আপোনাৰ মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষক সহযোগ কৰক
১ আমাৰ প্ৰত্যেকে মণ্ডলীৰ পুস্তক অধ্যয়নৰ পৰা লাভবান হয়। যোৱা মাহৰ আলোচনাত আমি মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষই বহন কৰা ভূমিকাৰ বিষয়ে শিকিব পাৰিলোঁ। কিন্তু আমি তেওঁক সহযোগ কৰি নিজে আৰু আনসকলে লাভবান হʼবলৈ কি কৰিব পাৰোঁ?
২ প্ৰত্যেক সপ্তাহে উপস্থিত হওক: পুস্তক অধ্যয়ন গ্ৰুপসমূহৰ সংখ্যা সীমিত কৰাৰ বাবে আপোনাৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ। সেয়েহে প্ৰত্যেক সপ্তাহে পুস্তক অধ্যয়নত উপস্থিত থাকিবলৈ আপুনি লক্ষ্য বনোৱা উচিত। তদুপৰি আপুনি সময়ানুবৰ্তী হʼলে পুস্তক অধ্যয়নৰ অধ্যক্ষই সময়মতে অধ্যয়ন আৰম্ভ কৰিবলৈ সহায় লাভ কৰে।—১ কৰি. ১৪:৪০.
৩ উন্নতিসাধক মন্তব্য দিয়া: আপুনি সহায় কৰাৰ আন এটা পদ্ধতি হৈছে পুস্তক অধ্যয়নৰ বাবে ভালকৈ প্ৰস্তুত কৰা আৰু উন্নতিসাধক মন্তব্য দিয়া। সেই মন্তব্য সাধাৰণতে কেৱল এটা বিষয়ত মনোনিৱেশ আৰু উত্তম হোৱা আৱশ্যক। ইয়াৰ উপৰিও সেই মন্তব্যই আনক তেনেদৰে কৰিবলৈ উৎসাহিত কৰা প্ৰয়োজন। অনুচ্ছেদত থকা সকলোবোৰ বিষয়বস্তুৰ মন্তব্যত সন্মিলিত কৰা উচিত নহয়। যদি বিষয়বস্তুৰ কোনো এটা বিষয় আপোনাৰ হৃদয়স্পৰ্ষ কৰিছে তেনেহʼলে আলোচনাক অধিক আগ্ৰহী কৰি তুলিবলৈ নিজৰ বিচাৰধাৰা প্ৰকাশ কৰক।—১ পিত. ৪:১০.
৪ অধ্যয়নৰ সমূহত থকা ভাই-ভনীসকলৰ লাভৰ অৰ্থে যদি আপুনি পাঠ কৰিবলৈ বিশেষ সুবিধা পাইছে তেনেহʼলে কৰ্তব্যনিষ্ঠাৰে তাক পূৰণ কৰক। কিয়নো ভালকৈ কৰা পাঠে অধ্যয়নটোক সফল কৰাত এক উত্তম আৱদান আগবঢ়ায়।—১ তীম. ৪:১৩.
৫ সমূহীয়াকৈ কৰা সাক্ষী কাৰ্য্য: বহুতো পুস্তক অধ্যয়নৰ স্থানত প্ৰচাৰ কাৰ্য্যৰ বাবে সভা পৰিচালনা কৰা হয়, এতেকে আপুনি সেই ব্যৱস্থাক মূল্যাঙ্কন কৰিলে পুস্তক অধ্যয়ন অধ্যক্ষই প্ৰচাৰ কাৰ্য্যত আগভাগ লোৱাত সহায় লাভ কৰে। এই ব্যৱস্থাক আপুনি ভাই-ভনীসকলৰ কাষ চপা আৰু তেওঁলোকক উৎসাহিত কৰাৰ সুযোগৰূপে দৃষ্টি কৰা আৱশ্যক।
৬ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট: অধ্যক্ষক সহায় কৰাৰ আন এটা পথ হৈছে প্ৰত্যেক মাহৰ শেষত নিজৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট সময়মতে দিয়া। এই ৰিপৰ্ট আপুনি হয়তো পোনপটীয়াকৈ পুস্তক অধ্যয়ন অধ্যক্ষৰ হাতত অথবা ৰাজ্যগৃহৰ ৰিপৰ্ট বক্সত দিব পাৰে। পুস্তক অধ্যয়ন অধ্যক্ষসকলৰ পৰা সংগৃহত কৰা প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ মণ্ডলীৰ চেক্ৰেটাৰীয়ে এই বক্সটো ব্যৱহাৰ কৰে।
৭ আপোনাৰ মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষক কৰা সহায় কেতিয়াও অথলে নাযায়। ইয়াৰ উপৰিও আপুনি নিশ্চিত হʼব পাৰিব যে যিহোৱা অৱশ্যেই ‘আপোনাৰ আত্মাৰ লগত থাকিব।’—ফিলি. ৪:২৩.