আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ মে ১
“ঈশ্বৰৰ বিষয়ে জনাটো সম্ভৱ বুলি আপুনি বিবেচনা কৰেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] আপুনি নিশ্চয়ে মান্তি হʼব যে যিজনাৰ বিষয়ে মাত্ৰ অলপ জানে তেওঁক বিশ্বাস কৰাটো কঠিন। দৰাচলতে বাইবেলে আমাক ঈশ্বৰক বিচাৰিবলৈ উৎসাহিত কৰিছে। [পাঁচনিৰ কৰ্ম্ম ১৭:২৭ পদটো পঢ়ক।] এই আলোচনীখনে আমাক কৈছে যে কেনেকৈ আমি ঈশ্বৰৰ বিষয়ে ভালকৈ জানিব পাৰোঁ।”
প্ৰহৰীবুৰুজ মে ১
“বৰ্তমান সময়ত মিছা কোৱা আৰু প্ৰবঞ্চনা কৰা কাৰ্য্যক সাধাৰণভাৱে সফল ব্যৱসায়ৰ এক পদ্ধতিৰূপে দৃষ্টি কৰা হয়। কিন্তু আপুনি কেতিয়াবা ভাবি আঁচৰিত হৈছেনে যে এনে কাৰ্য্যৰ প্ৰতি ঈশ্বৰে কেনে দৃষ্টি কৰে? [ক্ষন্তেক ৰওঁক, আৰু ৰোমীয়া ১৪:১২ পদটো পঢ়ক।] এই লেখটোৰ ১৪ পৃষ্ঠাত ঈশ্বৰে কিয় বিশ্বাস-ঘাতক কৰা কাৰ্য্যক ঘিণ কৰে, এই বিষয়ে বৰ্ণনা কৰিছে।”
প্ৰহৰীবুৰুজ মে ১
“বৰ্তমান সময়ত নিৰ্দোষীসকলে অধিক সমস্যাৰ সন্মুখীন হৈছে কিন্তু দুষ্টলোকে আৰামেৰে জীৱন-যাপন কৰাটো দেখিবলৈ পোৱা গৈছে। এই পৰিস্থিতিৰ কেতিয়াবা পৰিৱৰ্তন ঘটিবনে? [উত্তৰৰ বাবে ৰওক আৰু মলাখী ৪:১ পদটো পঢ়ক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনে ‘যিহোৱাৰ দিনত কোনে ৰক্ষা পাব, এই বিষয়ে বৰ্ণনা কৰিছে?”
প্ৰহৰীবুৰুজ মে ১
“আপুনি সন্মত নহʼবনে যে আমি এনে এটা সময়ত বাস কৰিছোঁ, যʼত ঈশ্বৰৰ প্ৰতি থকা প্ৰেম লুপ্ত হৈছে? কিন্তু ঈশ্বৰে আমাৰ প্ৰতি ৰাখা প্ৰেমৰ সম্পৰ্কে কি কʼব পাৰি? [উত্তৰ বাবে ক্ষন্তেক অপেক্ষা কৰক, তাৰ পিছত গীতমালা ১১৯:৬৪ পদটো পঢ়ক।] এই মাহৰ প্ৰহৰীবুৰুজ আলোচনীখনে আমি কেনেকৈ ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়াৰ দ্বাৰা লাভবান হʼব পাৰোঁ এই বিষয়ে বৰ্ণনা কৰিছে।”