আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ মে’ ১
“কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ মানুহৰ ক্ষমতা নাই। এই বিষয়ে এই উদাহৰণটোক লক্ষ্য কৰক। [ইয়োব ২১:৭ পদটো পঢ়ক।] আপোনাৰ মনত কেতিয়াবা এনে এটা প্ৰশ্ন উদয় হৈছেনে যিটোৰ বিষয়ে আপুনি ঈশ্বৰক সুধিব বিচাৰিব? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনে পৃথিৱীৰ বিভিন্ন ভাগৰ লোকসকলে সোধা জীৱনৰ তিনিটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সন্তুষ্টিজনক উত্তৰৰ বিষয়ে আলোচনা কৰিছে।”
সচেতন! মে’ ২২
“বৰ্তমান কীট-পতঙ্গৰ পৰা উৎপন্ন হোৱা ৰোগ আমাৰ স্বাস্থ্যৰ বাবে বিপদজনক হৈ পৰিছে। আপুনি জানেনে যে এনে কিছুমান প্ৰতিষেধক কাৰ্য্য আছে যাৰ যোগেদি আমি নিজকে তেনে ৰোগৰ পৰা ৰক্ষা কৰিব পাৰোঁ? [উত্তৰৰ বাবে অলপ ৰওক।] এই আলোচনীখনে তেনে কিছুমান প্ৰতিষেধক কাৰ্য্যৰ বিষয়ে উল্লেখ কৰিছে আৰু ইয়াৰ উপৰিও বাইবেলত এনে এটা সময়ৰ বিষয়ে কৈছে, যʼত কোনো ধৰণৰ ৰোগ বা বেমাৰ নাথাকিব।” যিচয়া ৩৩:২৪ পদটো পঢ়ি কথোপকথন সমাপ্ত কৰক।
প্ৰহৰীবুৰুজ মে’ ১
“বৰ্তমান আমাৰ চাৰিওফালে হৈ থকা যুদ্ধ, অত্যাচাৰ আৰু সন্ত্ৰাসবাদৰ কাৰ্য্যসমূহ যে কেতিয়া অন্ত পৰিব, এই বুলি ভাবি বহুতে আচৰিত হৈছে। আপুনি এই বিষয়ে কি ভাবে? [গৃহস্থক নিজৰ অভিমত কʼবলৈ সময় দিয়ক।] কিন্তু বাইবেলে আমাক এই শান্ত্বনাদায়ক আশা প্ৰদান কৰিছে। [গীতমালা ৩৭:১০, ১১ পদটো পঢ়ক।] এই আলোচনীখনে এই শান্ত্বনাদায়ক আশাৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰিছে।”
সচেতন! জুন ৮
“আজি দেখিবলৈ পোৱা গৈছে যে লোকসকলে অতীতৰ দৰে নৈতিক আৰু ভাল আচৰণৰ প্ৰতি অধিক মূল্যাঙ্কন নকৰে। আপুনি তাক দৃষ্টি কৰিব পাৰিছেনে? [উত্তৰৰ বাবে অলপ ৰওক।] মন কৰিবলগীয়া এই যে বাইবেলে সেই বিষয়ে আগৰে পৰা ভৱিষ্যতবাণী কৰিছিল। [২ তীমথিয় ৩:১-৫ পদটো পঢ়ক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত সেইবোৰৰ প্ৰতি মানৱজাতিৰ মূল্যাঙ্কন কিয় হ্ৰাস হৈছে আৰু ভৱিষ্যতে কি ঘটিব, এই বিষয়ে আলোচনা কৰিছে।”