আপোনাৰ মণ্ডীলৰ বাবে প্ৰচাৰ কৰিবলৈ যথেষ্ট মাত্ৰাত এলেকা উপলব্ধ আছেনে?
১ যিহূদাৰ গোটেই চহৰৰ পৰা লৈ গালীলৰ ওচৰ-পাজৰে থকা সকলো গাৱঁত যীচুৱে সম্পূৰ্ণকৈ সাক্ষী দিছিল। (মাৰ্ক ১:৩৮, ৩৯; লূক ২৩:৫) ঠিক সেইদৰে আমিও বেছিভাগ লোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা উচিত। (মাৰ্ক ১৩:১০) যিহেতু ভাৰতত থকা মণ্ডলীবোৰক প্ৰচাৰ কৰিবলৈ কেৱল এক সৰু পৰিমাণৰ এলেকাত নিযুক্ত কৰা হৈছে, কিন্তু ৰিপৰ্টসমূহে একেৰাহে প্ৰকাশ কৰিছে যে সেইবোৰ এলেকাত এতিয়াও সম্পূৰ্ণ আৰু সুশৃঙ্খলাকৈ প্ৰচাৰ কৰাৰ আৱশ্যক আছে। আমি বেছিভাগ লোকক শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কি কৰিব পাৰোঁ?
২ অতি মনোযোগেৰে আঁচনি বনাওক: সেৱা অধ্যক্ষ আৰু এলেকা চোৱাচিতা কৰা সেৱকজনে মণ্ডলীক নিযুক্ত কৰা এলেকাবোৰৰ এইদৰে মানচিত্ৰ তৈয়াৰ কৰা আৱশ্যক যে প্ৰত্যেকখন বিভাগত কেৱল ২০০ৰ পৰা ৩০০ টা ঘৰ থাকে। তদুপৰি, তেওঁলোকে নিশ্চিত কৰা উচিত যে এবছৰত সম্পূৰ্ণৰূপে প্ৰচাৰ কৰি শেষ কৰিব পৰাতকৈ অধিক এলেকাত নিযুক্ত নকৰে যেন। যদি এনে কিছুমান এলেকাৰ বিষয়ে জানে যি এলেকাবোৰত লোকসকলে প্ৰচাৰ কাৰ্য্যৰ প্ৰতি বিৰোধ কৰে, তেনেহʼলে তেনে এলেকাৰ পৰিৱৰ্তে এনে এটা এলেকাত নিযুক্তি কৰা আৱশ্যক যি এলেকাসমূহ অনুযুক্ত আৰু যʼত আগ্ৰহীলোক থকাৰ সম্ভৱনা আছে। (লূক ৯:৫, ৬ পদটো সৈতে তুলনা কৰক) তথাপিও তেওঁলোকে এইটো মনত ৰাখা উচিত যে কেতিয়াবা হয়তো সেই এলেকাৰ কোনো এজন বিশেষ ব্যক্তিয়েহে প্ৰতিবাদ কৰিব পাৰে। সেইবাবে মেপখনত ব্যক্তিজনৰ ঘৰ বা ৰাস্তাটোত “যোৱা নিষেধ” বুলি চিহ্ন দিয়া আৱশ্যক আৰু আনবোৰ ঘৰত সাৱধানে প্ৰচাৰ কৰা প্ৰয়োজন।
৪ ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত অধিক সময় অতিবাহিত কৰিবলৈ মণ্ডলীৰ সকলোকে উৎসাহিত কৰক। এই কাৰ্য্যৰ বাবে সাজু আৰু সেৱা সভাত উপস্থিত হʼবলৈ প্ৰায়ে অধিক সময় লাগে। গতিকে ইমানবোৰ চেষ্টা কৰাৰ পিছত যদি কেৱল এঘন্টা বা তাতকৈ কম সময় আমাৰ চুবুৰীয়াত থকা কম সংখ্যক ঘৰত প্ৰচাৰ কৰিবলৈ অতিবাহিত কৰোঁ, তেনেহʼলে সেইটো কিমান যে দুখৰ বিষয় হʼব। আমাৰ হয়তো বাইবেল অধ্যয়ন পৰিচালনা বা পুনৰ সাক্ষাতৰ বাবে সময় উলিয়াব লাগিব, কিন্তু সেই বাইবেল অধ্যয়ন আৰু পুনৰ সাক্ষাৎ আমাৰ নিযুক্ত এলেকাত কৰা প্ৰচাৰ কাৰ্য্যত দুই বা তিনি ঘন্টা অতিবাহিত কৰাৰ পিছতো কৰিব পাৰোঁ। এলেকাৰ কিছুমান জনবসতি অঞ্চল আৰু বস্তিবোৰত থকা ঘৰৰ চাৰিওফালে বহুতো লোক উপস্থিত থাকিব পাৰে। যদি তেনেবোৰ এলেকা নিৰাপদ, তেন্তে তাত আমি নিজেই প্ৰচাৰ কৰাটো লাভজনক নহʼবনে? আমাৰ সৈতে থকা সঙ্গী ভাইসকলে যাতে সহজে আমাক দেখি পাই আৰু একেই সময়তে পৃথকৈ কাৰ্য্য কৰাৰ অৰ্থ হৈছে দুবাৰতকৈ অধিকবাৰ সেই এলেকাত প্ৰচাৰ কৰি সম্পূৰ্ণ কৰা। এইদৰে প্ৰত্যেক ঘৰত ব্যক্তিগতভাৱে সাক্ষী দিবলৈ পাৰিম।
৫ উত্তমৰূপে আঁচনি বনোৱাৰ অৰ্থ হৈছে এলেকাবোৰত ব্যৱহাৰ হোৱা ভাষাৰ অনুসাৰে আমাৰ ওচৰত আলোচনী ৰাখা। সম্ভৱতঃ মহানগৰবোৰত থকা প্ৰত্যেক ব্যক্তিৰ ভাষা অনুসাৰে মানচিত্ৰ বনোৱা আৱশ্যক যাতে মণ্ডলীৰ পুস্তক অধ্যয়নৰ অধ্যক্ষই তেওঁৰ সমূহে সেই এলেকাত কাৰ্য্য কৰিবলৈ উত্তমৰূপে প্ৰস্তুত হোৱাটো নিশ্চিত হʼব পাৰে।
৬ সম্পূৰ্ণকৈ সহযোগ কৰক: এটা বৃহৎ এলেকাত প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰিবলৈ মণ্ডলীৰ প্ৰত্যেকজন সদস্যৰ সহযোগৰ আৱশ্যক। যেতিয়া আপুনি কোনো আগ্ৰহী গৃহস্থক ঘৰত লগ পাই তেতিয়া এক বিবেচনাপূৰ্বক নিৰ্ণয় লোৱা উচিত। এলেকাত থকা সকলো ব্যক্তিকে শুভবাৰ্ত্তা প্ৰচাৰ কৰা আৰু আপোনাৰ প্ৰচাৰ কাৰ্য্যৰ সমূহৰ অপেক্ষা কৰাসকলৰ প্ৰতি বিবেচনাশীল হোৱা আৱশ্যক। যদি আপুনি এজন আগ্ৰহী ব্যক্তিৰ সৈতে দীৰ্ঘ সময় ধৰি কথোপকথন কৰিবলৈ ইচ্ছা কৰিছে, তেনেহʼলে সমূহৰ আন সদস্যসকলে একেৰাহে প্ৰচাৰ কাৰ্য্য কৰিবলৈ কোনো ব্যৱস্থা কৰিব পাৰেনে?
৭ আপুনি লগ পোৱা সকলো আগ্ৰহী ব্যক্তিসকলক পুনৰাই সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰক। ঠিকনাৰ উপৰিও টেলিফোন নম্বৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক যাতে আগলৈ আপুনি তেওঁক সাক্ষী দিবলৈ টেলিফোনৰ দ্বাৰা যোগাযোগ কৰিব পাৰে। যদি ঘৰবোৰত কোনো নম্বৰ বা ৰাস্তাবোৰৰ নামকৰণ কৰা হোৱা নাই, তেন্তে সাৱধানে এখন মানচিত্ৰ বনাও বা কেনেকৈ পুনৰ সাক্ষাৎ কৰিব পৰা যায় তাৰ বিষয়ে সম্পূৰ্ণকৈ বিৱৰণী লিখিক।
৮ যীচুয়ে দিয়া এই উপদেশক পালন কৰাটো আমাৰ বাবে কিযে এক বিশেষাধিকাৰ, যʼত এইদৰে কোৱা হৈছে: “যি কোনো নগৰত বা গাৱঁত সোমোৱা, তাত কোন মানুহ যোগ্য, ইয়াৰ বিচাৰ লবা; আৰু তাৰ পৰা ওলাই নোযোৱামানে তাতে থাকিবা।” (মথি ১০:১১) আমি এই মহান পুৰস্কাৰযুক্ত কাৰ্য্যত আগ্ৰহী হৈ ভাগ লʼবলৈ প্ৰচেষ্টা কৰোঁ, তেনেহʼলে যিহোৱাই আমাক নিশ্চয়ে আশীৰ্ব্বাদ দিব!