ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০২ পৃষ্ঠা ৮
  • আপুনি সঠিককৈ প্ৰচাৰ কাৰ্য্যৰ ৰিপোৰ্ট দিয়েনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি সঠিককৈ প্ৰচাৰ কাৰ্য্যৰ ৰিপোৰ্ট দিয়েনে?
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপোনাৰ মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষক সহযোগ কৰক
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষসকলে কেনেকৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰিব পাৰে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি ৰাজ্যৰ বাৰ্ত্তাক নিয়মিতৰূপে ঘোষণা কৰেনে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০২ পৃষ্ঠা ৮

আপুনি সঠিককৈ প্ৰচাৰ কাৰ্য্যৰ ৰিপোৰ্ট দিয়েনে?

১ বহুতো বাইবেল বৃত্তান্তই কি ঘটিছিল এই বিষয়ে ভালকৈ বুজি পাবলৈ কিছুমান নিৰ্দ্দিষ্ট সংখ্যা উল্লেখ কৰিছে। উদাহৰণস্বৰূপে, গিদিয়োনে ৩০০ জন পুৰুষৰ দ্বাৰা মিদিয়নীয়াবিলাকৰ ওপৰত জয়লাভ কৰিছিল। (বিচা. ৭:⁠৭) যিহোৱাৰ স্বৰ্গদূতে ১,৮৫,০০০ জন অচূৰীয়া সৈন্যক বধ কৰিলে। (২ ৰাজা. ১৯:⁠৩৫) পেন্টাকোষ্ট ৩৩ চনত প্ৰায় ৩০০০ জনে বাপ্তিষ্মা লʼলে আৰু তাৰ ক্ষন্তেক পিছতেই বিশ্বাসীসকলৰ সংখ্যা প্ৰায় ৫০০০ জনলৈ বৃদ্ধি পালে। (পাঁচ. ২:⁠৪১; ৪:⁠৪) ইয়াৰ দ্বাৰা স্পষ্টকৈ এইটো প্ৰকাশ পাইছে যে প্ৰাচীন সময়ৰ ঈশ্বৰৰ সেৱকসকলে শুদ্ধ আৰু সম্পূৰ্ণকৈ সঠিকভাৱে সংখ্যা লিপিবদ্ধ কৰি ৰাখিবলৈ অধিক চেষ্টা কৰিলে।

২ বৰ্তমান সময়ত যিহোৱাৰ সংগঠনে প্ৰত্যেক মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ আমাক উপদেশ দিছে। আমি বিশ্বাসেৰে এই ব্যৱস্থাত কৰা সহযোগে সংগঠনক কাৰ্য্যকাৰীৰূপে প্ৰচাৰ কাৰ্য্যৰ ওপৰত মনোযোগ দিয়াত সহায় কৰে। ৰিপৰ্টে হয়তো পৰিচৰ্য্যা কাৰ্য্যৰ আৱশ্যকতা বা প্ৰচাৰ ক্ষেত্ৰত কিমানজন কৰ্ম্মীৰ আৱশ্যক তাৰ বিষয়ে প্ৰকাশ কৰে। মণ্ডলীত কৰা প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্টে প্ৰাচীনসকলক পৰিচৰ্য্যাত প্ৰকাশকসকলে কৰিব লগা বৃদ্ধি আৰু যিসকলক সহায়ৰ আৱশ্যক এই বিষয়ে বুজাত সহায় কৰে। ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্যত বৃদ্ধি হোৱা ৰিপৰ্টে সমুদায় খ্ৰীষ্টান ভ্ৰাতৃত্বসমাজক উৎসাহিত কৰি তুলে। আপুনি সঠিকভাৱে ৰিপৰ্ট দিয়া দায়িত্বক সম্পূৰ্ণ কৰিছেনে?

৩ আপোনাৰ ব্যক্তিগত দায়িত্ব: মাহটোৰ শেষত আপুনি পৰিচৰ্য্যা কাৰ্য্যত কি কৰিলে এই বিষয়ে মনত পেলোৱাটো আপোনাৰ বাবে কঠিন নে? যদি আপোনাৰ বাবে মনত পেলোৱাটো কঠিন তেনেহʼলে প্ৰত্যেক বাৰে প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ বিষয়ে কিয় লিপিবদ্ধ কৰি নাৰাখে? কিছুমানে কেলেণ্ডাৰ বা ডায়েৰীত লিপিবদ্ধ কৰি ৰাখে। আন কিছুমানে তেওঁলোকৰ সৈতে কোনো ৰিপৰ্ট নিলিখা প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট পত্ৰ লগত নিয়ে। মাহটোৰ শেষত আপুনি কোনো পলম নকৰাকৈ নিজৰ পুস্তক অধ্যয়ন অধ্যক্ষজনৰ হাতত আপোনাৰ ৰিপৰ্ট জমা দিয়ক। নতুবা যদি আপুনি বিচাৰে তেনেহʼলে ৰাজ্যগৃহত থকা ৰিপৰ্ট বক্সত আপোনাৰ ৰিপৰ্ট জমা দিব পাৰে। যদি আপুনি নিজৰ ৰিপৰ্ট দিবলৈ পাহৰি গʼল, তেন্তে কোনো পলম নকৰাকৈ আপোনাৰ পুস্তক অধ্যয়ন অধ্যক্ষক সাক্ষাৎ কৰি এই বিষয়ে জনাওক। নিষ্ঠাৱানেৰে কৰা ৰিপৰ্টে যিহোৱাৰ ব্যৱস্থাৰ প্ৰতি সন্মান আৰু সেই বিভাগত নিযুক্তি কৰা ভাইজনে সময়মতে ৰিপৰ্টবোৰ সংগ্ৰহ কৰাত সহায় কৰাৰ দ্বাৰা তেওঁৰ প্ৰতি প্ৰেম প্ৰকাশ কৰে।​—⁠লূক ১৬:⁠১০.

৪ পুস্তক অধ্যয়ন অধ্যক্ষৰ ভূমিকা: এজন সতৰ্ক আৰু মনোযোগী ৰখীয়া হিচাবে পুস্তক অধ্যয়ন অধ্যক্ষই নিজ গ্ৰুপত হোৱা কাৰ্য্যৰ প্ৰতি গোটেই মাহটো আগ্ৰহম্বিত হৈ থাকে। (হিতো. ২৭:⁠২৩) তেওঁ জানে যে প্ৰত্যেকজন প্ৰকাশকে নিয়মীয়া, অৰ্থপূৰ্ণ আৰু আনন্দিত হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লৈছেনে নতুবা কোনো প্ৰকাশকক সহায়ৰ আৱশ্যকনে অথবা কোনো প্ৰকাশকে গোটেই মাহটোত প্ৰচাৰ কাৰ্য্যত ভাগ লʼব পৰা নাইনে। তেওঁ প্ৰায়ে প্ৰকাশকসকলক উৎসাহিত কৰে, ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াই বা তেওঁৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ আমন্ত্ৰণ কৰে।

৫ মাহটোৰ শেষত পুস্তক অধ্যয়ন অধ্যক্ষই নিশ্চিত কৰে যে তেওঁৰ গ্ৰুপত থকা সকলোৱে যেন সঠিকভাৱে প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দি তেওঁলোকৰ দায়িত্ব পালন কৰে, যাতে মণ্ডলীৰ সচিবে পৰৱৰ্তী মাহৰ ছয় তাৰিখৰ লৈকে মণ্ডলীৰ সঠিক ৰিপৰ্ট শাখা কাৰ্য্যালয়লৈ পঠিয়াব পাৰে। গতিকে যেনেকৈ মাহৰ শেষ হয় মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষই তেওঁৰ গ্ৰুপৰ সকলোকে ৰিপৰ্ট দিবলৈ স্মৰণ কৰাই দিয়াটো উত্তম হʼব। তদুপৰি নিজৰ পুস্তক অধ্যয়ন স্থানত যথেষ্টমাত্ৰাত ৰিপৰ্ট ফৰ্ম উপলব্ধ ৰাখাটো আৱশ্যক। যদি কোনোবাই নিজৰ পৰিচৰ্য্যাৰ ৰিপৰ্ট দিবলৈ পাহৰি গৈছে তেতিয়া অধ্যক্ষজনে সঠিকভাৱে স্মৰণ কৰাই উৎসাহিত কৰিব।

৬ কোনো পলম নকৰাকৈ প্ৰচাৰ কাৰ্য্যত সম্পন্ন কৰাৰ বিষয়ে সঠিককৈ ৰিপৰ্ট দিয়াৰ দ্বাৰা আমি হিচাপ-নিকাচ কৰাত সহায় কৰোঁ। আপুনি প্ৰত্যেক মাহে পলম নকৰাকৈ ৰিপৰ্ট দি আপোনাৰ কৰ্তব্য পালন কৰিছেনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক