প্ৰশাসন গোষ্ঠীৰ পৰা এখন চিঠি
আমি ইতিমধ্যেই একবিশং শতাব্দীত ভৰি দিলোঁহি, এতেকে গোটেই বিশ্বত থকা “ভাইমাত্ৰকেই” এই চিঠিখনৰ যোগেদি আপোনালোকৰ কঠিন পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। (১ পিত. ২:১৭) আজিৰ পৰা প্ৰায় দুই হাজাৰ বছৰৰ আগেয়ে যীচুৱে এইদৰে সোধিছিল: “যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিবীত বিশ্বাস পাব নে?” (লূক ১৮:৮) যোৱা সেৱা বছৰত আপোনালোকে উৎসাহিত হৈ কৰা কাৰ্য্যৰ দ্বাৰাই যীচুৱে সোধা প্ৰশ্নটোৰ উত্তৰ হয় বুলি দিলে। আপোনালোকৰ কিছুমানে হয়তো বিশ্বাসৰ বাবে ঠাট্টাৰ কাৰণ হৈছিল। বহুতো ক্ষেত্ৰত আপোনালোকে যুদ্ধ, দুৰ্যোগ, ৰোগ আৰু ভোকাতুৰ অৱস্থাৰ সম্মুখীন হৈছিল। (লূক ২১:১০, ১১) এই কাৰ্য্যক উৎসাহেৰে কৰাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ কৰিছোঁ আৰু যীচুৱে এতিয়াও এই ‘পৃথিৱীত বিশ্বাস পাব’ পাৰে। বাস্তৱতে, এই কাৰ্য্যৰ বাবে স্বৰ্গত কিমান যে আনন্দিত হৈছে!
আমি জানো যে ধৈৰ্য্য ধৰাটো ইমান সহজ নহয়। উদাহৰণস্বৰূপে, পশ্চিম এছিয়াৰ এখন দেশত আমাৰ ভাইসকলৰ ওপৰত অহা পৰীক্ষাৰ বিষয়ে বিবেচনা কৰক। সেইখন দেশত যিহোৱাৰ সাক্ষীসকলৰ ওপৰত অত্যাচাৰ কৰাটো এক সাধাৰণ বিষয় হৈ পৰিছে। অলপতে, এটা আৰক্ষীৰ দলে ৭০০ জন লোক উপস্থিত হোৱা এখন অধিবেশনত অশান্তিৰ পৰিবেশ সৃষ্টি কৰে। পথৰোধ কৰাৰ বাবে আন ১,৩০০ জনে অধিবেশনত উপস্থিত হʼব নোৱাৰিলে। অলপ সংখ্যক আৰক্ষী কৰ্ম্মচাৰীয়ে মুখা পিন্ধা কিছুমান ব্যক্তিসকলৰ সৈতে জড়িত হৈ অধিবেশন গৃহত প্ৰবেশ কৰি তাত উপস্থিত থকা বহুতো প্ৰতিনিধিক নিৰ্দ্দয়ভাৱে প্ৰহাৰ কৰিবলৈ ধৰে আৰু অধিবেশনত ব্যৱহাৰ কৰিবলৈ ৰখা বস্তুবোৰ জ্বলাই দিয়ে। আন এটা সময়ত ধৰ্ম্মীয় উগ্ৰপন্থীৰ দলে আমাৰ ভাইসকলক গঁজাল লগোৱা লাঠিৰে নিৰ্ম্মমভাৱে প্ৰহাৰ কৰে।
তেনেধৰণৰ আক্ৰমণ যদিও দুঃখজনক আছিল কিন্তু অস্বাভাৱিক নাছিল। এই সন্দৰ্ভত, পাঁচনি পৌলে এইদৰে লিখিবলৈ পৰিচালিত হৈছিল: “বাস্তৱিক খ্ৰীষ্ট যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীম. ৩:১২) প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলেও মৌখিক আৰু শাৰীৰিক অত্যাচাৰ আৰু আনকি কিছুমানে মৃত্যুকো সাৱতি লʼবলগীয়া হৈছিল। (পাঁচ. ৫:৪০; ১২:২; ১৬:২২-২৪; ১৯:৯) ঠিক তেনেদৰে বিশং শতাব্দীতো হৈছিল আৰু নিঃসন্দেহে একৈছ শতাব্দীতো তেনেদৰে হৈ থাকিব। তথাপিও যিহোৱাই আমাক এইদৰে কৈছে: “তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহব।” (যিচ. ৫৪:১৭) এইটো কিমান যে এক উৎসাহজনক আশ্বাস! দৰাচলতে আমি যিহোৱাৰ বাবে ইমানেই মূল্যবান যে তেওঁ ভৱিষ্যতবক্তা জখৰিয়াৰ দ্বাৰা এইদৰে কৈছিল: “যি জনে তোমালোকক স্পৰ্শ কৰে, সেই জনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।” (জখ. ২:৮) কোনো প্ৰকাৰেই যিহোৱাৰ উপাসকসকলৰ ওপৰত তেওঁলোকৰ শত্ৰুৱে বিজয়ী হʼব নোৱাৰিব। সত্য উপাসনাই সদায়ে জয়লাভ কৰিব!
উদাহৰণস্বৰূপে, যিবোৰ দেশৰ বিষয়ে ওপৰত উল্লেখ কৰা হʼল, সেইবোৰ দেশত ২০০১ চনৰ সেৱা বছৰত যিহোৱাৰ সাক্ষীসকলৰ প্ৰচাৰকৰ সংখ্যা দুগুণ অধিক বৃদ্ধি হʼল। প্ৰকৃততে, আমাৰ ভাইসকলে সকলো ঠাইতে ক্লেশৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও একেৰাহে ঈশ্বৰৰ কাৰ্য্যত লাগি আছে। যোৱা সেৱা বছৰৰ প্ৰত্যেক সপ্তাহত গোটেই বিশ্বতে ৫,০৬৬ জন ব্যক্তিয়ে যিহোৱালৈ নিজকে সমৰ্পণ কৰি বাপ্তিষ্মা গ্ৰহণ কৰে। এই নতুনকৈ অহা ব্যক্তিসকলে আমাৰ সৈতে “ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে” থাকিবলৈ নিৰ্ণয় লৈছে।—কল. ৪:১২.
অলপতে গ্ৰীচ দেশত হোৱা উন্নতিৰ বিষয়ে বিবেচনা কৰক। ভালেমান বছৰ ধৰি গ্ৰীক অৰ্থডক্স গীৰ্জাৰ ঘোৰ বিৰোধীতাৰ স্বত্বেও যিহোৱাৰ সাক্ষীসকলক চৰকাৰে আইনগতভাৱে “পৰিচিত ধৰ্ম্ম” হিচাবে স্বীকৃত দিয়ে। সেই প্ৰমাণপত্ৰ খনত গ্ৰীচ দেশত থকা বেথেল গৃহক এখন “পবিত্ৰ আৰু ঈশ্বৰৰ উপাসনাৰ বাবে সমৰ্পিত গৃহ” বুলি উল্লেখ কৰে। ইয়াৰ ওপৰিও, আমি ইয়াক জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে যোৱা সেৱা বছৰত আদালতবোৰেও বুলগেৰীয়া, কানাডা, জাৰ্মানী, জাপান, ৰুমানিয়া, ৰুছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ঠাইবোৰত সত্য উপাসনাৰ সপক্ষে আইনগত নিৰ্ণয় দিছিল। সেই দেশসমূহত যিহোৱাই দুৱাৰ মুকলি কৰাৰ বাবে আমি তেওঁক নথৈ ধন্যবাদ জনাইছোঁ!
এই শেষকালত যিহোৱাই তেওঁৰ লোকসকলক সহায় কৰাৰ বাবে তেওঁক আমি আগতকৈও অধিক প্ৰিয় বন্ধুৰূপে অনুভৱ কৰিব পাৰিছোঁ। ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধৰ বাবে আনন্দ উপভোগ কৰিছোঁ, কিয়নো তেওঁ আমাক প্ৰেম কৰে, শিক্ষা আৰু সংশোধনী দিয়ে। বাস্তৱতে, একেৰাহে আমাৰ বিশ্বাসৰ পৰীক্ষা হৈ থাকিব। কিন্তু যিহোৱাৰ প্ৰতি থকা অটল বিশ্বাসে আমাক উৎসাহিত কৰি সত্যৰ পথত আগবাঢ়ি যাবলৈ সহায় কৰিব। এই সন্ধৰ্ভত যাকোবে এইদৰে লিখিছিল: “হে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য্য জন্মায়, ইয়াকে জানি, তাক অতি আনন্দৰ বিষয় যেন মানিবা।” (যাকো. ১:২, ৩) তদুপৰি, আমি ধৰা ধৈৰ্য্যই যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম প্ৰকাশ কৰিব আৰু ইয়ে আমালৈ অধিক আনন্দ কঢ়িয়াই আনিব! গতিকে প্ৰিয় ভাইসকল নিশ্চিত হওঁক যে যিহোৱাই আমাৰ প্ৰত্যেককে তেওঁৰ সামৰ্থ প্ৰদান কৰিব। যদি আমি বিশ্বাসী হৈ থাকোঁ তেন্তে নিঃসন্দেহে তেওঁ আমাক পৰমদেশীয় পৃথিৱীত প্ৰবেশ কৰাত সহায় কৰিব। আমি সফলতা প্ৰাপ্ত কৰাটোৱেই হৈছে তেওঁৰ ইচ্ছা।
গতিকে হে ভাই আৰু ভনী বা ডেকা আৰু বৃদ্ধসকল, আপোনালোকে ভৱিষ্যতে লাভ কৰিবলগীয়া আশীৰ্ব্বাদসমূহৰ বিষয়ে মনত ৰাখক। আঁহক আমিও যাতে পাঁচনি পৌলৰ দৰে মনোবৃত্তি ৰাখোঁ, যʼত তেওঁ এইদৰে কৈছিল: “আমালৈ যি প্ৰভাৱ প্ৰকাশিত হব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ একো যোগ্য নহয় বুলি গণ্য কৰোঁ।” (ৰোমী. ৮:১৮) যেতিয়া আপুনি কোনো ধৰণৰ বিপদৰ সম্মুখীন হয়, তেতিয়া যিহোৱাত সম্পূৰ্ণ ভাৰসা ৰাখক। ধৰ্য্য ধৰক আৰু কেতিয়াও হাৰ নামানিব। তেনে কৰিলে আপুনি কেতিয়াও অনুতাপ নকৰিব। কিয়নো ঈশ্বৰৰ বাক্যই আমাক এইদৰে আশ্বাস দি কৈছে: “ধাৰ্ম্মিক লোক নিজ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।”—হব. ২:৪.
আপোনালোকৰ ভাই,
যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠী