৰ সময়ছোৱাত তেওঁলোকৰ পৰিস্থিতি অনুসাৰে সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিবলৈ উৎসাহিত কৰা হৈছিল। যিহেতু মাৰ্চ মাহত পাঁচটা শনিবাৰ থকাত মোৰ বাবে তালিকা বনোৱাত সহজ হʼল। সেইবাবে মই সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ মোৰ আবেদন পত্ৰ দিলোঁ।” যেনেকৈ মাহটো আৰম্ভ হʼল তাই এটা গৃহ বাইবেল অধ্যয়ন পাবলৈ নিজেই চেষ্টা কৰিলে। তাই সফল হʼলনে? অৱশ্যেই হৈছিল! সেই মাহটোৰ ৫২ ঘন্টা অতিবাহিত কৰা সময়ছোৱাত তাই গৃহ বাইবেল অধ্যয়ন পালে। তাই কেনে সিদ্ধান্তত উপনীত হৈছিল? “যেতিয়া আমি অতিৰিক্ত চেষ্টা কৰোঁ তেতিয়া অপূৰ্বভাৱে ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰোঁ।”
৮ এটা পৰিয়ালৰ সদস্যই একেলগে অগ্ৰগামীৰূপে সেৱা কৰি কেনে লাভ প্ৰাপ্ত কৰিব পাৰে? যোৱা এপ্ৰিল মাহত এটা পৰিয়ালৰ চাৰিজন সদস্যই একেলগে অগ্ৰগামীৰূপে কাৰ্য্য কৰাটোৰ বিষয়ে তেওঁলোকে সদায়ে মনত ৰাখিব। পৰিয়ালত থকা মাতৃগৰাকীয়ে এইদৰে কয়: “প্ৰত্যেক দিনা আমি একেলগে পৰিচৰ্য্যা কৰি কিমান যে এক সঠিক মনোবৃত্তি ৰাখিছিলোঁ! প্ৰত্যেক দিনা প্ৰচাৰ কাৰ্য্যৰ বিষয়ে আলোচনা কৰাৰ দ্বাৰা আমাৰ আহাৰ কৰা সময়ছোৱা আনন্দময় হৈ উঠিছিল।” সেই পৰিয়ালত থকা প্ৰত্যেকজনে এইদৰে কৈছিল: “মোৰ দেউতাই সাধাৰণতে চাকৰি কৰে, কিন্তু মই সপ্তাহটোত তেওঁৰ সৈতে প্ৰচাৰ কাৰ্য্য কৰি আনন্দিত হৈছিলোঁ।” পৰিয়ালত থকা পিতৃগৰাকীয়ে এইদৰে কয়: “পৰিয়ালৰ মুখীয়ালৰূপে মই পৰিয়ালটোৰ সৈতে একেলগে কাৰ্য্য কৰাৰ গভীৰতাক জানি সন্তুষ্টি হৈছিলোঁ।” আপুনি আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে অগ্ৰগামী সেৱা কৰিব পাৰিবনে? স্মৰণীয় পৰ্বৰ সময়ছোৱাত আপোনাৰ পৰিয়ালে সহযোগী অগ্ৰগামীৰূপে সেৱা কৰাৰ সম্ভাৱনাৰ বিষয়ে পৰিয়ালৰ সৈতে কিয় আলোচনা নকৰে?
৯ মাৰ্চ মাহক আমাৰ বাবে এক বিশেষ মাহ কৰিব পাৰিমনে? ২০০০ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত এনেদৰে এটা প্ৰশ্ন দাঙি ধৰা হৈছিল: “২০০০ চনৰ এপ্ৰিল মাহক আমাৰ বাবে এক বিশেষ মাহ কৰিব পাৰিমনে?” ইয়াৰ কেনে প্ৰত্যুত্তৰ পোৱা গৈছিল? বহুতো নতুন শীৰ্ষবিন্দু পাইছিল। সেইমাহত ৩,২৮৭ জনে সহযোগী অগ্ৰগামী সেৱা কৰিছিল, যিটো আগতকৈও অধিক আছিল। তদুপৰি, বাইবেল অধ্যয়ন, ঘন্টা, প্ৰকাশক আৰু পুনৰ সাক্ষাতৰ এক নতুন শীৰ্ষবিন্দু পোৱা গৈছিল। সেই বিশেষ মাহত আপোনাৰ মণ্ডলীয়ে পূৰ্ণ উৎসাহেৰে ভাগ লোৱাৰ বিষয়ে আপুনি স্মৰণ কৰিব পাৰেনে? এই বছৰত আমি সকলোৱে সেই সমানুপাতে বা তাতকৈ অধিকৰূপে সম্পন্ন কৰিব পাৰিমনে? সকলোৱে ২০০২ চনৰ মাৰ্চ মাহটোক আমি “আগতকৈ এক বিশেষ মাহ” কৰিবলৈ মনোযোগ দিম। কিয় মাৰ্চ মাহত মনোযোগ দিয়া আৱশ্যক?
১০ এই বিশেষ মাহটোত মনোযোগ দিয়াৰ দুটা কাৰণ আছে। প্ৰথমটো হৈছে, এই মাহৰ শেষৰফালে খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্ব পালন কৰা হʼব। ইয়ে আমাক এনে সুযোগ দিয়ে, যʼত উপস্থিত হʼবলৈ আমি বহুতকে আমন্ত্ৰণ কৰিব পাৰোঁ। দ্বিতীয়টো হৈছে, এই মাহটোত পাঁচটা সম্পূৰ্ণ সপ্তাহ আছে, যাৰ বাবে যিসকলে স্কুল বা চাকৰি কৰে তেওঁলোকে সহজে সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰে। এতেকে এই অন্তপত্ৰখনত দিয়া কেলেণ্ডাৰখন ব্যৱহাৰ কৰি কিয় এতিয়াই সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ ব্যৱহাৰিক তালিকা তৈয়াৰ নকৰে? সহযোগী অগ্ৰগামী কৰাটো আপুনি ভবাতকৈ সহজ হʼব পাৰে। উদাহৰণস্বৰূপে, পাঁচ সপ্তাহৰ প্ৰত্যেক শনিবাৰ আৰু দেউবাৰে প্ৰচাৰ কাৰ্য্যত ৮ ঘন্টাকৈ আৰু কেৱল ১০ ঘন্টা সময়হে আপুনি অতিৰিক্ত হিচাবে অতিবাহিত কৰিব লাগিব। এইদৰে আপুনি মাহটোৰ শেষত সহজে ৫০ ঘন্টাৰ লক্ষ্যত উপনীত হʼব পাৰিব।
১১ ‘সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাক্য প্ৰচাৰ’ কৰিবলৈ প্ৰাচীনসকলে মণ্ডলীৰ সকলোকে কেনেকৈ সহায় কৰিব পাৰে? সভাৰ অংশবোৰ পৰিচালনা কৰোঁতে সকলোকে উৎসাহিত আৰু তেওঁলোকৰ সৈতে ব্যক্তিগতভাৱে কথোপকথন কৰক। মণ্ডলীৰ পুস্তক অধ্যয়নৰ পৰিচালক আৰু তেওঁৰ সহযোগীয়ে তেওঁলোকৰ সমূহত থকা সকলোৰে সৈতে ব্যক্তিগতভাৱে সহায় কৰিবলৈ আগভাগ লোৱা আৱশ্যক। তেওঁলোকক কেৱল কিছু অনুপ্ৰেৰণা আৰু ব্যৱহাৰিক পৰামৰ্শৰ আৱশ্যকতা হʼব পাৰে। (হিতো. ২৫:১১) বহুতে হয়তো তেওঁলোকৰ কাৰ্য্যৰ তালিকাত অলপ সাল-সলনি কৰি সহযোগী অগ্ৰগামী সেৱা কৰাৰ বিশেষ অধিকাৰত অংশ লোৱাৰ সুবিধাক লক্ষ্য কৰিব পাৰে। বহুতো মণ্ডলীত প্ৰাচীন, সহায়ক সেৱক আৰু তেওঁলোকৰ পত্নীবিলাকে স্মৰণীয় পৰ্বৰ সময়ছোৱাত সহযোগী অগ্ৰগামী সেৱা কৰি এক উত্তম আৰ্হি প্ৰস্তুত কৰিছে। এই আৰ্হিয়ে আন প্ৰচাৰকসকলকো তেওঁলোকৰ সৈতে সহযোগ কৰিবলৈ উৎসাহিত কৰে। কিছুমান প্ৰচাৰকে শাৰীৰিক অৱস্থাত অসুস্থ বা তেওঁলোকৰ পৰিস্থিতিয়ে অনুমতি নিদিয়াৰ বাবে অগ্ৰগামী সেৱা কৰিব নোৱাৰে। কিন্তু তেওঁলোকে মণ্ডলীৰ আন প্ৰচাৰকৰ সৈতে কাৰ্য্য কৰি তেওঁলোকৰ মূল্যাঙ্কণ প্ৰকাশ কৰি উৎসাহিত হʼব পাৰে।
১২ প্ৰাচীনসকলে সাৱধানে কৰা আঁচনিৰ বাবে এই ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। গোটেই সপ্তাহটোৰ উপযুক্ত সময়ত পৰিচৰ্য্যা কাৰ্য্যৰ বাবে সভা আয়োজন কৰা আৱশ্যক। যদি সম্ভৱ হয়, তেনেহʼলে সেৱা অধ্যক্ষই কোনো উপযুক্ত ভাইক সেই সভা পৰিচালনা কৰিবলৈ নিযুক্ত কৰিব। সেই সভা ১০-১৫ মিনিটতকৈ অধিক নহʼবলৈ ভালদৰে তৈয়াৰী কৰা আৱশ্যক। নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰতে সমূহক সংগঠিত কৰা, প্ৰচাৰ কাৰ্য্যৰ বাবে এলেকা নিযুক্ত আৰু প্ৰাৰ্থনাৰে শেষ কৰা আৱশ্যক। (২০০১ চনৰ ছেপ্টেম্বৰ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ প্ৰশ্ন বক্স চাওঁক।) মাহটোত প্ৰচাৰ কাৰ্য্যৰ বাবে তৈয়াৰ কৰা তালিকাখনৰ বিষয়ে স্পষ্টকৈ বৰ্ণনা কৰক আৰু সেই তালিকাখন জাননী বৰ্ডত লগোৱা আৱশ্যক।
১৩ প্ৰচাৰ কাৰ্য্যৰ বাবে যথোপযুক্ত এলেকা উপলব্ধ থকা উচিত। ইয়াৰ বাবে সেৱা অধ্যক্ষই এলেকাবোৰক চোৱা-চিতা কৰা ভাইক সাক্ষাৎ কৰি সঘনাই প্ৰচাৰ নকৰা এলেকাবোৰত প্ৰচাৰ কৰিবলৈ ব্যৱস্থা কৰা আৱশ্যক। যোৱাবাৰত যি ঘৰবোৰত গৃহস্থ অনুপস্থিত আছিল, তেনে ঘৰবিলাকলৈ গৈ, বাটত লগ পোৱা লোকসকলক আৰু সন্ধ্যাৰ সময়ছোৱাত প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰা আৱশ্যক। উপযুক্ত হোৱা ঠাইবোৰত কিছুমান প্ৰচাৰকে টেলিফোনৰ দ্বাৰা সাক্ষী দিব পাৰে।
১৪ পুনৰাই সেৱা কৰিবলৈ তেওঁলোকক সহায় কৰক: আপোনাৰ মণ্ডলীত এনে কোনো প্ৰচাৰক আছেনে, যিজনে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সক্ৰিয় নহয়? তেওঁলোকো মণ্ডলীৰ সদস্য আৰু সহায়ৰ আৱশ্যক। (গীত. ১১৯:১৭৬) যিহেতু এই জগতৰ অন্ত একেবাৰে কাষ চাপিল আৰু এক নতুন জগতৰ বাবে মাত্ৰ অলপহে সময় বাকী থাকিল, সেইবাবে নিষ্ক্ৰিয় হৈ পৰা সকলক পুনৰাই সক্ৰিয় কৰি তুলিবলৈ প্ৰচেষ্টা কৰাৰ নিমিত্তে আমাৰ ওচৰত উপযুক্ত কাৰণ আছে। (ৰোমী. ১৩:১১, ১২) যোৱা পাঁচ বছৰত প্ৰত্যেক বছৰে প্ৰায় ৩০০ জন ব্যক্তিক প্ৰচাৰ কাৰ্য্যৰ বাবে সক্ৰিয় হʼবলৈ সহায় কৰা হৈছে। নিষ্ক্ৰিয় হৈ পৰা বহুতো ব্যক্তিক প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰা সময়ছোৱাৰ দৰে প্ৰেম আৰু নিশ্চয়তাক পুনৰাই ঘুৰাই আনিবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ?—ইব্ৰী ৩:১২-১৪.
১৫ যোৱা কিছু বছৰত নিষ্ক্ৰিয় হৈ পৰা প্ৰচাৰকসকলক পুনৰাই সক্ৰিয় কৰি তুলিবলৈ কেনেকৈ সহায় কৰিব পাৰে এই বিষয়ে প্ৰাচীন গোষ্ঠীয়ে আলোচনা কৰিব। (মথি ১৮:১২-১৪) মণ্ডলীৰ চেক্ৰেটাৰীয়ে মণ্ডলীত থকা প্ৰচাৰকৰ ৰেকৰ্ড পত্ৰসমূহ নিৰীক্ষণ কৰি নিষ্ক্ৰিয় হৈ পৰা সকলো প্ৰচাৰকৰ নাম টোকি লোৱা আৱশ্যক। তাৰ পাছত তেনেলোকক সহায় কৰিবলৈ বিশেষভাৱে প্ৰচেষ্টা কৰি তেওঁলোকক সাক্ষাৎ কৰা উচিত। এজন প্ৰাচীনে হয়তো এনে কিছুমান প্ৰচাৰকক মাতি তেওঁৰ সৈতে কাৰ্য্য কৰিবলৈ কব পাৰে, যিসকলে সেই নিষ্ক্ৰিয় ব্যক্তিজনৰ সৈতে পৰিচিত বা আন সক্ৰিয় প্ৰচাৰকক সহায়ৰ বাবে নিযুক্ত কৰিব পাৰে। তেওঁলোকে হয়তো এসময়ত সেই নিষ্ক্ৰিয় ব্যক্তিজনৰ সৈতে বাইবেল অধ্যয়ন কৰিছিল আৰু তেওঁলোকে তেওঁৰ তেনে অৱস্থাত বিশেষভাৱে সহায় কৰিবলৈ প্ৰচেষ্টা কৰা আৱশ্যক। আশা কৰোঁ যিসকলে নিষ্ক্ৰিয় হৈ পৰিছিল, তেওঁলোকে যেন পুনৰাই ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ উৎসাহিত হয়। যদি তেওঁলোক প্ৰচাৰ কৰিবলৈ উপযুক্ত, তেনেহʼলে স্মৰণীয় পৰ্বৰ সময়ছোৱাত প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰাতকৈ আন কোনো উত্তম সময় নাই! অতিৰিক্ত সংবাদৰ বাবে নবেম্বৰ ২০০০ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া প্ৰশ্ন বক্স চাওঁক।
১৬ আন ব্যক্তিসকলো প্ৰচাৰকৰ বাবে উপযুক্তনে? “আটাই জাতিৰ বাঞ্ছনীয় বস্তু” আনি যিহোৱাই একেৰাহে তেওঁৰ লোকসকলক আশীৰ্ব্বাদ কৰিছে। (হগ্. ২:৭) প্ৰত্যেক বছৰে বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হিচাবে কাৰ্য্য কৰিবলৈ বহুতে উপযুক্ত হৈছে। কোনসকলে উপযুক্ত হৈছে? যিহোৱাৰ সাক্ষীসকলৰ লʼৰা-ছোৱালী আৰু একেইদৰে উন্নতি কৰা অন্য বাইবেল বিদ্যাৰ্থীসকল। তেওঁলোকে যে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবৰ বাবে উপযুক্ত হৈছে তাক আপুনি কেনেকৈ জানিব পাৰে?
১৭ যিহোৱাৰ সাক্ষীসকলৰ লʼৰা-ছোৱালী: যদিও বহুতো লʼৰা-ছোৱালীয়ে বহু বছৰ ধৰি তেওঁলোকৰ পিত-মাতৃৰ সৈতে ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত সঙ্গী হৈছে, কিন্তু তথাপিও তেওঁলোকে বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হিচাবে কাৰ্য্য কৰা নাই। তেওঁলোকে প্ৰচাৰক হʼবৰ বাবে মাৰ্চ মাহটোৱে হৈছে উপযুক্ত সময়। আপুনি কেনেকৈ জানিব পাৰিব যে তেওঁলোক প্ৰচাৰকৰ বাবে উপযুক্ত হৈছে? আমাৰ পৰিচৰ্য্যা সম্পন্ন কৰিবৰ বাবে সংগঠিত নামৰ কিতাপখনৰ (ইংৰাজী) ১০০ পৃষ্ঠাত এইদৰে কোৱা হৈছে যে “যেতিয়া লʼৰা-ছোৱালীয়ে উত্তম আচৰণৰ আৰ্হি ৰাখে আৰু আনক শুভবাৰ্ত্তা প্ৰচাৰ কৰি নিজে কৰা বিশ্বাসৰ বিষয়ে ব্যক্তিগতভাৱে কয়, তেতিয়া তেওঁলোকে তেনে কৰিবলৈ হৃদয়েৰে প্ৰেৰিত হয়।” যদি আপুনি নিজৰ লʼৰা-ছোৱালীক উপযুক্ত বুলি ভাবিছে, তেনেহʼলে মণ্ডলীৰ সেৱা কমিটিৰ কোনো প্ৰাচীনক এই বিষয়ে জনাওঁক।
১৮ বাইবেল বিদ্যাৰ্থীসকলে উপযুক্ত হোৱা: এজন বাইবেল বিদ্যাৰ্থীয়ে যেতিয়া সত্যৰ জ্ঞান লয় আৰু সভাসমূহত উপস্থিত হয়, তেওঁ হয়তো এজন ৰাজ্যৰ প্ৰচাৰক হʼবলৈ বিচাৰিব পাৰে। যদি আপুনি এনে বিদ্যাৰ্থীৰ সৈতে অধ্যয়ন কৰিছে তেন্তে এই প্ৰশ্নটো মনত ৰাখক: তেওঁৰ বয়স আৰু যোগ্যতা অনুসাৰে উন্নতি কৰিছেনে? অনিয়মিতভাৱে নিজৰ বিশ্বাসৰ বিষয়ে আনক কʼবলৈ আৰম্ভ কৰিছেনে? তেওঁ ‘নতুন ব্যক্তিত্বক’ ধাৰণ কৰিছেনে? (কল. ৩:১০) আমাৰ পৰিচৰ্য্যা কিতাপৰ ৯৭-৯৯ পৃষ্ঠাত দিয়া পৰিলেখৰ অনুসাৰে তেওঁ বাপ্তিষ্মা নোলোৱা প্ৰচাৰক হʼবৰ বাবে উপযুক্তনে? যদি হয়, তেনেহʼলে আপুনি মণ্ডলীৰ সেৱা কমিটিক জনোৱা উচিত, যাতে দুজন প্ৰাচীনে আপোনাৰ সৈতে সেই বিদ্যাৰ্থীজনক সাক্ষাৎ কৰিবলৈ উপযুক্ত ব্যৱস্থা কৰিব পাৰে। যদি তেওঁ উপযুক্ত হয় তেনেহʼলে দুজন প্ৰাচীনে সেই বিদ্যাৰ্থীজনক প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ কʼব।
১৯ এপ্ৰিল আৰু মে’ মাহৰ সম্পৰ্কে কি? পৰিচৰ্য্যা কাৰ্য্য বৃদ্ধি কৰিবলৈ এই দুটা মাহো হৈছে বিশেষ মাহ। যিসকলে মাৰ্চ মাহত সহযোগী অগ্ৰগামী সেৱা কৰিব, তেওঁলোকে এপ্ৰিল আৰু/বা মে’ মাহতো সহযোগী অগ্ৰগামীৰূপে কাৰ্য্য কৰিব পাৰে। এপ্ৰিল আৰু মে’ মাহত আমি প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী বিতৰণ কৰিবলৈ অধিক গুৰুত্ব দিম। যিসকলে এই আলোচনীবোৰ পঢ়িব তেওঁলোকে জীৱনত কিমান যে লাভবান হʼব! সমুদায় বিশ্বত হোৱা আশ্চৰ্য্যজনক বৃদ্ধিত এই আলোচনীবোৰে এক মুখ্য ভূমিকা আদায় কৰিছে। এপ্ৰিল আৰু মে’ মাহত বহুতকে এই আলোচনী বিতৰণ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰা হʼব। গতিকে এতিয়াৰ পৰাই সেই কাৰ্য্যত সম্পূৰ্ণভাৱে অংশ গ্ৰহণ কৰিবলৈ আঁচনি বনাওঁক।
২০ পৰিচৰ্য্যা কাৰ্য্যক বৃদ্ধি কৰাৰ আঁচনি বনোৱাৰ লগে লগে আপুনি মণ্ডলীৰ পৰা লাভ কৰা আলোচনীবোৰৰ সংখ্যাও বৃদ্ধি কৰা আৱশ্যকনে? সেৱা বছৰৰ প্ৰত্যেকটো মাহৰ শনিবাৰে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী বিতৰণ কৰিবলৈ আমাৰ বাবে আলোচনীৰ দিন হিচাবে ব্যৱস্থা কৰা হৈছে। যিহেতু বহুতো ভাই-ভনীয়ে এই দুটা মাহত সহযোগী অগ্ৰগামী সেৱাত ভাগ লʼব আৰু আমাৰ সকলোৱে আলোচনী বিতৰণ কৰিব। গতিকে মণ্ডলীত আপুনি লাভ কৰা আলোচনীৰ সংখ্যা বৃদ্ধি কৰিলে অধিক উত্তম হʼব। যদি আপুনি আলোচনীৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে তেনেহʼলে অনুগ্ৰহ কৰি মণ্ডলীত আলোচনী চোৱা-চিতা কৰাৰ ভাইজনক এই বিষয়ে জনাওঁক। একেই সময়ত সাহিত্য চোৱা-চিতা কৰা ভাইজনেও মণ্ডলীত বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? নামৰ ট্ৰেক্টখন প্ৰচুৰমাত্ৰত ৰখা আৱশ্যক, যাতে সকলোৱে যথেষ্ট মাত্ৰাত লাভ কৰিব পাৰে।
২১ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত উল্লেখ কৰা “আপুনি আলোচনীৰসমূহৰ বিষয়ে কি কʼব” নামৰ বিষয়টোৰ বাবে বহুতে প্ৰশংসা কৰিছে। আপুনিও আলোচনী বিতৰণ কৰা সহজ পদ্ধতিটোক শিকি এই ব্যৱস্থাৰ পৰা লাভবান হৈছেনে? আপুনি সপ্তাহিক পৰিয়াল বাইবেল অধ্যয়নত তাৰে কোনো এটা অংশ বাছি লৈ অভ্যাস নকৰে কিয়?
২২ এই স্মৰণীয় পৰ্বৰ সময়ছোৱাৰ সম্পূৰ্ণ সুযোগ লওঁক: এই স্মৰণীয় পৰ্বৰ সময়ছোৱাত “ঈশ্বৰৰ বৰ্ণনাতীত দানৰ” প্ৰতি আমি সকলোৱে যে কিমান মূল্যাঙ্কণ কৰোঁ তাক এই স্মৰণীয় পৰ্বৰ সময়ছোৱাত পাঁচনী পৌলৰ দৰে আধ্যাত্মিক কাৰ্য্য কৰিবলৈ আঁচনি বনাই সম্পূৰ্ণ সাজু হৈ প্ৰকাশ কৰোঁহঁক। ইয়াত জড়িত আছে (১) বৃহস্পতিবাৰ, মাৰ্চ ২৮, ২০০২ চনৰ প্ৰভুৰ মৃত্যু স্মৰণীয় দিবসৰ এই গুৰুত্বপূৰ্ণ দিনটোক পালন কৰা; (২) ‘প্ৰথম প্ৰেমক এৰা’ ব্যক্তিসকলক সহায় কৰা (প্ৰকা. ২:৪; ৰোমী. ১২:১১); (৩) আমাৰ লʼৰা-ছোৱালী আৰু যিকোনো বাইবেল বিদ্যাৰ্থীক বাপ্তিষ্মা নোলোৱা প্ৰকাশক হʼবলৈ সহায় কৰা; আৰু (৪) যিমান সম্ভৱ সম্পূৰ্ণৰূপে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আৰু মাৰ্চ বা তাৰ পিছৰ মাহতো সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ প্ৰচেষ্টা কৰা।—২ তীম. ৪:৫.
২৩ সকলোৰে ওচৰত আমাৰ নিবেদন এই যে যিহোৱাই আমালৈ কৰা সকলো কাৰ্য্যৰ বাবে প্ৰশংসা দেখুৱাই এই স্মৰণীয় পৰ্বৰ সময়ছোৱাত সম্পূৰ্ণৰূপে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ভাগ লয় যেন।
মাৰ্চ ২০০২ চনৰ বাবে ব্যক্তিগত পৰিচৰ্য্যাৰ তালিকা
দেউবাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুকুৰবাৰ শনিবাৰ
১ ২
আলোচনী বিতৰণৰ দিন
৩ ৪ ৫ ৬ ৭ ৮ ৯
আলোচনী বিতৰণৰ দিন
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
আলোচনী বিতৰণৰ দিন
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
আলোচনী বিতৰণৰ দিন
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
স্মৰণীয় দিবস আলোচনী বিতৰণৰ দিন
সূৰ্য্য অস্ত
যোৱাৰ পিছত
৩১
মাৰ্চ মাহত ৫০ ঘন্টাৰ লক্ষ্যত উপনীত হʼবলৈ আপুনি ব্যক্তিগতভাৱে সহযোগী অগ্ৰগামী সেৱাৰ তালিকা তৈয়াৰ কৰিব পাৰিবনে?