ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৪ পৃষ্ঠা ৪
  • মণ্ডলীৰ পুস্তক অধ্যয়ন —আমাক কিয় ইয়াৰ আৱশ্যক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মণ্ডলীৰ পুস্তক অধ্যয়ন —আমাক কিয় ইয়াৰ আৱশ্যক
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষসকলে কেনেকৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰিব পাৰে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপোনাৰ মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষক সহযোগ কৰক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • প্ৰশ্ন বক্স
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৪ পৃষ্ঠা ৪

মণ্ডলীৰ পুস্তক অধ্যয়ন ​—⁠আমাক কিয় ইয়াৰ আৱশ্যক

১ যিহোৱাৰ সাক্ষীসকলক ১৮৯৫ চনত বাইবেল বিদ্যাৰ্থী নামেৰে জনা গৈছিল। সেই সময়ত সমূহীয়াকৈ কৰা বাইবেল অধ্যয়নক ড্যন্‌ চাৰ্কলচ্‌ বুলি কোৱা হৈছিল। মিলেনিয়াম ড্যন্‌ নামৰ কিতাপখনৰ খণ্ডবোৰৰ ওপৰত আধাৰিত কৰি এনে সমূহীয়া অধ্যয়ন কৰা হৈছিল। পিছলৈ তেনেদৰে সমূহীয়াকৈ কৰা বাইবেল অধ্যয়নক বিৰীয়ান চাৰ্কলচ্‌ বুলি কোৱা হʼল। (পাঁচ. ১৭:⁠১১) প্ৰায়ে কম সংখ্যক লোকে সন্ধ্যাৰ সুবিধাজনক সময়ত ব্যক্তিগত ঘৰবোৰত আলোচনা কৰিবলৈ একত্ৰিত হʼব ধৰিলে। এনে সভাবোৰ মণ্ডলীৰ পুস্তক অধ্যয়নৰ পূৰ্বাভাস আছিল।

২ সহযোগ আৰু উৎসাহিত কৰা: মণ্ডলীৰ পুস্তক অধ্যয়ন সমূহত একত্ৰিত হোৱা ভাই-ভনীসকলৰ সংখ্যা ইচ্ছাকৃতভাৱে সীমিত ৰাখা হৈছে, যাতে তাত উপস্থিত হোৱা সকলো ভাই-ভনীয়ে ৰাজহুৱাভাৱে তেওঁলোকৰ বিশ্বাস প্ৰকাশ কৰিবলৈ সুযোগ পায়। ইয়াৰ ফলস্বৰূপে, “উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই . . . নিজেও আশ্বাস” পায়।​—⁠ৰোমী. ১:⁠১২.

৩ মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষৰ আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা আমি “সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক” হোৱাত সহায় লাভ কৰিম। (২ তীম. ২:⁠১৫) লক্ষ্য কৰক যে তেওঁ কেনেকৈ বিষয়টোৰ আধাৰিত কৰি শাস্ত্ৰীয় পদবোৰ উল্লেখ কৰে। যদি উপযুক্ত হয় তেন্তে তেওঁ হয়তো পুস্তক অধ্যয়নৰ সমাপ্তিত কেৱল বাইবেলখন ব্যৱহাৰ কৰি আলোচনা কৰা অংশটোৰ আলোকপাত কৰিব পাৰে। তেওঁৰ উত্তম আৰ্হিয়ে আমাক খ্ৰীষ্টান পৰিচৰ্য্যাত শিক্ষাদান কৰা কাৰ্য্যক অধিক উন্নত কৰাত সহায় কৰিব পাৰে।​—⁠১ কৰি. ১১:⁠১.

৪ পুস্তক অধ্যয়ন অধ্যক্ষই প্ৰত্যেক সপ্তাহৰ অধ্যয়নৰ বিষয়বোৰক আলোচনা কৰাত পৰিচালনা কৰাৰ উপৰিও প্ৰচাৰ কাৰ্য্যত আগভাগ লয়। সেৱা অধ্যক্ষৰ সহযোগত তেওঁ প্ৰচাৰ কাৰ্য্যৰ বাবে কাৰ্য্যকাৰী ব্যৱস্থা কৰে। তদুপৰি শুভবাৰ্ত্তা প্ৰচাৰ কৰি শিষ্য বনোৱা কাৰ্য্যত তেওঁৰ সমূহত থকা সকলোকে তেওঁলোকৰ নিজ নিজ দায়িত্ব পূৰ্ণ কৰাত সহায় কৰিবলৈ পুস্তক অধ্যয়ন অধ্যক্ষই সাজু থাকে।​—⁠মথি ২৮:⁠১৯, ২০; ১ কৰি. ৯:⁠১৬.

৫ পুস্তক অধ্যয়ন অধ্যক্ষই তেওঁৰ সমূহত থকা প্ৰত্যেকজনৰ আধ্যাত্মিক হিতৰ প্ৰতি আগ্ৰহী। তেওঁ নিজৰ আগ্ৰহকতা মণ্ডলীৰ সভা আৰু প্ৰচাৰ কাৰ্য্যত আনসকলৰ সৈতে কাৰ্য্য কৰি প্ৰকাশ কৰে। ইয়াৰ উপৰিও তেওঁ ভাই-ভনীসকলৰ ঘৰত সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তো আধ্যাত্মিকৰূপে তেওঁলোকক উৎসাহিত কৰে। আধ্যাত্মিক আৱশ্যক হোৱাৰ সময়ত সকলোৱে সহায় বিচাৰি পুস্তক অধ্যয়ন অধ্যক্ষৰ কাষ চাপিবলৈ সহজ অনুভৱ কৰা উচিত।​—⁠যিচ. ৩২:⁠১, ২.

৬ এজনে আনজনক শক্তিশালী কৰা: যিবোৰ দেশত ঈশ্বৰৰ উপাসকসকলৰ কাৰ্য্যত প্ৰতিবন্ধ লগোৱা হৈছে, সেইবোৰ দেশত ভাই-ভনীসকলে প্ৰায়ে কম সংখ্যাত সমূহীয়াকৈ একত্ৰিত হয়। এই বিষয়ে এজন ভায়ে এইদৰে কৈছিল: “যদিও আমাৰ খ্ৰীষ্টান কাৰ্য্যবোৰত প্ৰতিবন্ধ লগোৱা হৈছে, তথাপিও যেতিয়াই সম্ভৱ হয় আমি সপ্তাহিক সভাৰ আয়োজন কৰোঁ যʼত ১০ৰ পৰা লৈ ১৫ জন ব্যক্তি উপস্থিত থাকে। সেই সভা, আমাৰ বাইবেল অধ্যয়ন আৰু অধ্যয়নৰ পিছত সঙ্গী ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰি আধ্যাত্মিকভাৱে শক্তিশালী হওঁ। আমি নিজৰ নিজৰ অভিজ্ঞতাবোৰ তুলনা কৰাৰ দ্বাৰা বুজাত সহায় লাভ কৰোঁ যে আমাৰ সকলোৱে একেইভাৱে সংগ্ৰাম কৰিবলগীয়া হৈছে।” (১ পিত. ৫:⁠৯) এতেকে আঁহক আমি মণ্ডলীৰ পুস্তক অধ্যয়নৰ ব্যৱস্থাক সম্পূৰ্ণকৈ সহযোগ কৰি একেইদৰে এজনে আনজনৰ বিশ্বাস শক্তিশালী কৰোঁহঁক।​—⁠ইফি. ৪:⁠১৬.

[Study Questions]

১. পুস্তক অধ্যয়নৰ ব্যৱস্থা কেনেদৰে আৰম্ভ হʼল?

২. পুস্তক অধ্যয়নত ‘উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আশ্বাস’ দিয়া কাৰ্য্যত আমি কেনেকৈ অৱদান আগবঢ়াব পাৰোঁ?

৩, ৪. পুস্তক অধ্যয়ন ব্যৱস্থাই আমাক পৰিচৰ্য্যা কাৰ্য্য সম্পন্ন কৰাত কেনেকৈ সহায় কৰে?

৫. পুস্তক অধ্যয়নৰ দ্বাৰা কেনে ব্যক্তিগত সাহায্য আগবঢ়োৱা হয়?

৬. (ক) কিছুমান দেশত আমাৰ ভাই-ভনীসকলে কম সংখ্যাত সভাৰ বাবে একত্ৰিত হৈ কেনেকৈ এজনে আনজনক বিশ্বাসত শক্তিশালী কৰিছে? (খ) আপুনি ব্যক্তিগতভাৱে কেনেকৈ পুস্তক অধ্যয়নৰ ব্যৱস্থাৰ পৰা লাভৱান হৈছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক