সকলোকে যীচুৰ বিষয়ে থকা সত্যতাক জনোৱা
১ “যীচুৰ সাক্ষ্য ধাৰণ” কৰা কাৰ্য্য সম্পন্ন কৰিবলৈ অভিষিক্ত বৰ্গৰ সৈতে অন্য মেৰৰ সঙ্গীসকলে সহযোগ কৰিছে। (প্ৰকা. ১২:১৭) কেৱল এই কাৰ্য্যৰ দ্বাৰা পৰিত্ৰাণ সম্ভৱ হোৱাৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য্য।—যোহ. ১৭:৩; পাঁচ. ৪:১২.
২ ‘সেই বাট, সত্য আৰু জীৱন’: এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহ. ১৪:৬) একমাত্ৰ যীচু অৰ্থাৎ সেই ‘বাটৰ’ যোগেদিহে আমি ঈশ্বৰলৈ প্ৰাৰ্থনা আৰু তেওঁৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখিব পাৰোঁ। (যোহ. ১৫:১৬) যীচুৱেই যে সেই “সত্য”, এই বিষয়ে হিব্ৰু শাস্ত্ৰত থকা ভৱিষ্যতবাণী আৰু প্ৰতিচ্ছায়াই বাস্তৱিক প্ৰমাণ কৰিছে। (যোহ. ১:১৭; কল. ২:১৬, ১৭) দৰাচলতে সেই সত্য ভৱিষ্যতবাণীৰ মুখ্য অভিপ্ৰায় আছিল ঈশ্বৰৰ উদ্দেশ্যত বহন কৰা যীচুৰ প্ৰমুখ ভূমিকাক প্ৰকাশ কৰা। (প্ৰকা. ১৯:১০) ইয়াৰ উপৰিও যীচু হৈছে “জীৱন।” গতিকে অনন্তজীৱনৰ আশীৰ্ব্বাদ লাভ কৰিবলৈ হʼলে আমাৰ সকলোৱে তেওঁৰ মুক্তিপণ বলিদানত বিশ্বাস কৰি তাৰ অনুসাৰে চলা উচিত।—যোহ. ৩:১৬, ৩৬; ইব্ৰী ২:৯.
৩ মূৰস্বৰূপ আৰু আধিপত্য ৰজা: যিহোৱাই যীচুক প্ৰদান কৰা বৃহৎ প্ৰশাসনিক অধিকাৰক লোকসকলে নিশ্চয়ে জানি পোৱা উচিত। কিয়নো যীচুক ঈশ্বৰৰ ৰাজ্যৰ ৰজা নিযুক্তি কৰা হʼল—“লোকসমূহ সেইজনাৰ আজ্ঞাধীন হʼব।” (আদি. ৪৯:১০) ইয়াৰ উপৰিও যিহোৱাই তেওঁক সকলো মণ্ডলীৰ মূৰস্বৰূপে নিযুক্তি দিলে। (ইফি. ১:২২, ২৩) সেয়েহে আমি আমাৰ বাইবেল বিদ্যাৰ্থীসকলক বুজাত সহায় কৰা আৱশ্যক যে যীচুৱে কেনেকৈ মণ্ডলীক নিৰ্দ্দেশনা দিছে আৰু ‘উচিত সময়ত আধ্যাত্মিক আহাৰ’ প্ৰদান কৰিবলৈ কেনেকৈ তেওঁ “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গক ব্যৱহাৰ কৰিছে।—মথি ২৪:৪৫-৪৭.
৪ দয়ালু মহা-পুৰোহিত: যীচুৱে মানৱ ৰূপে যাতনা আৰু ক্লেশ ভুগাৰ পাছত “তেওঁ পৰীক্ষা পোৱাবিলাকৰ উপকাৰ কৰিবলৈ সমৰ্থ হৈছে।” (ইব্ৰী ২:১৭, ১৮) যীচুৱে অসিদ্ধ মানুহৰ দুৰ্ব্বলতাৰ প্ৰতি সহানুভূতি আৰু দয়াৰে তেওঁলোকক সমৰ্থন কৰাটো সঁচাকৈ আনন্দৰ বিষয় নহয়নে বাৰু! (ৰোমী. ৮:৩৪) বাস্তৱতে আমি যীচুৰ বলিদান আৰু মহা-পুৰোহিতৰূপে কৰা তেওঁৰ সেৱাৰ যোগেদি “সময়ৰ উপযুক্ত উপকাৰৰ অৰ্থে অনুগ্ৰহ পাবলৈ, সাহেৰে” যিহোৱাৰ “অনুগ্ৰহৰ সিংহাসনৰ” কাষ চাপিব পাৰিম।—ইব্ৰী ৪:১৫, ১৬.
৫ গতিকে আঁহক আমি যীচুৰ বিষয়ে থকা সত্যতাক আনক কৈ তেওঁলোকক আমাৰ সৈতে তেওঁৰ প্ৰতি আজ্ঞাকাৰী আৰু তেওঁক সেৱা কৰিবলৈ সকলো প্ৰকাৰে সহায় কৰোঁহঁক।—যোহ. ১৪:১৫, ২১.