আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ জুন ১
“আপুনি কেতিয়াবা ভাবি আচৰিত হৈছেনে যে পৃথিৱীত মানুহে যি কৰে সেয়া ঈশ্বৰক প্ৰভাৱিত কৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] লক্ষ্য কৰক যে কেনেকৈ আমি কৰা কাৰ্য্যই ঈশ্বৰৰ অনুভূতিত আঘাত কৰিব পাৰে। [হিতোপদেশ ২৭:১১ পদটো পঢ়ক।] এই আলোচনীখনত মানুহে ঈশ্বৰৰ হৃদয় আনন্দিত কৰা কিছুমান উদাহৰণৰ আৰু আমি কেনেকৈ তেনে কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰা হৈছে।
সচেতন! জুন ২২
“কিছুমান ব্যক্তিয়ে অনুভৱ কৰে যে ঈশ্বৰক বিশ্বাস কৰাটো অবৈজ্ঞানিক। কিন্তু আপুনি জানেনে যে এনে কিছুমান বৈজ্ঞানিক আছে যিসকলে কয় যে বাস্তৱতে বিজ্ঞানে সৃষ্টিকৰ্ত্তাক বিশ্বাস কৰাত সমৰ্থন কৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত এনে কিছুমান প্ৰমাণৰ বিষয়ে আলোচনা কৰা হৈছে, যিয়ে বৈজ্ঞানিকসকলক তেনে মীমাংসাত উপনীত হোৱাৰ কাৰণ দৰ্শালে।” ৰোমীয়া ১:২০ পদটো পঢ়ক।
প্ৰহৰীবুৰুজ জুন ১
“বহুতো বৃদ্ধলোকে নিজকে অনাৱশ্যক আৰু দুখী অনুভৱ কৰে। দীৰ্ঘ আৰু সুখী জীৱন লাভ কৰাৰ প্ৰণালী কি বুলি আপুনি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু আলোচনীখনৰ ৩২ পৃষ্ঠা দেখুৱাউক।] এই আলোচনীখনত সুখী জীৱনৰ ৰহস্যৰ বিষয়ে আলোচনা কৰা হৈছে।” পাঁচনিৰ কৰ্ম্ম ২০:৩৫ পদটো পঢ়ক।
সচেতন! জুলাই ৮
“বহুতে কয় যে চেমনীয়া বয়সটো হৈছে আনন্দ আৰু প্ৰত্যাহ্বানৰ সময়, আপুনি এই কথাত মান্তি হয়নে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত চেমনীয়া অৱস্থাত অনুভৱ কৰা পৰিৱৰ্তনসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। তদুপৰি ইয়াত এনে কিছুমান সুবিবেচনাপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা হৈছে যিয়ে তেওঁলোকৰ চেমনীয়া অৱস্থাটো উত্তমভাৱে অতিবাহিত কৰিবলৈ সহায় কৰিব।” উপদেশক ১২:১ পদটো পঢ়ক।