আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ জুন ১
“দাতব্য প্ৰতিষ্ঠানবোৰে দান-বৰঙণিক অপব্যৱহাৰ কৰা ৰিপৰ্টবোৰ শুনি লোকসকলে দান কৰাটো বুদ্ধিমানৰ কাৰ্য্য হʼব নে নহয়, এই বুলি ভাবি দোধোৰ-মোধোৰ অৱস্থাত পৰে। বাস্তৱতে আজি বহুতো লোকক সহায়ৰ আৱশ্যক। এনে অৱস্থাত কি কৰিব পৰা যায় বুলি আপুনি ভাবে? [উত্তৰৰ বাবে অলপ ৰওক। তাৰ পিছত ইব্ৰী ১৩:১৬ পদটো পঢ়ি শুনাওক।] এই আলোচনীখনে বৰ্ণনা কৰিছে যে ঈশ্বৰে কেনে ধৰণৰ দান-বৰঙণিত সন্তুষ্ট হয়।”
সচেতন! জুন ২২
“বহুতে পৰিবেশৰ বিষয়ে চিন্তিত। গোটেই বিশ্বত থকা বিষুবীয় বৰষুণ সৃষ্টি কৰা অৰণ্যসমূহক সংৰক্ষণ কৰাটো সম্ভৱ বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে অলপ ৰওক।] এই আলোচনীখনত বৰ্ণনা কৰিছে যে সেই অৰণ্যবোৰক ৰক্ষা কৰিবলৈ বৰ্তমান সময়ত কেনে প্ৰচেষ্টা কৰা হৈছে। তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে ঈশ্বৰে কৰা মনোৰম প্ৰতিজ্ঞা কেনেকৈ পূৰ্ণ হʼব।” যিচয়া ১১:৯ পদটো পঢ়ক।
প্ৰহৰীবুৰুজ জুন ১
“আমি প্ৰত্যেক দিনে যুদ্ধ আৰু অপৰাধৰ বিষয়ে বাতৰি শুনিছোঁ। আপুনি ভাবেনে যে এনে অশান্তিপূৰ্ণ জগতত শান্তি স্থাপন কৰিবলৈ মানৱ চৰকাৰবোৰৰ ক্ষমতা আছে? [উত্তৰৰ বাবে অলপ ৰওক আৰু গীতমালা ৩৭:৯-১১ পদটো পঢ়ক।] এই সংখ্যাৰ আলোচনীখনত [৮ পৃষ্ঠা দেখুৱাক।] বৰ্ণনা কৰা হৈছে যে আমি কেনেকৈ এখন শান্তিপূৰ্ণ জগতৰ বাবে নিশ্চিত হʼব পাৰোঁ যিটো অতি সোনকালে বাস্তৱিকতালৈ পৰিণত হʼব।”
সচেতন! জুলাই ৮
“আজি বহুতে অবিবেচনাপূৰ্বক উপদ্ৰব বা অত্যাচাৰৰ বাবে উৎকণ্ঠিত হৈছে। [স্থানীয় এলেকাত হোৱা কোনো ঘটনাক উদাহৰণৰূপে ব্যৱহাৰ কৰি গৃহস্থৰ মতামত জানিবলৈ অলপ ৰওক।] এই আলোচনীখনত উপদ্ৰব বা অত্যাচাৰৰ কিছুমান কাৰণ দাঙি ধৰিছে। ইয়াত এইটোও কোৱা হৈছে যে ঈশ্বৰে অতি সোনকালে অপৰাধ আৰু অত্যাচাৰৰ কাৰ্য্যক চিৰকালৰ বাবে আঁতৰ কৰিব।” গীতমালা ৩৭:১০, ১১ পদটো পঢ়ক।