ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰা হʼব। এপ্ৰিল আৰু মে: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী প্ৰস্তুত কৰক। প্ৰচাৰকসকলে গৃহস্থক কওঁক যে যদি তেওঁলোকে ইচ্ছা কৰে তেনেহʼলে বিশ্বজুৰি কৰা এই কাৰ্য্যৰ বাবে অনুদান দিব পাৰে। যিসকল আগ্ৰহী তেওঁলোকক বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ চেষ্টা কৰক। জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখন বিতৰণ কৰিব পাৰে। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে তেওঁলোকক মণ্ডলীত উপলব্ধ থকা এখন উপযুক্ত ব্ৰচাৰ আগবঢ়াওঁক।
▪ যিসকল প্ৰচাৰকে এপ্ৰিল মাহত সহযোগী অগ্ৰগামী হিচাবে ভাগ লʼব বিচাৰে, তেওঁলোকে এতিয়াৰ পৰাই আঁচনি তৈয়াৰ কৰি শীঘ্ৰেই আৱেদন পত্ৰ জমা দিয়া উচিত। ইয়ে প্ৰাচীনসকলক প্ৰচাৰৰ এলেকা, যথেষ্ঠ মাত্ৰাত আলোচনী আৰু অন্য সাহিত্যসমূহক আৱশ্যক অনুসৰি আগতীয়াকৈ প্ৰৱন্ধ কৰাত সহায় কৰিব। যিসকল প্ৰচাৰকক সহযোগী অগ্ৰগামী কৰিবলৈ অনুমতি দিয়া হৈছে, মণ্ডলীত তেওঁলোকৰ নাম ঘোষণা কৰক।
▪ ২০০২ চনৰ স্মৰণীয় পৰ্ব মাৰ্চ ২৮ তাৰিখ, বৃহস্পতিবাৰে পালন কৰা হʼব। যদি ৰাজ্যগৃহত সেই উক্ত দিনটোত কোনো সভা থাকে, তেনেহʼলে সেই সভা সপ্তাহটোত ৰাজ্যগৃহ উপলব্ধ থকা আন এটা দিনলৈ সলনি কৰিব পাৰে। যদি তেনে আয়োজন কৰাটো সম্ভৱ নহয় আৰু মণ্ডলীৰ বাবে ব্যৱহাৰিক হোৱা সেৱা সভাৰ ভাগবোৰক প্ৰভাৱিত কৰে, তেনেহʼলে সেই ভাগবোৰ আন দিনৰ সেৱা সভাৰ সৈতে জড়িত কৰিব পাৰে।
▪ প্ৰচাৰকসকলে ব্যক্তিগতভাৱে আলোচনী বিচাৰি পঠোৱা আৱেদন পত্ৰ সংস্থাই গ্ৰহণ নকৰে। মণ্ডলীয়ে সংস্থালৈ মাহেকীয়া আলোচনীৰ নিৱেদন কৰাৰ আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত যাতে ইচ্ছুক ভাই-ভনীসকলে ব্যক্তিগতভাৱে আলোচনীৰ নিৱেদন সেই ভাইজনক দিব পাৰে যিজনে আলোচনীৰ চোৱা-চিতা কৰে। অনুগ্ৰহ কৰি বিশেষভাৱে অনুৰোধ কৰি নিৱেদন কৰা আলোচনীবোৰৰ বিষয়ে মনত ৰখা উচিত।
▪ মণ্ডলীয়ে বিভিন্ন ভাষাত যথেষ্ট মাত্ৰাত যিহোৱাৰ সাক্ষী আৰু শিক্ষা নামৰ ব্ৰচাৰখনৰ বাবে আৱেদন পঠোৱা উচিত। এই ব্ৰচাৰখনে মে আৰু জুন মাহত স্কুলত যোৱা লʼৰা-ছোৱালী আৰু তেওঁলোকৰ পিতৃ-মাতৃক এক নতুন শিক্ষাৰ বছৰ আৰম্ভ কৰিবলৈ সুসজ্জিত কৰি তুলিব।
▪ সংস্থাই সাহিত্য আৰু আলোচনী প্ৰেৰণ কৰা খৰচৰ কথা মনত ৰাখি নিযুক্ত কৰা ভাই আৰু প্ৰত্যেক প্ৰকাশকে সংস্থাক আৰ্থিকৰূপে সহায় কৰিবলৈ তলত দিয়া বিষয়সমূহৰ প্ৰতি মনোযোগ দিয়া আৱশ্যক:
মণ্ডলীৰ পৰা পোৱা ছেপ্টেম্বৰ ১, ২০০১ চনৰ বছেৰেকীয়া সাহিত্য তালিকাখনে প্ৰকাশ কৰিছে যে বহুতো মণ্ডলীৰ ষ্টকত বহু বছৰৰ পৰাই অধিকমাত্ৰাত কিতাপ আৰু ব্ৰচাৰসমূহ জমা আছে। একেই সময়ত সেই মণ্ডলীসমূহে আৰু অধিক সাহিত্য বিচাৰি নিৱেদন কৰিছে। প্ৰত্যেক মণ্ডলীক উৎসাহিত কৰা হৈছে যে তেওঁলোকে যেন নতুনকৈ নিৱেদন কৰাৰ পূৰ্বেই তেওঁলোকৰ ষ্টকত থকা সাহিত্যসমূহ ব্যৱহাৰ কৰে। মণ্ডলীসমূহে তেওঁলোকৰ ষ্টকত কেৱল প্ৰায় তিনি মাহলৈকে সাহিত্যসমূহ ৰাখিবলৈ আশা কৰা হৈছে। গতিকে, সংস্থালৈ কোনো সাহিত্য নিৱেদন কৰাৰ পূৰ্বেই সেৱা অধ্যক্ষই ব্যক্তিগতৰূপে মণ্ডলীৰ ষ্টকত থকা অতিৰিক্ত সাহিত্যসমূহ নিৰীক্ষণ কৰা আৱশ্যক।
মণ্ডলীৰ চেক্ৰেটাৰী আৰু সেৱা অধ্যক্ষই নিশ্চিত হোৱা উচিত যে তেওঁলোকৰ মণ্ডলীত যেন অধিক আলোচনী জমা হৈ নাথাকে। যদি জমা হৈছে তেনেহʼলে সেইবোৰক যিমান সোনকালে পাৰে বিতৰণ কৰি শেষ কৰিবলৈ বিশেষ প্ৰচাৰ কাৰ্য্যৰ প্ৰবন্ধ কৰা আৱশ্যক। তাৰ পিছত শাখা কাৰ্য্যলয়লৈ মণ্ডলীৰ আলোচনী সংখ্যা হ্ৰাস কৰিবলৈ সংশোধনি কৰা নিৱেদন পঠোৱা উচিত। ইয়াৰ ওপৰিও প্ৰচাৰকসকলৰ ঘৰতো সাহিত্য আৰু আলোচনী জমা হৈ থকা উচিত নহয়। সেয়েহে সকলো প্ৰকাশককে অনুৰোধ কৰা হৈছে যে, তেওঁলোকে যেন তেওঁলোকৰ ব্যক্তিগত আৰু প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ কেৱল প্ৰয়োজন অনুসাৰে সাহিত্য আৰু আলোচনী লয়।
▪ অনুগ্ৰহ কৰি লক্ষ্য কৰক যে ভাৰতৰ শাখা কাৰ্য্যলয়ে, বাঙ্গালোৰৰ নতুন কাৰ্য্যালয়লৈ স্থানান্তৰিত হোৱাৰ বাবে ২০০২ চনৰ মাৰ্চ মাহৰ মধ্যভাগৰ পৰা এপ্ৰিল মাহৰ মধ্যভাগলৈ মণ্ডলীসমূহলৈ সাহিত্য আৰু আলোচনী পঠাব নোৱাৰিব।