ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০২ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • নবেম্বৰ ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • নবেম্বৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ডিচেম্বৰ ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০২ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

নবেম্বৰ ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৮৩

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ৮ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে পৃথকে দুটা উপস্থাপন প্ৰস্তুত কৰি প্ৰদৰ্শন কৰক যে কেনেকৈ নবেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণ সম্পৰ্কে দিয়া প্ৰথমটো উপস্থাপন ব্যৱহাৰ কৰক) আৰু নবেম্বৰ ২২ সচেতন! বিতৰণ কৰক। কোনো এটা উপস্থাপনত বৰ্ণনা কৰক যে কেনেকৈ আমাৰ বিশ্বব্যাপী কাৰ্য্যৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হয়।​—⁠প্ৰহৰীবুৰুজ ২ পৃষ্ঠা বা সচেতন! ৫ পৃষ্ঠাত চাওক।

১৫ মি: প্ৰাচীন আৰু বৰ্তমান সময়ত সত্য উপাসনাৰ সমৰ্থনকাৰীসকল। নবেম্বৰ ১, ২০০২ চনৰ প্ৰহৰীবুৰুজ আলোচনীখনৰ ২৬-৩০ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি এই ভাগটোক এজন প্ৰাচীনে ভাষণৰূপে প্ৰস্তুত কৰে।

২০ মি: “আপোনাৰ মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষক সহযোগ কৰক।”a মণ্ডলীৰ পুস্তক অধ্যয়ন পৰিচালনা কৰা এজন প্ৰাচীনে এই ভাগটোৰ পৰিচালনা কৰে। যেতিয়া ৩ অনুচ্ছেদটো আলোচনা কৰা হয় তেতিয়া যদি উপলব্ধ আছে, তেন্তে পৰিচৰ্য্যা স্কুল কিতাপৰ ৭০ পৃষ্ঠাত দিয়া মন্তব্যসমূহ অন্তৰ্ভূক্ত কৰক। মণ্ডলীৰ সদস্যসকলে পুস্তক অধ্যয়ন ব্যৱস্থাক সহযোগ কৰাৰ বাবে প্ৰশংসা কৰক আৰু তেওঁলোকে উন্নতি কৰিব লগা দিশবোৰৰ বিষয়ে প্ৰেমেৰে সোঁৱৰাই দিয়ক।

গীত ১১৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৭৮

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট। “পাঠ কৰাৰ উত্তম বিষয়বস্তু!” বক্সটোত দিয়া বিষয়বস্তুক আলোচনা কৰক।

১০ মি: প্ৰশ্ন বক্স। এজন উপযুক্ত প্ৰাচীনৰ দ্বাৰা ভাষণ।

২৫ মি: “পৰিয়ালৰ মুখিয়ালসকল, এক উত্তম আধ্যাত্মিক তালিকা বজাই ৰাখক।” ১-৩ অনুচ্ছেদৰ ওপৰত আধাৰিত কৰি এক চমু ভাষণ আৰু ৪-১৩ অনুচ্ছেদৰ বিষয়বস্তুসমূহ শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। যদি সময়ে অনুমতি দিয়ে তেনেহʼলে ৭, ৮, ১১ আৰু ১২ অনুচ্ছেদবোৰ পাঠ কৰক। এহাল বা দুহাল পিতৃ-মাতৃৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি এইদৰে সোধক: কিহে তেওঁলোকৰ পৰিয়ালত এক সুশৃংখলাবদ্ধ আধ্যাত্মিক তালিকা বজাই ৰখাত সহায় কৰিছে? তাৰ বাবে কেনেধৰণৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে? সেইবোৰ কেনেকৈ লাভজনক হৈছে? ১৪ অনুচ্ছেদৰ পৰা চমুকৈ মন্তব্য দি সমাপ্তি কৰক।

গীত ৩১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

নবেম্বৰ ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৬

১০ মি: স্থানীয় ঘোষণাসমূহ। প্ৰচাৰ ক্ষেত্ৰত একেলগে কাৰ্য্য কৰা এহাল দম্পতীয়ে ৮ পৃষ্ঠাত দিয়া নবেম্বৰ ১ প্ৰহৰীবুৰুজ (আলোচনী বিতৰণৰ তৃতীয়টো প্ৰস্তুতি) আৰু ডিচেম্বৰ ৮ সচেতন! আলোচনীখন বিতৰণ কৰাৰ এটা উপস্থাপন প্ৰস্তুত কৰে। স্বামীয়ে নবেম্বৰ ১ প্ৰহৰীবুৰুজ আৰু স্ত্ৰী গৰাকীয়ে ডিচেম্বৰ ৮ সচেতন! আলোচনীখন বিতৰণ কৰে।

১৫ মি: “সকলোকে যীচুৰ বিষয়ে থকা সত্যতাক জনোৱা।”b যদি উপলব্ধ আছে, তেনেহʼলে পৰিচৰ্য্যা স্কুল কিতাপখনৰ ২৭৮ পৃষ্ঠাত দিয়া মন্তব্যসমূহ সন্মিলিত কৰক। “এটা গুৰুত্বপূৰ্ণ কাৰ্য্যৰ বাবে আমাক সুসজ্জিত কৰি তুলা এখন স্কুল,” অহা সপ্তাহৰ সেৱা সভাত আলোচনা হʼবলগীয়া এই ভাগটোৰ বাবে সকলোকে পাঠ্যপুস্তকখন আনিবলৈ উৎসাহিত কৰক।

২০ মি: “‘পিতৃহীন সন্তানৰ’ প্ৰতি প্ৰেম প্ৰকাশ কৰা।” ইনচাইট্‌ খণ্ড ১, ৮১৬ পৃষ্ঠা, ১ অনুচ্ছদৰ ওপৰত আধাৰিত কৰি পিতৃহীন লʼৰা-ছোৱালীৰ প্ৰতি যিহোৱাৰ দৃষ্টিভঙ্গী কি এই বিষয়ে তিনি মিনিটৰ ভাষণৰ সৈতে এই ভাগটোৰ আৰম্ভণি কৰক। লেখটোত উল্লেখ কৰা সোঁৱৰণীবোৰক প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা বিবেচনা কৰক। আনক কিদৰে সহায় আৰু উৎসাহিত কৰিব পাৰি এই বিষয়ে থকা ব্যৱহাৰিক পদ্ধতিবোৰৰ বিষয়ে উল্লেখ কৰক। যেতিয়া ৩-৪ অনুচ্ছেদ আলোচনা কৰা হয় তেতিয়া অক্টোবৰ ৮, ১৯৯৫ চনৰ সচেতন! আলোচনীখনৰ ৮-৯ পৃষ্ঠাত দিয়া মন্তব্যসমূহক চমুকৈ বৰ্ণনা কৰক।

গীত ১৪২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ডিচেম্বৰ ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২১৩

৮ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে নবেম্বৰ মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। সৰ্বশ্ৰেষ্ঠ মানৱ কিতাপখন বিতৰণৰ বাবে চমুকৈ এটা উপস্থাপন প্ৰস্তুত কৰক।​—⁠জুন ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাত চাওক।

১২ মি: স্থানীয় আৱশ্যকতাসমূহ।

২৫ মি: “এটা গুৰুত্বপূৰ্ণ কাৰ্য্যৰ বাবে আমাক সুসজ্জিত কৰি তুলা এখন স্কুল।” এই ভাগটোক স্কুল অধ্যক্ষই শ্ৰোতাসকলৰ সৈতে প্ৰশ্ন-উত্তৰৰ দ্বাৰা আলোচনা কৰে। জানুৱাৰী মাহৰ পৰা আৰম্ভ হʼবলগীয়া নতুন স্কুলৰ কাৰ্য্যক্ৰমৰ বাবে সকলোকে উৎসাহিত কৰক। অক্টোবৰ ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত “২০০৩ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” দিয়া হৈছে। এই ঈশ্বৰশাসিত স্কুলৰ তালিকাখনৰ বৈশিষ্ট্যতাৰ প্ৰতি শ্ৰোতাসকলক মনোযোগ দিবলৈ আগ্ৰহ কৰক। স্কুলত ভাগ লʼব বিচাৰা ব্যক্তিসকলৰ আৱশ্যকতাৰ বিষয়ে পৰিচৰ্য্যা স্কুল পাঠ্যপুস্তকখনৰ ২৮২ পৃষ্ঠাত পৰিলেখ দিয়া হৈছে। যিসকলে এতিয়ালৈকে নিজৰ নাম ঈশ্বৰশাসিত স্কুলত অন্তৰ্ভূক্ত কৰা নাই আৰু যদি তেওঁলোক উপযুক্ত তেনেহʼলে তেওঁলোকক নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ উৎসাহিত কৰক।

গীত ১২৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক